ETV Bharat / international

US F 35 jet missing : সন্ধানহীন আমেৰিকাৰ যুঁজাৰু বিমান

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 2:23 PM IST

আমেৰিকাত যোৱা দেওবাৰে যুঁজাৰু বিমান এফ-৩৫ দুৰ্ঘটনাত পতিত হৈছিল । পাইলটজনক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে । বিমানখন এতিয়াও উদ্ধাৰ হোৱা নাই ।

US F 35 jet missing
সন্ধানহীন আমেৰিকাৰ যুঁজাৰু বিমান

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮ ছেপ্টেম্বৰ : সন্ধানহীন হৈ আছে আমেৰিকাৰ যুঁজাৰু বিমান এফ-৩৫ । দেওবাৰে আবেলি বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ কথা জানিব পৰা গৈছিল । তেতিয়াৰে পৰা বিমানখনৰ কোনো সন্ধান পোৱা হোৱা নাই । আনহাতে, বিমানখনৰ পাইলটজনে সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছে ।

লক্ষণীয়ভাৱে দুৰ্ঘটনাটোৰ পাছৰে পৰা বিভাগীয় কৰ্তৃপক্ষই বিমানখনৰ সন্ধান উলিয়াব পৰা নাই । জয়েন্ট বেচ চাৰ্লষ্টনে ফেচবুকত এখ বিবৃতিত কোৱা মতে বিমানখন মেৰিন কৰ্পছ এয়াৰ ষ্টেচন বিউফোৰ্টৰ লকহিড মাৰ্টিন এফ-৩৫ লাইটনিং ২ আছিল । দুৰ্ঘটনাটোৰ সময়ত পাইলটজনে সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় । লগে লগে তেওঁক স্থানীয় চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ।

সম্প্ৰতি মেৰিন কৰ্পছ এয়াৰ ষ্টেচন বিউফোৰ্টৰ সৈতে স্থানীয় প্ৰশাসনে সন্ধানহীন বিমানখন বিচাৰি উলিওৱাত ব্যস্ত হৈ পৰিছে । যুঁজাৰু বিমানখনৰ সন্ধানৰ বাবে জৰুৰীকালীন সঁহাৰি দল মোতায়েন কৰা হৈছে । নিৰন্তৰভাৱে অভিযান চলোৱা হৈছে যদিও এতিয়ালৈ যুঁজাৰু বিমানখনৰ সন্ধান নোপোৱাত উদ্বিগ্ন হৈ পৰিছে প্ৰশাসন ।

স্থানীয় প্ৰশাসনে এক বিবৃতিত কৈছে যে, বিমানখনৰ অন্তিম অৱস্থানৰ ওপৰত ভিত্তি কৰি তেওঁলোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । ইফালে ৰাইজক সামৰিক আৰু অসামৰিক কৰ্তৃপক্ষৰ সৈতে সহযোগিতা আগবঢ়াবলৈও কোৱা হৈছে । বিমানৰ অৱস্থানৰ বিষয়ে কোনো তথ্য থাকিলে জেবি চাৰ্লষ্টন বেচ ডিফেন্স অপাৰেচন চেণ্টাৰৰ ৮৪৩-৯৬৩-৩৬০০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে । দুৰ্ঘটনাটো সম্পৰ্কে এতিয়ালৈ বিতং তথ্য প্ৰকাশ কৰা হোৱা নাই । কৰ্তৃপক্ষই দুৰ্ঘটনা সম্পৰ্কে সক্ৰিয়ভাৱে অনুসন্ধান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Aircraft crash: মাছ ধৰিবলৈ গৈ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 12 গৰাকী যাত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.