ETV Bharat / international

মানৱ সৰবৰাহৰ অভিযোগত ভাৰতীয় যাত্ৰীৰে ভৰা বিমান অৱতৰণ কৰালে ফ্ৰান্সে

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 10:35 PM IST

Grounds plane in France filled with 303 Indians
মানৱ সৰবৰাহৰ অভিযোগ

Human trafficking: মানৱ সৰবৰাহৰ অভিযোগত 300 ৰো অধিক ভাৰতীয়ক কঢ়িয়াই অনা বিমান অৱতৰণ কৰালে ফ্ৰান্সে ৷ সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা উৰা মাৰিছিল বিমানখনে ৷

ইন্টাৰনেশ্যনেল ডেস্ক, 22 ডিচেম্বৰ : শুকুৰবাৰে ফ্ৰান্সে 300 ৰো অধিক ভাৰতীয় যাত্ৰী কঢ়িয়াই নিয়া, নিকাৰাগুয়া অভিমুখী এখন বিমান “মানৱ সৰবৰাহৰ”ৰ সন্দেহত অৱতৰণ কৰালে ৷ পেৰিছৰ চৰকাৰী অভিযোজকৰ কাৰ্যালয়ে এএফপিক জনোৱা মতে, বৃহস্পতিবাৰে গোপনে লাভ কৰা তথ্যৰ ভিত্তিত যাত্ৰী কঢ়িয়াই অনা বিমানখনক “মানৱ সৰবৰাহৰ সম্ভাৱনা” বাবে জব্দ কৰা হয় ৷ সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা উৰা মাৰিছিল বিমানখনে ৷

অভিযোজক সকলে নিশ্চিত কৰিছে যে ৰাষ্ট্ৰীয় সংগঠিত অপৰাধ বিৰোধী ইউনিট জুনালকোৱে (JUNALCO) এই ঘটনাৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে ৷ মাৰ্নেৰ উত্তৰ-পূব বিভাগৰ প্ৰিফেকচাৰে কয় যে ৰোমানিয়াৰ কোম্পানী লিজেণ্ড এয়াৰলাইন্স পৰিচালিত A 340 বিমানখন অৱতৰণ কৰাৰ পিছত ভাট্ৰি বিমানবন্দৰৰ টাৰ্মাকত ৰখা হয় ৷

বিমানখনত ইন্ধন ভৰোৱাৰ কথা আছিল আৰু ইয়াত 303 জন ভাৰতীয় নাগৰিক আছিল বুলি জানিব পৰা গৈছে ৷

প্ৰেফেক্টৰ কাৰ্যালয়ে জনোৱা মতে, যাত্ৰীসকলক ৰখাৰ বাবে অনুকূল পৰিস্থিতি নিশ্চিত কৰিবলৈ ভাট্ৰি বিমানবন্দৰৰ ৰিচেপচন এৰিয়াটো পৃথক পৃথক বিচনাৰে সজ্জিত বিশ্ৰাম কক্ষলৈ ৰূপান্তৰিত কৰা হৈছে ৷

পেৰিছৰ চৰকাৰী অভিযোজন কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি সংগঠিত অপৰাধৰ ওপৰত গুৰুত্ব আৰোপ কৰা এটা বিশেষ ইউনিটে মানৱ সৰবৰাহৰ সম্ভাৱ্য সন্দেহৰ তদন্ত কৰি আছে ৷ এই গোচৰৰ সৈতে জড়িত দুজন ব্যক্তিক জেৰাৰ বাবে জিম্মাত লোৱা হৈছে বুলি জানিব পৰা গৈছে ৷

ৰোমানিয়াৰ চাৰ্টাৰ কোম্পানীটোৱে চলোৱা এই বিমানখন সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা ৰাওনা হৈছিল। আৰক্ষীৰ হস্তক্ষেপত ই কাৰিকৰী ষ্টপ অভাৰৰ বাবে তুলনামূলকভাৱে সৰু ভাট্ৰি বিমানবন্দৰত অৱতৰণ কৰে ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ অভিযান নিষ্ক্ৰিয় কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.