ETV Bharat / international

Israleli Hamas attack: গাজা আৰু পশ্চিম তীৰলৈ ১০০ মিলিয়ন ডলাৰ সাহায্য ঘোষণা আমেৰিকা যুক্তৰাষ্ট্ৰৰ

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 10:34 AM IST

গাজা আৰু পশ্চিম তীৰলৈ ১০০ মিলিয়ন ডলাৰ সাহায্য ঘোষণা আমেৰিকা যুক্তৰাষ্ট্ৰৰ
গাজা আৰু পশ্চিম তীৰলৈ ১০০ মিলিয়ন ডলাৰ সাহায্য ঘোষণা আমেৰিকা যুক্তৰাষ্ট্ৰৰ

ইজৰাইল আৰু পেলেষ্টাইনী লোকসকলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে যুদ্ধবিধ্বস্ত গাজা আৰু পশ্চিম তীৰলৈ মানৱীয়তাৰ সাহায্যৰ বাবে 100 নিযুত আমেৰিকান ডলাৰ ঘোষণা কৰে ৷

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 19 অক্টোবৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে বুধবাৰে ইজৰাইল-পেলেষ্টাইনৰ সংঘাতৰ সমাধানৰ সমৰ্থনস্বৰূপে ইজৰাইল আৰু পেলেষ্টাইনী লোকসকলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে যুদ্ধবিধ্বস্ত গাজা আৰু পশ্চিম তীৰলৈ মানৱীয়তাৰ সাহায্যৰ বাবে 100 নিযুত আমেৰিকান ডলাৰ ঘোষণা কৰে ৷ যাতে দুয়োখন দেশৰ লোকসকলে নিৰাপত্তা, মৰ্যাদা আৰু শান্তিৰে জীয়াই থাকিব পাৰে। বুধবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিচত এই মন্তব্য কৰে বাইডেনে ।

বাইডেনে লগতে উল্লেখ কৰে যে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ দৰে ৰাষ্ট্ৰসমূহক কেৱল ক্ষমতাৰে পৰিমাপ কৰা নহয় ৷ আমি শান্তি ৰক্ষা কৰাটো বাঞ্চনীয় ৷ আমি এনেকুৱা এটা পথ অনুসৰণ কৰিব লাগিব যাতে ইজৰাইল আৰু পেলেষ্টাইনৰ জনসাধাৰণে সুৰক্ষিতভাৱে, সন্মান আৰু শান্তিৰে জীয়াই থাকিব পাৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁৰ লক্ষ্য হৈছে দুই ৰাজ্যৰ সংকটৰ সমাধান । শেহতীয়া ইজৰাইল-হামাছ আক্ৰমণে দ্বি-ৰাজ্যিক সংঘাত সমাধানৰ প্ৰচেষ্টাত তেওঁক অধিক সংকল্পবদ্ধ কৰি তুলিছে। এই সংঘাত সমাধানৰ আটাইতকৈ ডাঙৰ বাধা হৈছে দুয়োখন ৰাজ্যৰ সীমা।

X ৰ এটা পোষ্টত বাইডেনে গাজা আৰু পশ্চিম তীৰত 100 নিযুত ডলাৰ ঘোষণা কৰে যাতে ১ মিলিয়নতকৈও অধিক স্থানচ্যুত আৰু সংঘৰ্ষ প্ৰভাৱিত পেলেষ্টাইনসকলক সমৰ্থন কৰে ৷ তেওঁ লগতে উল্লেখ কৰে, পেলেষ্টাইনীসকলৰ সকলো হামাছ উগ্ৰপন্থী নহয়, হামাছে পেলেষ্টাইনী জনসাধাৰণক প্ৰতিনিধিত্ব নকৰে ৷"

উল্লেখ্য যে, যোৱা 7 তাৰিখে হামাছ সন্ত্ৰাসবাদী গোটে ইজৰাইলৰ ওপৰত স্থল, সাগৰ আৰু আকাশমাৰ্গেৰে আক্ৰমণ কৰে ৷ এই আক্ৰমণত এতিয়ালৈকে 1,400 ৰো অধিক লোক নিহত হয় । ইয়াৰ প্ৰত্যুত্তৰত যোৱা 12 দিন ধৰি ইজৰাইলে গাজা ষ্ট্ৰিপত আক্ৰমণ কৰে ৷ এই আক্ৰমণত এতিয়ালৈ প্ৰায় 3,478 জন পেলেষ্টাইনী লোক নিহত হৈছে ৷

লগতে পঢ়ক: Gaza hospital blast : ইজৰাইল ভ্ৰমণৰ সময়ত সামগ্ৰিক পৰিস্থিতৰ বুজ ল'ব বাইডেনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.