ETV Bharat / international

ইজৰাইল-হামাছ সংঘৰ্ষ, পেলেষ্টাইনীৰ মৃত্যুৰ সংখ্যা ১৩ হাজাৰ অতিক্ৰম

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 11:36 AM IST

ইজৰাইল আৰু হামাছৰ যুদ্ধ অব্যাহত আছে । যোৱা ৭ অক্টোবৰৰ পৰা এতিয়ালৈ ১৩ হাজাৰ পেলেষ্টাইনী নিহত হৈছে । ৩০ হাজাৰৰো অধিক লোক আহত হৈছে । ভুক্তভোগীৰ অধিকাংশই মহিলা আৰু শিশু ।

Palestinian death toll in Gaza
পেলেষ্টাইনীৰ মৃত্যুৰ সংখ্যা ১৩ হাজাৰ অতিক্ৰম

ইণ্টাৰনেশ্যনেল ডেস্ক,২০ নৱেম্বৰ : যোৱা ৭ অক্টোবৰৰ পৰা ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ অব্যাহত আছে । ইজৰাইলে গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে ভয়ংকৰ আক্ৰমণ অব্যাহত ৰাখিছে । বিমান আক্ৰমণৰ সমান্তৰালকৈ স্থল বাহিনীয়েও যুদ্ধ সম্প্ৰসাৰিত কৰিছে । এই সংঘৰ্ষৰ ফলত গাজাত পেলেষ্টাইনীৰ মৃত্যুৰ সংখ্যা ১৩,০০০ অতিক্ৰম কৰিছে ।

গাজাৰ চৰকাৰী সংবাদ মাধ্যমৰ তথ্য অনুসৰি মৃত লোকসকলৰ ভিতৰত ৫,৫০০ টা শিশু আৰু ৩,৫০০ গৰাকী মহিলা আছিল । আনহাতে ৩০,০০০ ৰো অধিক লোক গুৰুতৰভাৱে আহত হোৱাৰ কথা সদৰী কৰিছে গাজা কৰ্তৃপক্ষই ।

ইয়াৰ লগে লগে সন্ধানহীন লোকৰ সংখ্যাও বৃদ্ধি পাইছে । ইজৰাইল আৰু হামাছৰ সংঘৰ্ষৰ ফলত সন্ধানহীন লোকৰ সংখ্যা ৬,০০০ অতিক্ৰম কৰিছে । ইজৰাইলৰ আক্ৰমণত ধ্বংস হোৱা অট্টালিকাৰ ধ্বংসস্তূপৰ তলত এতিয়াও ৪,০০০ শিশু আৰু মহিলা থকাৰ সন্দেহ কৰা হৈছে । ৭ অক্টোবৰত দক্ষিণ ইজৰাইলত হামাছৰ আকস্মিক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ ইজৰাইলে যোৱা কেইবা দিনো ধৰি গাজাত আক্ৰমণ চলাই আহিছে ।

ইফালে, ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে দেওবাৰে ঘোষণা কৰে যে ইজৰাইলী সেনাই উত্তৰ গাজাত হামাছ সন্ত্ৰাসবাদীৰ ৩৫ টা সুৰংগ উদ্ধাৰ কৰিছে আৰু যথেষ্ট পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছে । গাজাৰ আপস্কেল ৰিমাল আৰু শ্বেখ এজালিন চুবুৰীয়া অঞ্চলত হামাছৰ বিষয়াসকলৰ বাসগৃহত অভিযানৰ সময়ত সুৰংগবোৰ উদ্ধাৰ কৰা হৈছে বুলি ইজৰাইলে দাবী কৰিছে । যুদ্ধত হামাছৰ কেইবাটাও সন্ত্ৰাসবাদী নিহত হোৱাৰো খবৰ পোৱা গৈছে ।

ইজৰাইলী বাহিনীয়ে হামাছৰ এটা সামৰিক শিবিৰতো অভিযান চলাইছে । য'ত গোলাবাৰুদৰ ভাণ্ডাৰ আৰু ৭ টা ৰকেট লাঞ্চাৰ জব্দ কৰা হৈছে । সেনাই জনাইছে যে যোৱা ২৪ ঘণ্টাত ইজৰাইলী সেনাই জাবালিয়াৰ সমীপত হামাছ সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰিছে ।

লগতে পঢ়ক :গাজাৰ চিকিৎসালয়ৰ পৰা 30 টা শিশুক ইজিপ্তলৈ স্থানান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.