ETV Bharat / international

Gaza hospital blast : ইজৰাইল ভ্ৰমণৰ সময়ত সামগ্ৰিক পৰিস্থিতৰ বুজ ল'ব বাইডেনে

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 1:19 PM IST

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে ইজৰাইল ভ্ৰমণ কৰিব । প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৰ সৈতে বৈঠকত মিলিত হ'ব । কৰ্তৃপক্ষক কেইবাটাও বিষয়ত প্ৰশ্নও কৰিব বাইডেনে ।

Gaza hospital blast
ইজৰাইল ভ্ৰমণৰ সময়ত সামগ্ৰিক পৰিস্থিতৰ বুজ ল'ব বিডেনে

ইণ্টাৰনেশ্যনেল ডেস্ক,১৮ অক্টোবৰ : গাজাৰ আল-আহলি চিকিৎসালয়ত হোৱা বিস্ফোৰণক লৈ উদ্বিগ্ন আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন । ইয়াৰ মাজতে আমেৰিকাই ইজৰাইলক কূটনৈতিক সহায়ো আগবঢ়াইছে । যাৰ বাবে ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ আৰু ভয়াৱহ হোৱাৰ আশংকাক লৈও চিন্তিত বিশ্ববাসী । আনহাতে সকলোকে আচৰিত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে ইজৰাইল ভ্ৰমণৰ সিদ্ধান্ত লৈছে । যাক লৈ আৰৱ ৰাষ্ট্ৰসমূহে অসন্তুষ্টি প্ৰকাশ কৰিছে । তাৰ অংশস্বৰূপে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে হ'বলগীয়া বৈঠকো জৰ্ডান কৰ্তৃপক্ষই বাতিলৰ ঘোষণা কৰিছে ।

উল্লেখ্য যে ৰাষ্ট্ৰপতি বাইডেনে মূলতঃ জৰ্ডান ভ্ৰমণ কৰাৰ কথা আছিল, কিন্তু আৰৱ নেতাসকলৰ সৈতে তেওঁৰ বৈঠক বাতিল কৰাৰ বাবে তেওঁ একমাত্ৰ গন্তব্য স্থান হ'ব ইজৰাইল । য'ত তেওঁ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৰ সৈতে বৈঠকত মিলিত হ'ব বুলি আশা কৰা হৈছে । ইজৰাইলে ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইতিমধ্যে গাজাত সম্ভাৱ্য স্থল আক্ৰমণৰ বাবে প্ৰস্তুতি চলাইছে ।

হোৱাইট হাউচৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ মুখপাত্ৰ জন কাৰ্বিয়ে সাংবাদিকসকলক কয় যে বিডেনে সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে ইজৰাইলীসকলৰ পৰা এক ধাৰণা লাভ কৰিব বিচাৰে । বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ আধাৰতে বাইডেনে ইজৰাইলী কৰ্তৃপক্ষৰ পৰা বিভিন্ন প্ৰশ্নৰ উত্তৰো বিচাৰিব । ৰাষ্ট্ৰপতিগৰাকীয়ে ইজৰাইলৰ ভুক্তভোগী পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰাৰো পৰিকল্পনা কৰিছে । খবৰ অনুসৰি গাজাত ইজৰাইলৰ আক্ৰমণত প্ৰায় ২,৮০০ পেলেস্তাইনী নিহত হৈছে । স্বাস্থ্য বিভাগে জনোৱা মতে ১,২০০ ৰো অধিক লোক ধ্বংসস্তূপত আৱদ্ধ হৈ আছে ।

গাজাৰ আল আহলি চিকিৎসালয়ত হোৱা আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাইডেনে এক বিবৃতিত কয় যে এই বিস্ফোৰণ আৰু ইয়াৰ ফলত হোৱা ভয়ংকৰ প্ৰাণহানিৰ বাবে তেওঁ দুখিত । বাইডেনে তেওঁ ৰাষ্ট্ৰীয় সুৰক্ষা দলক প্ৰকৃততে কি ঘটিছিল সেই বিষয়ে তথ্য সংগ্ৰহ অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছে ।

জানিব পৰা মতে চিকিৎসালয়ত বিস্ফোৰণৰ পাছতে বৃহৎ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে । লেবাননৰ বেইৰুট আৰু জৰ্ডানৰ আম্মানত সংঘটিত হোৱা প্ৰতিবাদত বহু লোকে অংশগ্ৰহণ কৰে । ইজৰাইলী দূতাবাসৰ বাহিৰত একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰে । এনে প্ৰতিবাদে বাইডেনৰ জৰ্ডান ভ্ৰমণৰ পৰিকল্পনা কঠিন কৰি তোলে । অৱশ্যে বাইডেনে ৱাশ্বিংটনলৈ উভতি অহাৰ লগে লগে আৰৱ নেতাসকলৰ সৈতে ফোনত কথা পাতিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :US raises concern over Chinese aircraft activities : চীনা যুদ্ধবিমানৰ কাৰ্যকলাপক লৈ চিন্তিত আমেৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.