ETV Bharat / international

কেৰ্চ দলং আক্ৰমণক কিয়েভৰ সন্ত্ৰাসবাদী কাৰ্য আখ্যা পুটিনৰ

author img

By

Published : Oct 10, 2022, 7:27 AM IST

Russia
Russia

ৰাছিয়াৰ অনুসন্ধান সমিতিৰ অধ্যক্ষ আলেকজেণ্ডাৰ বাষ্ট্ৰিকিনৰ সৈতে এক বৈঠকত পুটিনে কয়, "ইয়াত কোনো সন্দেহ নাই যে এইটো ৰাছিয়ান ফেডাৰেচনৰ গুৰুত্বপূৰ্ণ অসামৰিক আন্তঃগাঁথনি ধ্বংসৰ বাবে কৰা এটা সন্ত্ৰাসবাদী কাৰ্য আছিল (Kerch Bridge attack) ।"

ইণ্টাৰনেচনেল ডেস্ক, ১০ অক্টোবৰ : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে (Russian President Vladimir Putin) দেওবাৰে ৰাছিয়াক ইয়াৰ সংযুক্ত অঞ্চল ক্ৰিমিয়াৰ সৈতে সংযোগ কৰা বিশাল দলংখন (Kerch Bridge attack) ক্ষতিগ্ৰস্ত কৰা আক্ৰমণটোক ইউক্ৰেইনৰ বিশেষ সেৱাৰ দ্বাৰা পৰিচালিত "এক সন্ত্ৰাসবাদী কাৰ্য" বুলি অভিহিত কৰে ।

ইউক্ৰেইনত হোৱা যুদ্ধত (war in Ukraine) ৰাছিয়াৰ বাবে গুৰুত্বপূৰ্ণ কৌশলগত আৰু সাংকেতিক মূল্য ধাৰণ কৰা কেৰ্চ দলংখনত এদিন পূৰ্বে বিস্ফোৰণ সংঘটিত হয় যাক মস্কোৱে ট্ৰাক বোমা বুলি অভিহিত কৰে । উল্লেখ্য, বিস্ফোৰণৰ পিছত উক্ত দলংখনৰ পথ আৰু ৰে'ল চলাচল অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে । যাৰ ফলত ক্ৰেমলিন বাহিনীৰ বাবে এক গুৰুত্বপূৰ্ণ যোগান পথ ক্ষতিগ্ৰস্ত হৈছে ।

ৰাছিয়াৰ অনুসন্ধান সমিতিৰ অধ্যক্ষ আলেকজেণ্ডাৰ বাষ্ট্ৰিকিনৰ সৈতে এক বৈঠকত পুটিনে কয়, "ইয়াত কোনো সন্দেহ নাই যে এইটো ৰাছিয়ান ফেডাৰেচনৰ (Russian Federation) গুৰুত্বপূৰ্ণ অসামৰিক আন্তঃগাঁথনি ধ্বংসৰ বাবে কৰা এটা সন্ত্ৰাসবাদী কাৰ্য আছিল । আৰু ইয়াৰ পৰিকল্পনাকাৰী, প্ৰস্তুতকাৰী আৰু যিসকলে ইয়াৰ আদেশ দিছিল তেওঁলোক হৈছে ইউক্ৰেইনৰ বিশেষ সেৱা বাহিনী ।"

বাষ্ট্ৰিকিনে কব যে ইউক্ৰেইনৰ বিশেষ সেৱা আৰু ৰাছিয়া আৰু অন্যান্য দেশৰ নাগৰিকে এই আক্ৰমণত অংশগ্ৰহণ কৰিছিল । তেওঁ কয় যে সন্ত্ৰাসবাদী কাৰ্যৰ বাবে এটা অপৰাধমূলক তদন্ত আৰম্ভ কৰা হৈছে । "আমি ইতিমধ্যে ট্ৰাকৰ পথটো স্থাপন কৰিছোঁ ।" তেওঁ কয় যে এই পথটো দক্ষিণ ৰাছিয়াৰ এটা অঞ্চল বুলগেৰিয়া, জৰ্জিয়া, আৰ্মেনিয়া, উত্তৰ অচেটিয়া আৰু ক্ৰাস্নোডাৰলৈ গৈছে । আনহাতে, কিয়েভত ৰাষ্ট্ৰপতিৰ পৰামৰ্শদাতা মিখাইল পোডোলিয়াকে পুটিনৰ অভিযোগক 'ৰাছিয়াৰ বাবেও অতি নিন্দনীয়' বুলি অভিহিত কৰিছে ।

"পুটিনে ইউক্ৰেইনৰ ওপৰত সন্ত্ৰাসবাদৰ অভিযোগ উত্থাপন কৰিছে ?" তেওঁ কয় । "ৰাছিয়াৰ বিমানসমূহে জাপোৰিজজিয়াৰ এটা আৱাসিক এলেকাত ১২ টা ৰকেট নিক্ষেপ কৰাৰ ২৪ ঘণ্টাও হোৱা নাই, যাৰ ফলত ১৩ জন লোক নিহত হৈছে আৰু ৫০ জনৰো অধিক লোক আহত হৈছে । নহয়, কেৱল এজন ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী আছে আৰু সমগ্ৰ বিশ্বই জানে যে তেওঁ কোন ।" পোডোলিয়াকে নিশাটোৰ ভিতৰতে জাপোৰিজজিয়া চহৰত মিছাইল আক্ৰমণৰ কথা উল্লেখ কৰি এনেদৰে কয় । উল্লেখ্য, এই আক্ৰমণথ এটা ডাঙৰ এপাৰ্টমেণ্টৰ কিছু অংশ তললৈ বহি গৈছে । আনহাতে, ইউক্ৰেইনৰ বায়ু সেনাই কয় যে এই ছয়টা মিছাইল জাপোৰিজজিয়া অঞ্চলৰ ৰাছিয়া অধিকৃত অঞ্চলৰ পৰা উৎক্ষেপণ কৰা হৈছিল ।

উল্লেখ্য, চলিত মাহত ৰাছিয়াই নিজৰ বুলি দাবী কৰা চাৰিটা স্থানৰ ভিতৰত এই অঞ্চলটো অন্যতম । অৱশ্যে ইয়াৰ একে নামৰ ৰাজধানী ইউক্ৰেইনৰ নিয়ন্ত্ৰণত আছে । ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ (Russia invading Ukraine) প্ৰায় আঠ মাহৰ পিছত কেইবাটাও বিফলতাৰ সন্মুখীন হৈছে । শেহতীয়া সপ্তাহবোৰত ইউক্ৰেইনৰ বাহিনীয়ে দক্ষিণ আৰু পূবৰ অঞ্চলসমূহ পুনৰ দখল কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আনহাতে, মস্কোৱে অধিক সৈন্য আহ্বান কৰাৰ সিদ্ধান্তৰ ফলত প্ৰতিবাদৰ সৃষ্টি হৈছে আৰু লাখ লাখ ৰাছিয়ানে ইয়াৰ বিৰোধিতা কৰিছে ।

লগতে পঢ়ক :কেৰ্চ দলঙত বিস্ফোৰণৰ পিছত আন্তঃগাঁথনিৰ নিৰাপত্তা কটকটীয়া কৰিলে পুটিনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.