ETV Bharat / international

সাময়িক যুদ্ধবিৰতিত অনুমোদন ইজৰাইলী কেবিনেটৰ

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 10:09 AM IST

Israel Palestine conflict
সাময়িক যুদ্ধবিৰতিত অনুমোদন ইজৰাইলী কেবিনেটৰ

ইজৰাইলী কেবিনেটে হামাছৰ সৈতে যুদ্ধবিৰতি চুক্তিত অনুমোদন জনাইছে । ইয়াৰ চৰ্ত হিচাপে প্ৰথম চাৰি দিনত প্ৰায় ৫০ জন বন্দীক মুক্তি দিব হামাছে । ইজৰাইলে লগতে কৈছে যে হামাছে মুকলি কৰা প্ৰতি ১০ গৰাকী বন্দীৰ বাবে অতিৰিক্ত দিনৰ বাবে যুদ্ধবিৰতি বৃদ্ধি কৰিব । মুকলি কৰিবলগা প্ৰথম বন্দী হ'ব মহিলা আৰু শিশু । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে যুদ্ধবিৰতি সমাপ্ত হোৱাৰ লগে লগে হামাছৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণ পুনৰ আৰম্ভ কৰাৰ কথা কয় ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ২২ নৱেম্বৰ : ইজৰাইলৰ কেবিনেটে বুধবাৰে হামাছ সন্ত্ৰাসবাদী গোটৰ সৈতে যুদ্ধবিৰতি চুক্তিত অনুমোদন জনাইছে । ইয়াৰ দ্বাৰা ছয় সপ্তাহ ধৰি চলি থকা এক বিধ্বংসী যুদ্ধত সাময়িকভাৱে বিৰতি হ'ব । অৱশ্যে এই যুদ্ধবিৰতিৰ চৰ্ত হৈছে ইজৰাইলৰ কাৰাগাৰত বন্দী হৈ থকা পেলেষ্টাইনীসকলৰ বিনিময়ত গাজা ষ্ট্ৰিপত বন্দী হৈ থকা পণবন্দীসকলক মুকলি কৰি দিব লাগিব ।

এই চুক্তিৰ অধীনত হামাছে চাৰি দিনৰ ভিতৰত গাজা ষ্ট্ৰিপত বন্দী হৈ থকা প্ৰায় ২৪০ জন পণবন্দীৰ ভিতৰত ৫০ জনক মুকলি কৰি দিব । ইজৰাইল চৰকাৰে বুধবাৰে এই কথা প্ৰকাশ কৰিছে । লগতে এইটোও কোৱা হৈছে যে হামাছে মুকলি কৰা প্ৰতি ১০ গৰাকী বন্দীৰ বাবে অতিৰিক্ত দিনলৈ এই যুদ্ধবিৰতি বৃদ্ধি কৰিব । আনহাতে, ইজৰাইল চৰকাৰে এই কথাও কৈছে যে মুকলি কৰিবলগা প্ৰথম বন্দীসকল হ'ব মহিলা আৰু শিশু ।

বুধবাৰে পুৱা কেবিনেট ভোটৰ পূৰ্বে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেত্যানাহুৱে কয় যে যুদ্ধবিৰতিৰ সময়সীমা উকলি যোৱাৰ পিছত ইজৰাইলে হামাছৰ বিৰুদ্ধে পুনৰ আক্ৰমণ আৰম্ভ কৰিব । অৱশ্যে যুদ্ধবিৰতি কেতিয়া কাৰ্যকৰী হ'ব সেয়া তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাই । উল্লেখ্য যে নেতানিয়াহুৱে মঙলবাৰে ভোটৰ বাবে কেবিনেট আহ্বান কৰিছিল । বৈঠকখন বুধবাৰে পুৱতি নিশালৈকে চলে । লগতে হামাছৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণ ইয়াৰ লক্ষ্যত উপনীত হোৱাৰ পূৰ্বে স্থগিত ৰাখিব লাগিবনে নালাগে এই প্ৰস্তাৱৰ সংবেদনশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

ভোটদানৰ পূৰ্বে নেতান্যাহুৱে চৰকাৰৰ মন্ত্ৰীসকলক আশ্বাস দিবলৈ চেষ্টা কৰে যে এই যুদ্ধবিৰতি কেৱল এক কৌশলগত সিদ্ধান্ত । আনহাতে, যুদ্ধবিৰতিৰ সময়সীমা উকলি যোৱাৰ পিছত আক্ৰমণ পুনৰ আৰম্ভ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে । শীৰ্ষ নিৰাপত্তা বিষয়াসকলো বৈঠকত উপস্থিত থাকে । নেতান্যাহুৱে কয়, "আমি যুদ্ধত আছোঁ আৰু আমি যুদ্ধ অব্যাহত ৰাখিম । আমি আমাৰ সকলো লক্ষ্যত উপনীত নোহোৱালৈকে যুদ্ধ অব্যাহত ৰাখিম ।"

ইয়াৰ উপৰি ইজৰাইলে হামাছৰ সামৰিক শক্তি ধ্বংস নকৰালৈকে আৰু সকলো বন্দীক মুকলি কৰি নিদিয়ালৈকে যুদ্ধ অব্যাহত ৰখাৰো প্ৰতিশ্ৰুতি দিছে । নেতান্য়াহুৱে কৈছে যে যুদ্ধবিৰতিৰ সময়ত চোৰাংচোৱাৰ গতিবিধি অব্যাহত থাকিব, যাৰ ফলত সেনাই যুদ্ধৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে প্ৰস্তুতি চলাব পাৰিব । তেওঁ কয় যে গাজাৰ পৰা ইজৰাইলৰ প্ৰতি ভাবুকি বন্ধ নোহোৱালৈকে যুদ্ধ অব্যাহত থাকিব ।

উল্লেখ্য যে ইজৰাইলী সৈন্যই উত্তৰ গাজাৰ এটা নগৰীয়া শৰণাৰ্থী শিবিৰত আৰু ৰোগী আৰু আশ্ৰিত পৰিয়ালেৰে ভৰ্তি চিকিৎসালয়সমূহৰ চৌপাশে পেলেষ্টাইনী সন্ত্ৰাসবাদীৰ সৈতে যুঁজ দিয়াৰ সময়তে এই ঘোষণা কৰা হৈছিল । এই চুক্তিৰ অৰ্থ এইটো নহয় যে ৭ অক্টোবৰত হামাছ সন্ত্ৰাসবাদীয়ে সীমান্ত পাৰ হৈ দক্ষিণ ইজৰাইললৈ প্ৰৱেশ কৰি কমেও ১,২০০ জন লোকক হত্যা কৰাৰ পিছত যুদ্ধৰ সমাপ্তি ঘটাইছে । ইয়াৰে বেছিভাগেই সাধাৰণ লোক আছিল আৰু প্ৰায় ২৪০ জনক হামাছে অপহৰণ কৰিছিল ।

লগতে পঢ়ক :ইজৰাইলী অনুসন্ধানকাৰীৰ আগত গাজাবাসীৰ মনৰ কথা প্ৰকাশ; দাবী ইজৰাইলী বাহিনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.