ETV Bharat / international

Explosions in Swat Pakistan : স্বাতৰ সন্ত্ৰাসবাদ বিৰোধী কাৰ্যালয়ত বিস্ফোৰণত নিহত ১২ আৰক্ষী, আহত ৪০

author img

By

Published : Apr 25, 2023, 12:06 PM IST

Explosions in Swat Pakistan
পাকিস্তানত সংঘটিত দুটাকৈ বিস্ফোৰণ

পাকিস্তানত সংঘটিত দুটাকৈ বিস্ফোৰণৰ ১২ আৰক্ষী নিহত হৈছে । লগতে আন ৪০ গৰাকীৰো অধিক আহত হয় । সোমবাৰে স্বাত প্ৰদেশৰ এটি সন্ত্ৰাসবাদ-বিৰোধী কাৰ্যালয়ত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয় (blasts at counterterrorism office in Swat Pakistan) । অৱশ্যে এই বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ।

ইণ্টাৰনেচনেল ডেস্ক, ২৫ এপ্ৰিল : পুনৰ দুটাকৈ বিস্ফোৰণে সোমবাৰে কঁপাই তোলে উত্তৰ-পশ্চিম পাকিস্তানৰ এটা সন্ত্ৰাসবাদ-বিৰোধী কাৰ্যালয় (blasts at counterterrorism office in Swat Pakistan) । সন্ত্ৰাসবাদত বিধ্বস্ত পাকিস্তানৰ স্বাতৰ কাবালত এই বিস্ফোৰণ সংঘটিত হয় । এই বিস্ফোৰণৰ ফলত কমেও ১২ জন আৰক্ষী নিহত হোৱাৰ লগতে আন ৪০ জনৰো অধিক লোক আহত হয় (12 policemen killed in Swat Pakistan) । পাক সংবাদ মাধ্যম জিঅ' নিউজৰ সূত্ৰত এই তথ্য প্ৰকাশ ।

আনহাতে, খাইবাৰ পাখতুনখোৱাৰ আৰক্ষী মহাপৰিদৰ্শক (Khyber Pakhtunkhwa IGP) আখটাৰ হায়াত খানে কয় যে বিস্ফোৰণৰ পিচত সমগ্ৰ প্ৰদেশখনত নিৰাপত্তা বিষয়াসকলক হাই এলাৰ্ট কৰা হৈছে । ইফালে সন্ত্ৰাসবাদ-বিৰোধী বিভাগৰ (Counter Terrorism Department, CTD) ডিআইজি খালিদ চোহেইলে জিঅ' নিউজৰ আগত প্ৰকাশ কৰা মতে, এই বিস্ফোৰণটো 'আত্মঘাতী আক্ৰমণ নহয়' । "আৰক্ষী থানাত কোনো আক্ৰমণ বা গুলীচালনাৰ ঘটনা হোৱা নাছিল । বিস্ফোৰণটো এনে এঠাইত সংঘটিত হৈছিল য'ত গোলাবাৰুদ আৰু মৰ্টাৰ শ্বেল সংৰক্ষণ কৰা হৈছিল ।" তেওঁ লগতে কয় যে বিস্ফোৰণৰ কাৰণ অৱহেলাৰ বাবেই হওক বা অন্য কিবা, তাৰ অনুসন্ধান কৰা হৈছে ।

বোমা নিষ্কাশনকাৰী দলসমূহেও ইয়াৰ তদন্ত চলাই থকা বুলি তেওঁ লগতে কয় । চোহেইলে ইয়াৰ পূৰ্বে উল্লেখ কৰিছিল যে কাৰ্যালয়টোত দুটা বিস্ফোৰণ সংঘটিত হৈছে । বিস্ফোৰণৰ ফলত খহি পৰা অট্টালিকাটো পুৰণি আছিল । আনহাতে, বেছিভাগ কাৰ্যালয় আৰু কৰ্মচাৰী নতুন অট্টালিকাটোত থকা বুলি জিঅ' নিউজত প্ৰকাশ । ইফালে প্ৰাদেশিক স্বাস্থ্য বিভাগে স্বাতৰ চিকিৎসালয়সমূহত জৰুৰীকালীন অৱস্থা জাৰি কৰিছে ।

