ETV Bharat / international

Missing US F-35 fighter jet : আমেৰিকাৰ দুৰ্ঘটনাগ্ৰস্ত এফ-৩৫ যুঁজাৰু বিমানৰ অৱশিষ্ট উদ্ধাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 10:53 AM IST

Missing US F-35 fighter jet
উদ্ধাৰ দুৰ্ঘটনাগ্ৰস্ত এফ-৩৫ যুঁজাৰু বিমানৰ অৱশিষ্ট

যোৱা দেওবাৰে দুৰ্ঘটনাত পতিত হোৱাৰ পাছত এফ-৩৫ যুঁজাৰু বিমান সন্ধানহীন হৈ পৰিছিল । প্ৰশাসনে বিমানখনৰ অৱশিষ্ট উদ্ধাৰ কৰিছে । প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।

ইণ্টাৰনেশ্যনেল ডেস্ক,১৯ ছেপ্টেম্বৰ : অৱশেষত উদ্ধাৰ হৈছে সন্ধানহীন হৈ থকা আমেৰিকাৰ যুঁজাৰু বিমান এফ-৩৫ । ৱিলিয়ামছবাৰ্গ কাউণ্টিত বিমানখনৰ ধ্বংসাৱশেষ বিচাৰি পোৱা বুলি জানিব পৰা গৈছে । ইতিমধ্যে প্ৰশাসনে অঞ্চলটোত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আৰু স্থানীয় লোকসকলক সেই ঠাই পৰিহাৰ কৰিবলৈ কোৱা হৈছে ।

উল্লেখ্য যে যোৱা দেওবাৰে আমেৰিকাৰ যুঁজাৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল । সেই সময়ত বিমানখনৰ পাইলটজনে সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল । কিন্তু বিমানখন সন্ধানহীন হৈ আছিল । প্ৰশাসন তথা আৰক্ষীয়ে বিমানখন উদ্ধাৰৰ পৰা প্ৰচেষ্টা অব্যাহত ৰাখিছিল । দুৰ্ঘটনাটো দক্ষিণ কেৰোলিনাৰ গ্ৰামাঞ্চলত সংঘটিত হৈছিল বুলি কোৱা হৈছে । সামৰিক বাহিনীয়ে বিমানখন চিনাক্তকৰণৰ বাবে ৰাইজৰ সহায়ো বিচাৰিছিল ।

ইফালে ৱিলিয়ামছবাৰ্গ কাউণ্টিত বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হোৱাৰ লগে লগে প্ৰশাসনে উদ্ধাৰ অভিযানত তৎপৰতা দেখুৱাইছে । আৱাসীসকলক অঞ্চলটোৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱা হৈছে । প্ৰশাসনে জনোৱা মতে ইতিমধ্যে উদ্ধাৰকাৰী দল সেই অঞ্চলত উপস্থিত হৈছে । লগতে তেওঁলোকে অনুসন্ধান অভিযান আৰম্ভ কৰিছে । কিহৰ বাবে পাইলটজনে বিমানৰ পৰা ওলাই আহিবলৈ বাধ্য হৈছিল তাৰো তদন্ত চলি আছে ।

জানিব পৰা মতে, দেওবাৰে দুপৰীয়া প্ৰায় ২ মান বজাত উত্তৰ চাৰ্লষ্টনৰ চুবুৰীয়া অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পাইলটজনে পেৰাচুটৰ সহায়ত সুৰক্ষিতভাৱে অৱতৰণ কৰিছিল । তেওঁক লগে লগে এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । পাইলটজনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ।

সোমবাৰে সন্ধিয়া মেৰিন কৰ্পছে জনোৱা মতে এই দুৰ্ঘটনাৰ বৰ্তমান তদন্ত চলি আছে । ইফালে মেৰিন কৰ্পছে যুঁজাৰু বিমানৰ দুৰ্ঘটনাৰ পাছত দুদিনৰ বাবে বিমান পৰিচালনা স্থগিত ৰাখিছে । মেৰিন কৰ্পছৰ ঘোষণা অনুসৰি যোৱা ৬ সপ্তাহত এইটো অতি ব্যয়বহুল দুৰ্ঘটনা আছিল আৰু তৃতীয়টো দুৰ্ঘটনা ।

আগষ্ট মাহত অষ্ট্ৰেলিয়াত এক প্ৰশিক্ষণ অনুশীলনৰ সময়ত ভি-২২বি অস্প্ৰে টিল্টৰটৰ বিমানৰ দুৰ্ঘটনাত ৩ গৰাকী আমেৰিকাৰ মেৰিন নিহত হয় আৰু প্ৰশিক্ষণ উৰণৰ সময়ত ছান ডিয়েগোৰ ঘাটিৰ ওচৰত আন এখন যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এগৰাকী মেৰিন কৰ্পছৰ পাইলট নিহত হয় ।

লগতে পঢ়ক : US F 35 jet missing : সন্ধানহীন আমেৰিকাৰ যুঁজাৰু বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.