ইজৰাইলী অনুসন্ধানকাৰীৰ আগত গাজাবাসীৰ মনৰ কথা প্ৰকাশ; দাবী ইজৰাইলী বাহিনীৰ
Published: Nov 21, 2023, 1:25 PM

ইজৰাইলী অনুসন্ধানকাৰীৰ আগত গাজাবাসীৰ মনৰ কথা প্ৰকাশ; দাবী ইজৰাইলী বাহিনীৰ
Published: Nov 21, 2023, 1:25 PM
ইজৰাইলী সামৰিক বাহিনীয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে গাজা ষ্ট্ৰিপৰ বাসিন্দাসকল হামাছৰ বৰ্বৰ আচৰণত যে সন্তুষ্ট নহয় সেইটো স্পষ্ট । তেওঁলোকে কৈছে যে সাধাৰণ মানুহে বুজি পাইছে যে হামাছ হৈছে গাজাৰ বাসিন্দাসকলৰ বাবে এক ভাবুকি আৰু তেওঁলোকৰ বাবে এই ভাবুকি দূৰ কৰাটো কঠিন ।
ইণ্টাৰনেচনেল ডেস্ক, ২১ নৱেম্বৰ : ইজৰাইল-হামাছ সংঘৰ্ষই ইতিমধ্যে ডেৰমাহ অতিক্ৰম কৰিলে । কিন্তু এতিয়াও এই সংঘৰ্ষৰ অন্ত পৰা নাই । ইয়াৰ বিপৰীতে হাজাৰ হাজাৰ সাধাৰণ জনতাই বিশেষকৈ পেলেষ্টাইনৰ নাগৰিকে অকালতে প্ৰাণ হেৰুৱাবলগা হৈছে । তাৰ মাজতে ইজৰাইলৰ জিম্মাত থকা গাজাবাসীয়ে ইজৰাইলৰ অনুসন্ধানকাৰী দলক এই কথা নিশ্চিত কৰিছে যে সন্ত্ৰাসবাদীয়ে গাজা চিকিৎসালয়ত সক্ৰিয়ভাৱে কাম কৰি আছে ।
আনকি সোমবাৰে ইজৰাইলী সুৰক্ষা বাহিনীয়ে প্ৰকাশ কৰা ভিডিঅ'ত দেখা গৈছে যে পেলেষ্টাইনী ৰেড ক্ৰিছেণ্ট ছ'চাইটীয়ে নিজকে গভীৰভাৱে জড়িত কৰি ৰাখিছে । এতিয়ালৈকে আইডিএফৰ সামৰিক চোৰাংচোৱা সঞ্চালকালয়ৰ ৫০৪ ইউনিটৰ হৈ দক্ষিণ ইজৰাইলৰ এটা শৰণাৰ্থী শিবিৰত ৫০০ পেলেষ্টাইনীক সোধাপোছা কৰা বুলি আইডিএফৰ সূত্ৰত প্ৰকাশ ।
সেনাৰ তৰফৰ পৰা কোৱা হৈছে যে তিনিজন পেলেষ্টাইনীয়ে অনুসন্ধানকাৰীসকলক কৈছিল যে কেনেকৈ হামাছ, পেলেষ্টাইনী ইছলামিক জিহাদ আৰু অন্যান্য গোটৰ সন্ত্ৰাসবাদীসকলে শ্বিফা আৰু ৰাণ্টিচি চিকিৎসালয়ত লুকাই আছিল । ভিডিঅ'টোত থকা তিনিজন পেলেষ্টাইনীৰ মাজৰ দুজনক তেওঁলোকৰ নামেৰে চিনাক্ত কৰা হৈছে ।
আনহাতে, এজন আটকাধীন পেলেষ্টাইনীয়ে অনুসন্ধানকাৰীসকলক কৈছে যে অসামৰিক লোকৰ পোছাক পৰিধান কৰা সন্ত্ৰাসবাদীয়ে চিকিৎসালয়সমূহক কমাণ্ড চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰি আছিল । আইডিএফৰ বিবৃতিটোত কোৱা হৈছে যে সন্ত্ৰাসবাদীসকলে প্ৰকাশ কৰা মতে কিছুমান সন্ত্ৰাসবাদী চিকিৎসাকৰ্মী হিচাপেও চিকিৎসালয়ত আছিল ।
তেওঁ কয় যে হামাছৰ কৰ্মী আৰু অন্যান্য সন্ত্ৰাসবাদী গোটৰ সদস্যসকল চিকিৎসালয়ৰ ভিতৰত থকাৰ বাবে চিকিৎসকসকল খং উঠিছিল । তেওঁ কিমানজন সন্ত্ৰাসবাদী দেখিছে বুলি সোধাত পেলেষ্টাইনীজনে উত্তৰ দিয়ে যে মই তেওঁলোকৰ বহুতক দেখিছিলোঁ। তেওঁলোকৰ সংখ্যা প্ৰায় ৮০ জনৰ পৰা ১০০ জনলৈ হ'ব । তেওঁ লগতে কয় যে তেওঁলোকে নাৰ্ছিং কৰ্মচাৰীৰ দৰে পোছাক পিন্ধিছিল, কিন্তু তেওঁলোক নাৰ্ছ বা চিকিৎসক নাছিল ।
ইফালে গাজাৰ হামাছৰ দ্বাৰা পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ৰ এজন ইণ্টাৰনেট এপ্লিকেচন অভিযন্তা হামুদা ৰিয়াদ আছাদ শ্বামাল্লাহে কয় যে সন্ত্ৰাসবাদী গোটবোৰে ৰেড ক্ৰিচেণ্ট সংগঠনৰ সৈতেও একেলগে কাম কৰিছে, যাৰ এটা ১০ মহলীয়া অট্টালিকা আছে । তেওঁ লগতে কয় যে তেওঁ পত্নী আৰু তিনিগৰাকী কন্যাৰ সৈতে তালৈ গৈছিল । কিয়নো তেওঁ অনুভৱ কৰিছিল যে সেইটো এক সুৰক্ষিত ঠাই । তেওঁ আশ্ৰয় ল'ব বিচাৰিছিল যদিও সন্ত্ৰাসবাদীয়ে আহি তেওঁলোকক ভাবুকি দিছিল ।
