ETV Bharat / international

UN Report on Palestinian Economy : পেলেষ্টাইনী অৰ্থনীতিৰ ভয়াৱহ অৱক্ষয়; ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত প্ৰকাশ

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 1:06 PM IST

ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী আৰু পশ্চিম এছিয়াৰ বাবে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক আয়োগে বৃহস্পতিবাৰে প্ৰকাশ কৰিছে গাজা যুদ্ধৰ অৰ্থনৈতিক পৰিণামৰ তথ্য । ৰাষ্ট্ৰসংঘৰ প্ৰথম প্ৰতিবেদনত বিশেষকৈ পেলেষ্টাইনীসকলৰ ওপৰত সংঘটিত যুদ্ধৰ বিধ্বংসী প্ৰভাৱ প্ৰকাশ কৰিছিল । গাজাত হামাছ পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰিছে যে এতিয়ালৈকে ৪,৪০০-তকৈও অধিক শিশুসহ ১০,৮১৮ গৰাকী পেলেষ্টাইনী নিহত হৈছে ।

পেলেষ্টাইনী অৰ্থনীতিৰ ভয়াৱহ অৱক্ষয়; ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত প্ৰকাশ
UN Report on Palestinian Economy

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ নৱেম্বৰ : হামাছৰ সৈতে ইজৰাইলৰ সংঘাত আৰু পৰৱৰ্তী সময়ত ইজৰাইলৰ পেলেষ্টাইনৰ ওপৰত আক্ৰমণৰ ভয়ংকৰ পৰিণামৰ তথ্য পোহৰলৈ আহিছে । ৰাষ্ট্ৰসংঘৰ এক নতুন প্ৰতিবেদনে এমাহ ধৰি চলা যুদ্ধৰ পিছত বিধ্বস্ত পেলেষ্টাইনী অৰ্থনীতি আৰু ইজৰাইলে গাজাৰ ওপৰত কৰা প্ৰায় সম্পূৰ্ণ অৱৰোধৰ এক স্পষ্ট ছবি প্ৰকাশ কৰিছে । যুদ্ধৰ প্ৰথম মাহত পশ্চিম তীৰ আৰু গাজাত মুঠ ঘৰুৱা উৎপাদন ৪% হ্ৰাস পাইছে । যাৰ ফলত ৪,০০০০০-ৰো অধিক লোক দৰিদ্ৰতালৈ অৱনমিত হৈছে । এই ছবি চিৰিয়া আৰু ইউক্ৰেইন সংঘৰ্ষ বা পূৰ্বৰ যিকোনো ইজৰাইল-হামাছ যুদ্ধত নেদেখা এক অৰ্থনৈতিক প্ৰভাৱ হিচাপে ৰাষ্ট্ৰসংঘই বৰ্ণনা কৰিছে ।

উল্লেখ্য যে গাজাৰ শাসনাধিষ্ঠিত হামাছে ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত আকস্মিক আক্ৰমণ চলাই ১,৪০০-ৰো অধিক লোকক হত্যা কৰে । ইয়াৰে ভিতৰত মুখ্যত আছিল সাধাৰণ লোক । আনহাতে, প্ৰায় ২৪০ জন লোকক অপহৰণ কৰি পণবন্দী কৰে । ইয়াৰ পৰৱৰ্তী সময়ত গাজাৰ ২.৩ নিযুত জনসংখ্যাৰ দুই-তৃতীয়াংশতকৈও অধিক লোকৰ ওপৰত ইজৰাইলে কেইবা সপ্তাহ ধৰি তীব্ৰ বিমান আক্ৰমণ আৰম্ভ কৰে । তাৰ পিছত আৰম্ভ হয় স্থল অভিযান ।

স্থল অভিযান আৰম্ভ কৰাৰ পূৰ্বে হামাছক ধ্বংস কৰাৰ লক্ষ্য লোৱা ইজৰাইলী সেনাই পেলেষ্টাইনী সাধাৰণ নাগৰিকক গাজা এৰিবলৈ নিৰ্দেশ দিয়ে । যাৰ ফলত লাখ লাখ পেলেষ্টাইনীয়ে নিজৰ ঘৰ এৰি পলাই যায় । আনহাতে, গাজাত হামাছ পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি, এতিয়ালৈকে ৪,৪০০-তকৈও অধিক শিশুসহ ১০,৮১৮ গৰাকী পেলেষ্টাইনী নিহত হৈছে ।

ইফালে ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী আৰু পশ্চিম এছিয়াৰ বাবে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক আয়োগে বৃহস্পতিবাৰে প্ৰকাশ কৰিছে গাজা যুদ্ধৰ অৰ্থনৈতিক পৰিণামৰ দ্ৰুত মূল্যায়ন । ৰাষ্ট্ৰসংঘৰ প্ৰথম প্ৰতিবেদনত পূৰ্বতে কোৱা হৈছিল যে বিশেষকৈ পেলেষ্টাইনীসকলৰ ওপৰত এই যুদ্ধৰ বিধ্বংসী প্ৰভাৱ পৰিছে ।

