ETV Bharat / international

কেৰ্চ দলঙত বিস্ফোৰণৰ পিছত আন্তঃগাঁথনিৰ নিৰাপত্তা কটকটীয়া কৰিলে পুটিনে

author img

By

Published : Oct 9, 2022, 7:35 AM IST

Putin tightens infrastructure security after blast on bridge
Putin tightens infrastructure security after blast on bridge

শনিবাৰে সংঘটিত হোৱা এক বিস্ফোৰণৰ ফলত ক্ৰিমিয়ান উপদ্বীপক ৰাছিয়াৰ সৈতে সংযোগ কৰা দলংখনৰ এটা অংশ ভাগি যোৱাৰ ফলত ক্ৰেমলিনৰ যুদ্ধ প্ৰচেষ্টাৰ বাবে এটা গুৰুত্বপূৰ্ণ সংযোগ প্ৰক্ৰিয়া ক্ষতিগ্ৰস্ত হয় (Bridge that link the Crimean Peninsula) ৷ তাৰ পিছতে পুটিনে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

নিউজ ডেস্ক, 9 অক্টোবৰ: শনিবাৰে সন্ধিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে (Russian President Vladimir Putin) কেৰ্চ দলং সন্দৰ্ভত ক্ৰিমিয়া আৰু ৰাছিয়াৰ মাজত শক্তিৰ আন্তঃগাঁথনিৰ নিৰাপত্তা কঠোৰ কৰাৰ বাবে এক নিৰ্দেশনাত স্বাক্ষৰ কৰে (Putin tightens infrastructure security)। ক্ৰেমলিনৰ এক বিবৃতিত কোৱা হৈছে যে, এই প্ৰচেষ্টাৰ দায়িত্বত ৰাছিয়াৰ ফেডাৰেল নিৰাপত্তা সেৱা এফ এছ বিক নিযুক্তি দিয়া হৈছে ।

শনিবাৰে সংঘটিত হোৱা এক বিস্ফোৰণৰ ফলত ক্ৰিমিয়ান উপদ্বীপক ৰাছিয়াৰ সৈতে সংযোগ কৰা দলংখনৰ এটা অংশ ভাগি যোৱাৰ ফলত ক্ৰেমলিনৰ যুদ্ধ প্ৰচেষ্টাৰ বাবে এটা গুৰুত্বপূৰ্ণ সংযোগ প্ৰক্ৰিয়া ক্ষতিগ্ৰস্ত হয় ৷ তাৰ পিছতে পুটিনে এই পদক্ষেপ গ্ৰহণ কৰিছে (Energy infrastructure between Crimea and Russia) ।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লডিমিৰ জেলেনস্কিয়ে এটা ভিডিঅ’যোগে ক্ৰিমিয়াৰ বতৰৰ কথা কৈ দলংখনত আক্ৰমণ সংঘটিত হোৱাটো পৰোক্ষভাৱে স্বীকাৰ কৰে যদিও ইয়াৰ কাৰণৰ বিষয়ে উল্লেখ কৰা নাই ।

কালি তেওঁৰ দেশৰ ভূখণ্ডত এটা ভাল আৰু বেছিভাগেই ৰ’দঘাই দিন আছিল বুলিও জেলেনস্কিয়ে কয় ৷ লগতে দুৰ্ভাগ্যজনকভাৱে ক্ৰিমিয়াত ডাৱৰীয়া আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে, ইউক্ৰেইনে সমগ্ৰ ভূখণ্ডত, বিশেষকৈ ক্ৰিমিয়াত দখলদাৰী অবিহনে ভৱিষ্যত বিচাৰে ৷

লগতে পঢ়ক: ইজৰাইলত ভাৰতীয়মূলৰ কিশোৰক হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.