প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে (Pak Prime Minister Shehbaz Sharif) উক্ত বিস্ফোৰণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে । তেওঁ প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে । তেওঁ লগতে কৰ্তৃপক্ষক ঘটনা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া বুলিও ৰেডিঅ' পাকিস্তানৰ সূত্ৰত প্ৰকাশ ।

আনহাতে, পাকিস্তানৰ আভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহেও এই বিস্ফোৰণক গৰিহণা দিয়ে আৰু অকালতে প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে দুখ প্ৰকাশ কৰে । লগতে তেওঁ দৃঢ়তা প্ৰকাশ কৰি কয়, "সন্ত্ৰাসবাদৰ এই দুৰ্যোগ শীঘ্ৰেই উৎখাত কৰা হ'ব’’ । বৃহৎ আৰক্ষী ঘাটিত সংঘটিত এই দুটা আক্ৰমণৰ সৈতে তেহৰিক-ই-তালিবান পাকিস্তান (Tehreek e Taliban Pakistan, TTP) নামে জনাজাত পাকিস্তানী তালিবানৰ কিবা সম্পৰ্ক আছে নেকি সেয়াও তদন্ত কৰা হৈছে ।

উল্লেখ্য যে, বিগত জানুৱাৰী মাহত এজন আত্মঘাতী বোমাৰুৱে উত্তৰ-পশ্চিম চহৰ পেছোৱাৰৰ এক আৰক্ষী চৌহদৰ ভিতৰত থকা এটা মছজিদত বিস্ফোৰণ ঘটাইছিল । এই বিস্ফোৰণৰ যাৰ ফলত অট্টালিকাটো খহি পৰাত ৮০ জনৰো অধিক বিষয়া নিহত হয় আৰু নামাজ পঢ়ি থকা লোকসকলৰ ওপৰতে মছজিদটোৰ ধ্বংসস্তূপ খহি পৰা বুলি আল জাজিৰাৰ সূত্ৰত প্ৰকাশ ।

তাৰ পৰৱৰ্তী মাহত দক্ষিণৰ বন্দৰ চহৰ কৰাচীৰ আন এক আৰক্ষী চৌহদত টিটিপিৰ আত্মঘাতী দল এটাৰ আক্ৰমণত পাঁচজন নিহত হোৱাৰ লগতে এঘণ্টা ধৰি গুলীয়াগুলী চলে । উল্লেখ্য যে, তালিবানে আফগানিস্তানৰ নিয়ন্ত্ৰণ নিজৰ দখললৈ নিয়াৰ পিচৰে পৰা পাকিস্তানৰ সীমান্ত অঞ্চলত এনেধৰণৰ আক্ৰমণৰ ঘটনা নাটকীয়ভাৱে বৃদ্ধি পাইছে ।

আনহাতে, আল জাজিৰাই প্ৰকাশ কৰা মতে, ইছলামাবাদে কৈছে যে আফগান ভূমিৰ পৰা এই আক্ৰমণ আৰম্ভ কৰা হৈছে । লগতে উল্লেখনীয় কথাটো হৈছে যে বিগত বৰ্ষৰ নৱেম্বৰত টিটিপি আৰু ইছলামাবাদৰ মাজত ছয় মাহৰ যুদ্ধ বিৰতি বিফল হোৱাৰ পিচৰে পৰা পাকিস্তানত সন্ত্ৰাসবাদী আক্ৰমণ বৃদ্ধি পাইছে ।

লগতে পঢ়ক : Sudan Crisis: আভ্যন্তৰীণ সংঘাতত জৰ্জৰ ছুডানত নিহতৰ সংখ্যা বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.