ETV Bharat / bharat

ইজৰাইলত ভাৰতীয়মূলৰ কিশোৰক হত্যা

author img

By

Published : Oct 8, 2022, 10:36 AM IST

ইয়োল লেহিঙ্গাহেল নামৰ ভাৰতীয়মূলৰ কিশোৰজন জন্মদিনৰ এক অনুষ্ঠানত ছুৰিৰে আক্ৰমণ কৰাত নিহত হয় (Indian origin teen killed in Israel)। আৰক্ষীয়ে ইতিমধ্যে হত্যাৰ অভিযোগত ৮ গৰাকী কিশোৰক আটক কৰিছে । উত্তৰ-পূব ভাৰতৰ মণিপুৰ আৰু মিজোৰামৰ পৰা প্ৰায় দুটা দশক ধৰি ইজৰাইললৈ প্ৰব্ৰজন কৰি অহা বিনেই মেনাছে ইহুদী সম্প্ৰদায়ৰ আছিল লেহিঙ্গাহেল ।

Israel
ইজৰাইলত ভাৰতীয়মূলৰ কিশোৰক হত্যা

নেশ্যনেল ডেস্ক,৮ অক্টোবৰ : ইজৰাইলত হত্যাৰ বলি ভাৰতীয়মূলৰ এগৰাকী কিশোৰ (Indian origin teen killed)। জন্মদিনৰ এক অনুষ্ঠানত ছুৰিৰে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় কিশোৰজন । পৰৱৰ্তী সময়ত মৃত্যুমুখত পৰে ভাৰতীয়-ইহুদী অভিবাসী কিশোৰজন । জানিব পৰা মতে এই ঘটনা দেশখনৰ উত্তৰৰ কিৰিয়াত শ্মোনা চহৰৰ । ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ৮ গৰাকী কিশোৰক আটক কৰিছে (8 held for killing Indian origin teen)।

স্থানীয় সংবাদমাধ্যমৰ মতে প্ৰায় ১৮ বছৰীয়া ইয়োল লেহিঙ্গাহেলে এবছৰতকৈও কম সময়ৰ পূৰ্বে পৰিয়ালৰ সৈতে ইজৰাইলৰ উত্তৰ জিলাৰ নফ হাগালিল চহৰলৈ প্ৰব্ৰজন কৰিছিল (Indian Jewish community killed) । তেওঁ বিনেই মেনাছেৰ উত্তৰ-পূবৰ ভাৰতীয়-ইহুদী সম্প্ৰদায়ৰ আছিল (Bnei Menashe teen killed)। জানিব পৰা মতে ২০ জনতকৈও অধিক কিশোৰৰ সৈতে তেওঁ এটা জন্মদিনৰ অনুষ্ঠানত উপস্থিত আছিল । য'ত তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ।

সেই কাজিয়াৰ মাজতে ইয়োল লেহিঙ্গাহেলৰ ছুৰিৰে আক্ৰমণ কৰা হৈছিল । ঘটনাটোৰ পাছতে আৰক্ষীয়ে চাটজ'ৰ হাগলিলিট চহৰৰ এজন ১৫ বছৰীয়া স্থায়ী বাসিন্দাৰ সৈতে আন সাতজন কিশোৰক আটক কৰিছে ।

এটা ফেচবুক পোষ্টত নফ হাগালিলৰ মেয়ৰ ৰোনেন প্লটে কয় যে লেহিঙ্গাহেল এজন অতি নম্ৰ ল'ৰা আছিল যিয়ে আইডিএফ কম্বেট গোটত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল । কিন্তু হঠাৎ হোৱা এই হিংসাত্মক ঘটনাই তেওঁৰ সকলো ইচ্ছা শেষ কৰি দিলে । ঘটনাক লৈ তেওঁ মৰ্মাহত বুলিও উল্লেখ কৰে ।

উত্তৰ-পূব ভাৰতৰ মণিপুৰ আৰু মিজোৰামৰ পৰা প্ৰায় দুটা দশক ধৰি ইজৰাইললৈ প্ৰব্ৰজন কৰি অহা বিনেই মেনাছে ইহুদী সম্প্ৰদায়ৰ সদস্য আছিল লেহিঙ্গাহেল । শেহতীয়া বছৰবোৰত প্ৰায় ৩,০০০ বিনেই মেনাছে ইজৰাইললৈ প্ৰব্ৰজন কৰিছে আৰু আন ৭,০০০ গৰাকী ভাৰতত আছে । বিশ্বাস কৰা হয় যে তেওঁলোক বাইবেলৰ জনজাতি মানছেহৰ পৰা আহিছিল, যি হৈছে ২,৭০০ বছৰতকৈও অধিক আগতে ইজৰাইলৰ পৰা নিৰ্বাসিত হোৱা ১০ টা বিলুপ্তপ্ৰায় জনজাতিৰ ভিতৰত অন্যতম ।

লগতে পঢ়ক :মূৰত বন্দুক থৈ পাকিস্তান জিন্দাবাদ শ্লোগান দিবলৈ হিন্দু ছাত্ৰক হেঁচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.