আনহাতে, যদি দ্বিতীয় মাহৰ বাবেও এই যুদ্ধ অব্যাহত থাকে, তেন্তে ৰাষ্ট্ৰসংঘই পূৰ্বানুমান কৰিছে যে যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বৰ ২০.৪ বিলিয়ন ডলাৰৰ পেলেষ্টাইনী জিডিপি ৮.৪% হ্ৰাস পাব । যাৰ ফলত ১.৭ বিলিয়ন ডলাৰৰ লোকচান হ'ব । আৰু যদি এই সংঘৰ্ষ তৃতীয় মাহলৈকে থাকে তেন্তে পেলেষ্টাইনী জিডিপি ১২% হ্ৰাস হৈ ২.৫ বিলিয়ন ডলাৰৰ লোকচান হ'ব । ইয়াৰ ফলত ৬,৬০,০০০-ৰো অধিক লোক দৰিদ্ৰতাৰ দিশে গতি গতি কৰিব ।

ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ সহকাৰী মহাসচিব আব্দাল্লাহ আল দৰ্দাৰীয়ে এই প্ৰতিবেদন প্ৰকাশ কৰি এক সংবাদমেলত কয় যে বছৰটোৰ শেষত ১২% জিডিপিৰ লোকচান অতি বৃহৎ আৰু অভূতপূৰ্ব হ'ব । আনহাতে, তেওঁ তুলনামূলক বিশ্লেষণ কৰি কয় যে সংঘৰ্ষৰ শীৰ্ষত থকা সময়ত চিৰিয়াৰ অৰ্থনীতিয়ে প্ৰতিমাহে জিডিপিৰ ১% হেৰুৱাইছিল । আনহাতে, ইউক্ৰেইনৰ ডেৰ বছৰৰ যুদ্ধত ইয়াৰ জিডিপিৰ ৩০% হেৰুৱাবলগা হৈছিল, যিটো মাহে গড়ে প্ৰায় ১.৬% ।

অৰ্থনৈতিক আয়োগৰ কাৰ্যবাহী সচিব ৰোলা দস্তীয়ে কয় যে ২০২৩ চনৰ আৰম্ভণিতে পশ্চিম তীৰ আৰু গাজা অঞ্চলসমূহক নিম্ন-মধ্য উপাৰ্জনৰ অৰ্থনীতি হিচাপে গণ্য কৰা হৈছিল । ইয়াৰ দৰিদ্ৰতাৰ স্তৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে প্ৰতিদিনে ৬ ডলাৰ আছিল । প্ৰতিবেদনত কোৱা হৈছে যে জানুৱাৰী মাহত গাজাই ইতিমধ্যে প্ৰায় ৪৬%, পশ্চিম তীৰৰ ১৩%-তকৈ চাৰে তিনিগুণ বেছি উচ্চ নিবনুৱাৰ সৈতে যুঁজি আছিল । কিন্তু মাত্ৰ কেইসপ্তাহমানৰ যুদ্ধই কেইবা হাজাৰ লোকক সংস্থাপনহীন কৰিছে ।

আনহাতে, এই যুদ্ধই এক মাহৰ সীমা অতিক্ৰম কৰাৰ লগে লগে গাজাত ৬১% সংস্থাপনহীন, ১,৮২,০০০ লোকে চাকৰি হেৰুওৱাৰ অনুমান কৰা বুলি প্ৰতিবেদনত কোৱা হৈছে । পশ্চিম তীৰত প্ৰায় ২৪% লোকে সংস্থাপন হেৰুৱাইছে, যিটো ২,০৮,০০০-ৰ সমান । আল দাৰ্দাৰীয়ে পশ্চিম তীৰৰ অৰ্থনীতিত ব্যাপক ব্যাঘাতৰ কথা উল্লেখ কৰে, যিটো পেলেষ্টাইনী জিডিপিৰ ৮২%-ৰ বাবে দায়বদ্ধ । তেওঁ লগতে ব্যাখ্যা কৰে যে জলফাই আৰু নেমু খেতিয়কসকলে তেওঁলোকৰ সামগ্ৰী সংগ্ৰহ কৰাৰ বাবে এইটো হৈছে মূল ঋতু, কিন্তু যুদ্ধৰ বাবে তেওঁলোকে সেয়া কৰিব পৰা নাই ।

লগতে পঢ়ক :Israel Hamas Conflicts : জ’ বাইডেনৰ নিৰ্দেশত যুদ্ধ বিৰতিৰ বাবে সন্মতি প্ৰকাশ ইজৰাইলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.