ETV Bharat / international

মানৱ সৰবৰাহৰ অভিযোগত ফ্ৰান্সত তিনিদিনে আবদ্ধ বিমানখন যাবলৈ অনুমতি দিলে ফ্ৰান্স কৰ্তৃপক্ষই

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 8:26 AM IST

Plane Allowed to leave after three days
ফ্ৰান্সত তিনিদিনে বন্দী হৈ থকা বিমানখন যাবলৈ অনুমতি দিলে ফ্ৰান্স কৰ্তৃপক্ষই

তিনিদিনৰ পাচত ফ্ৰান্সত(French) বন্দী হৈ থকা নিকাৰাগুয়া(Nicaragua bound flight) অভিমুখী বিমানখনক যাবলৈ অনুমতি প্ৰদান কৰিছে পেৰিছ(Paris) কৰ্তৃপক্ষই ৷ বিমানখনত থকা 303 জন যাত্ৰীৰ ভিতৰত সৰহসংখ্যক যাত্ৰীয়ে ভাৰতীয় নাগৰিক ৷

ইন্টাৰনেশ্যনেল ডেস্ক, 25 ডিচেম্বৰ : প্ৰায় তিনিদিনৰ পাচত ফ্ৰান্সৰ পেৰিছৰ সমীপৰ এটা বিমান বন্দৰৰ পৰা যাবলৈ দিয়া হৈছে নিকাৰাগুয়া অভিমুখী এখন বিমান ৷ য’ত 303 জন যাত্ৰী আছিল ৷ সেই যাত্ৰীসকলৰ ভিতৰত বেছিভাগে আছিল ভাৰতীয় ৷

ফ্ৰান্সৰ স্থানীয় সংবাদমাধ্যত প্ৰকাশ পোৱা বাতৰি অনুসৰি, নিকাৰাগুয়া অভিমুখী বিমানখনত মানৱ সৰবৰাহ কৰাৰ সন্দেহত পেৰিছৰ ওচৰৰ বিমানবন্দৰত তিনিদিনকৈ আবদ্ধ কৰি ৰখা হৈছিল ৷ অৱশেষত সোমবাৰে যাত্ৰীবাহী বিমানখন যাবলৈ অনুমতি প্ৰদান কৰিছে পেৰিছ কৰ্তৃপক্ষই ৷

ফৰাচী সংবাদ প্ৰতিষ্ঠান বি এফ এম টি ভিয়ে জনোৱা অনুসৰি, বিমানখন পেৰিছ এৰিবলৈ ধৰোতে বিমানখনৰ উৰণত বাধা আৰোপ কৰিছিল ফৰাচী বিমান কৰ্তৃপক্ষই ৷ কিয়নো, পেৰিছৰ পৰা 150 কিঃমিৰ দূৰত থকা ভাট্ৰি বিমানবন্দৰত ফৰাচী কৰ্তৃপক্ষই কিছু যাত্ৰীক মানৱ সৰবৰাহকাৰী বুলি সন্দেহ কৰিছিল ৷ সেয়ে মানৱ সৰবৰাহৰ সন্দেহত পেৰিছৰ অভিযোজক কাৰ্যালয়ৰ তৰফৰ পৰা তদন্ত আৰম্ভ কৰিছিল ৷

ফৰাচী সংবাদ মাধ্যমৰ মতে, বিমানখনত থকা কিছু যাত্ৰীয়ে হিন্দী আৰু তামিল ভাষাত কথা পাতিছিল আৰু তেওঁলোকে টেলিফোনযোগে তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল ৷ ফৰাচী অধিবক্তাসকলৰ মতে, শুক্ৰবাৰৰ পৰা বিমানখনত 11 জন কিশোৰ আৰু দুজন যাত্ৰী আৰক্ষীৰ জিম্মাত আছে ৷ শনিবাৰে সন্ধিয়া তেওঁলোকক 48 ঘণ্টালৈকে বন্দী কৰি জেৰা কৰা হৈছিল ।

বিমানখন ৰোমানিয়ান চাৰ্টাৰ কোম্পানী লেজেণ্ড এয়াৰলাইনছৰ মালিকানাধীন । প্ৰতিষ্ঠানটোৰ এগৰাকী অধিবক্তা লিলিয়ানা বাকায়োকোৱে উল্লেখ কৰা অনুসৰি, বিমানখনে মানৱ সৰবৰাহৰ সৈতে কোনো ধৰণে জড়িত নাই ৷ কাৰণ বিমানখনৰ প্ৰতিজন যাত্ৰীৰ পৰিচয়পত্ৰ পৰীক্ষা কৰা হৈছিল ৷ বিমানখন এৰা 48 ঘণ্টাৰ পূৰ্বে যাত্ৰীসকলৰ পাছপোৰ্টৰ তথ্য এয়াৰলাইনক অৱগত কৰা হৈছিল বুলি উল্লেখ কৰে বাকায়োকোৱে ৷

লগতে পঢ়ক : মানৱ সৰবৰাহৰ অভিযোগত ফ্ৰান্সত বিমান জব্দ, ভাৰতীয় যাত্ৰীক সহায়ৰ আশ্বাস দূতাবাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.