ETV Bharat / bharat

মানৱ সৰবৰাহৰ অভিযোগত ফ্ৰান্সত বিমান জব্দ, ভাৰতীয় যাত্ৰীক সহায়ৰ আশ্বাস দূতাবাসৰ

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 4:38 PM IST

Indian mission in France
ফ্ৰান্সত বিমান জব্দ, ভাৰতীয় যাত্ৰীক সহায়ৰ আশ্বাস দূতাবাসৰ

ডুবাইৰ পৰা নিকাৰাগুয়া অভিমুখে যাত্ৰা কৰা এখন বিমান ফ্ৰান্সত জব্দ কৰা হয় । বিমানখনত থকা বেছিসংখ্যকে ভাৰতীয়মূলৰ নাগৰিক । ভাৰতীয় নাগৰিকসকলক সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি দিছে ফ্ৰান্সৰ ভাৰতীয় দূতাবাসে ।

নেশ্যনেল ডেস্ক,২৩ ডিচেম্বৰ : মানৱ সৰবৰাহৰ অভিযোগত ইতিমধ্যে ফ্ৰান্সত জব্দ কৰা নিকাৰাগুয়া অভিমুখী বিমানখন সম্পৰ্কে ভাৰতীয় দূতাবাসে বিশেষ ঘোষণা কৰিছে । বিমানখনত থকা ভাৰতীয় লোকসকলক সকলো সুবিধা প্ৰদানৰ আশ্বাস প্ৰদান কৰিছে ফ্ৰান্সত থকা ভাৰতীয় দূতাবাসে ।

ফ্ৰান্সৰ ভাৰতীয় দূতাবাসে এক্সৰ এটা পোষ্টত কৈছে যে ফৰাচী কৰ্তৃপক্ষই তেওঁলোকক জনাইছে যে ডুবাইৰ পৰা নিকাৰাগুয়ালৈ যোৱা এখন বিমানে ফ্ৰান্সৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে বিমানখন জব্দ কৰা হৈছে । বিমানখনত ৩০৩ গৰাকী যাত্ৰী আছিল । তাৰ বেছিসংখ্যকে ভাৰতীয় মূলৰ আছিল । পোষ্টটোত লগতে উল্লেখ কৰিছে যে দূতাবাসৰ দলটো উপস্থিত হৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । ইফালে দূতাবাসে পৰিস্থিতিৰ প্ৰতি লক্ষ্য যাত্ৰীসকলৰ সা-সুবিধাৰ ব্যৱস্থা কৰিছে আৰু বিষয়টোক লৈ অনুসন্ধান আৰম্ভ কৰিছে ।

সূত্ৰৰ মতে ৩০০ তকৈও অধিক ভাৰতীয় যাত্ৰীৰ সৈতে নিকাৰাগুয়া অভিমুখী বিমানখন মানৱ সৰবৰাহৰ সন্দেহত ফ্ৰান্সত অৱতৰণ কৰোৱা হৈছে । পেৰিছ কৰ্তৃপক্ষৰ মতে, বৃহস্পতিবাৰে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বিমানখন জব্দ কৰা হৈছে । ইফালে শুকুৰবাৰে পূব মাৰ্নে অঞ্চলৰ স্থানীয় বিষয়াসকলে কয় যে ভ্ৰমণৰ চৰ্ত আৰু উদ্দেশ্যৰ ওপৰত ন্যায়িক তদন্ত আৰম্ভ কৰা হৈছে ।

ফ্ৰান্সৰ সংবাদ মাধ্যমৰ মতে বিভাগীয় কৰ্তৃপক্ষই মানৱ সৰবৰাহৰ সন্দেহৰ ওপৰত তদন্ত কৰি আছে । ৰোমানিয়ান চাৰ্টাৰ কোম্পানীৰ বিমানখন সংযুক্ত আৰৱ আমিৰশ্বাহীৰ ডুবাইৰ পৰা উৰা মাৰিছিল আৰু ভেট্ৰি বিমানবন্দৰত অৱতৰণ কৰিছিল । যিটো বিমানবন্দৰ এক কাৰিকৰী ষ্টপ অভাৰ আছিল । সেই সময়তে ফ্ৰান্স কৰ্তৃপক্ষই মানৱ সৰবৰাহৰ অভিযোগত বিমানখন জব্দ কৰে ।

লগতে পঢ়ক :মানৱ সৰবৰাহৰ অভিযোগত ভাৰতীয় যাত্ৰীৰে ভৰা বিমান অৱতৰণ কৰালে ফ্ৰান্সে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.