ETV Bharat / international

Sudan Crisis: আভ্যন্তৰীণ সংঘাতত জৰ্জৰ ছুডানত নিহতৰ সংখ্যা বৃদ্ধি

author img

By

Published : Apr 24, 2023, 10:15 AM IST

ছু়ডানত সংঘৰ্ষৰ ফলত আটাইতকৈ বেছি প্ৰভাৱিত হৈছে শিশুসকল (Children in Sudan affected)। ৯ টা শিশুৰ মৃত্য়ু হোৱাৰ লগতে ৫০ ৰো অধিক শিশু আহত । খাদ্য, চিকিৎসা আদিৰ পৰা বঞ্চিত হৈছে শিশুসকল । ইউনিচেফৰ উদ্বেগ প্ৰকাশ ।

Sudan Crisis
ছুডানত নিহতৰ সংখ্যা বৃদ্ধি

ইণ্টাৰনেশ্যনেল ডেস্ক,২৪ এপ্ৰিল : বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা মতে ছুডানৰ সংঘৰ্ষত এতিয়ালৈ প্ৰায় ৪১৩ গৰাকী লোকৰ মৃত্যু হৈছে (Sudan Conflict)। ৰাষ্ট্ৰসংঘৰ শিশু সংস্থাবোৰৰ মতে এই সংঘৰ্ষৰ ফলত শিশুসকল যথেষ্ট পৰিমাণে প্ৰভাৱিত হৈছে । এই সংঘৰ্ষত ৫০ তকৈও অধিক শিশু গুৰুতৰভাৱে আহত হোৱাৰ লগতে বহুতো শিশুৰ মৃত্যু হৈছে । বিশ্ব স্বাস্থ্য সংস্থাৰ মুখপাত্ৰ মাৰ্গাৰেট হেৰিছে কয় যে ছুডানৰ চৰকাৰী পৰিসংখ্যা অনুসৰি এই সংঘৰ্ষত ৪১৩ জন লোকৰ মৃত্যু হৈছে আৰু ৩,৫৫১ জন লোক আহত হৈছে (Death Toll Rise in Sudan)।

এই সংঘৰ্ষ আচলতে ক্ষমতাৰ বাবেই সংঘটিত হৈছে । সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ মাজত ক্ষমতাৰ যুঁজখন এতিয়াও অব্যাহত আছে (WHO on Sudan clash)। দুয়ো পক্ষই ইটোৱে সিটোৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব বিচাৰে । মাৰ্গাৰেট হেৰিছৰ মতে ১৫ এপ্ৰিলৰ পৰা ১১ টা স্বাস্থ্য কেন্দ্ৰত আক্ৰমণ কৰা হৈছে (Attack in health center in Sudan)। ছুডান চৰকাৰৰ মতে, ২০ টা স্বাস্থ্য কেন্দ্ৰৰ সেৱা বন্ধ কৰি দিয়া হৈছে । একে সময়তে, আন ১২ টা স্বাস্থ্য সেৱা কেন্দ্ৰও বন্ধ হোৱাৰ পথত আছে ।

সংবাদমেলত ইউনিচেফৰ মুখপাত্ৰ জেমছ এল্ডাৰে কয় যে এই সংঘৰ্ষই শিশুসকলৰ ওপৰত এক ধ্বংসাত্মক প্ৰভাৱ পেলাইছে (UNICEF expresses concern over Sudan clash)। এতিয়ালৈ ইউনিচেফৰ হাতত পৰা তথ্য অনুসৰি প্ৰায় ৯ টা শিশু নিহত হোৱাৰ লগতে ৫০ৰো অধিক শিশু আহত হৈছে । যেতিয়ালৈকে এই সংঘৰ্ষ অব্যাহত থাকিব, এই সংখ্যা বাঢ়ি গৈ থাকিব বুলিও উদ্বেগ প্ৰকাশ কৰে এল্ডাৰে ।

তেওঁ উল্লেখ কৰা মতে বহু লোক এতিয়াও আৱদ্ধ হৈ আছে আৰু বিদ্যুতৰ সুবিধাও সম্প্ৰতি নাই । লোকসকলে খাদ্য, পানী আৰু ঔষধৰ বাবে বাহিৰলৈ ওলাই যাবলৈ ভয় কৰিছে । তেওঁ কয় যে আটাইতকৈ বেছি উদ্বেগৰ কথাটো হ'ল যে চিকিৎসালয়বোৰত হোৱা আক্ৰমণ (Children in Sudan affected due to conflict)।

এল্ডাৰে লগতে কয় যে ছুডানত পূৰ্বৰে পৰা শিশুসকলৰ মাজত বিশ্বৰ সৰ্বাধিক পুষ্টিহীনতাৰ হাৰ আছে । এনে এক পৰিস্থিতিত প্ৰায় ৫০,০০০ শিশুৰ জীৱন বিপদাশংকাত আছে । এল্ডাৰে কয় যে এই সংঘৰ্ষৰ ফলত বিদ্যুৎ সেৱা বন্ধ আৰু ইন্ধনৰ প্ৰয়োগত বাধা অহাৰ বাবে ছুডানত শীতলীকৰণৰ প্ৰতিও ভাবুকি সৃষ্টি কৰিছে । কিয়নো হাস্পতালবোৰত ৪০ নিযুত আমেৰিকান ডলাৰৰ অধিক মূল্যৰ ভেকছিন আৰু ইনচুলিন এতিয়াও আছে ।

ইউনিচেফৰ হাতত থকা তথ্য অনুসৰি শিশুসকলে বিদ্যালয় আৰু কেয়াৰ চেণ্টাৰত আশ্ৰয় লৈছে । একে সময়তে, সংঘৰ্ষ অব্যাহত থকাৰ বাবে শিশুসকলক চিকিৎসালয়বোৰৰ পৰা স্থানান্তৰিত কৰিবলৈও বাধ্য হৈছে । এল্ডাৰে কয় যে ছুডানত সংঘৰ্ষ বৃদ্ধি হোৱাৰ পূৰ্বে শিশুসকলৰ মানৱীয় প্ৰয়োজনীয়তা যথেষ্ট বেছি আছিল, তিনি-চতুৰ্থাংশ শিশু অত্যাধিক দৰিদ্ৰতাত বাস কৰে বুলি অনুমান কৰা হৈছে ।

একে সময়তে, ১১.৫ নিযুত শিশু আৰু সম্প্ৰদায়ৰ সদস্যক জৰুৰীকালীন পানী আৰু অনাময় সেৱাৰ প্ৰয়োজন, ৭ নিযুত শিশু শিক্ষাৰ পৰা বঞ্চিত আছিল আৰু ৬০,০০,০০০ ৰো অধিক শিশু তীব্ৰ পুষ্টিহীনতাত ভুগি আছিল ।

লগতে পঢ়ক :Stampede in Yemen: য়েমেনৰ ৰাজধানীত পদপিষ্টৰ ঘটনাত নিহত ৮৫, আহত ৩২২

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.