ETV Bharat / international

Israel War Against Hamas : চিৰিয়াৰ পৰা আক্ৰমণৰ প্ৰত্যুত্তৰ ইজৰাইলৰ; হামাছৰ সৈতে যুদ্ধত দুয়োপক্ষৰ নিহত ১৯০০

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 10:13 AM IST

Israel War Against Hamas
Israel War Against Hamas

হামাছৰ আশ্চৰ্যচকিত আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে ইজৰাইলে গাজাত আক্ৰমণ কৰাৰ পিছত এইবাৰ চিৰিয়াৰ পৰা অচিনাক্ত পক্ষই ইজৰাইলৰ ওপৰত ৰকেট নিক্ষেপ কৰিছে । আনহাতে, লেবানিজ হিজবুল্লাৰ সৈতেও গুলীয়াগুলী অব্যাহত আছে । এই আক্ৰমণ-প্ৰত্যাক্ৰমণত দুয়োপক্ষৰ কমেও ১,৯০০ জন লোকে প্ৰাণ হেৰুৱাইছে । ইফালে ইজৰাইল-হামাছৰ মাজৰ যুদ্ধ অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

ইণ্টাৰনেচনেল ডেস্ক, ১১ অক্টোবৰ : শনিবাৰে হামাছ সন্ত্ৰাসবাদীয়ে হঠাতে ইজৰাইলৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছতে ইজৰাইলে হামাছৰ বিৰুদ্ধে গাজাত যুদ্ধ ঘোষণা কৰে । এই যুদ্ধ পৰিস্থিতি সৃষ্টিৰ পঞ্চমটো দিনত দুয়োপক্ষৰ যথেষ্ট ধন-জন হানি হৈছে । আনহাতে, ইজৰাইলী সামৰিক বাহিনীয়ে জনাইছে যে তেওঁলোকে চিৰিয়াৰ পৰা হোৱা আকাশী আক্ৰমণৰ প্ৰত্যুত্তৰ দি আছে ।

সামৰিক বাহিনীয়ে মঙলবাৰে কয় যে চিৰিয়াৰ পৰা অচিনাক্ত ৰকেট নিক্ষেপ কৰা হৈছিল আৰু সেয়া মুকলি অঞ্চলত পৰা দেখা গৈছিল । ইফালে হামাছৰ অতৰ্কিত আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে ইজৰাইলে গাজাত আক্ৰমণ কৰি থকাৰ বাবে আৰু লেবানিজ হিজবুল্লাহৰ সৈতে গুলীয়াগুলী অব্যাহত থকাৰ মাজতে এই আক্ৰমণ সংঘটিত হৈছে ।

অৱশ্যে এই সন্দৰ্ভত চিৰিয়াৰ পৰা তাৎক্ষণিকভাৱে কোনো মন্তব্য লাভ কৰা হোৱা নাই । চিৰিয়ান অবজাৰ্ভেটৰী ফৰ হিউমেন ৰাইটছ নামৰ ব্ৰিটেইনভিত্তিক যুদ্ধবিৰোধী নিৰীক্ষকে জনাইছে যে এটা পেলেষ্টাইনী দলে চিৰিয়াৰ ভূখণ্ডৰ পৰা এই ৰকেট আক্ৰমণ চলাইছিল ।

ইয়াৰ পূৰ্বে ইজৰাইলী যুদ্ধবিমানে মঙলবাৰে চুবুৰীয়া অঞ্চলৰ পৰা গাজা ষ্ট্ৰিপত আঘাত হানিছিল । যাৰ ফলত অট্টালিকাবোৰ ধ্বংসস্তূপলৈ পৰিণত হয় । আনহাতে, অঞ্চলটোত বাস কৰা লোকসকলে সুৰক্ষা বিচাৰি হাহাকাৰ কৰি ফুৰা পৰিলক্ষিত হয় । উল্লেখ্য যে বৰ্তমান ইজৰাইলত হামাছ সন্ত্ৰাসবাদীৰ মাৰাত্মক সপ্তাহান্তিক আক্ৰমণৰ তীব্ৰ প্ৰতিশোধৰ সন্মুখীন হৈছে গাজা ।

আনহাতে, মানৱতাবাদী সংগঠনবোৰে গাজাত সহায় পাবলৈ মানৱ কৰিডৰ সৃষ্টিৰ বাবে অনুৰোধ জনাইছে । লগতে সতৰ্ক কৰি দিছে যে আঘাতপ্ৰাপ্ত লোকেৰে চিকিৎসালয়সমূহ ভৰি পৰিছে আৰু তাত প্ৰয়োজনীয় সামগ্ৰী যোগান শেষ হৈ গৈছে । কিয়নো ইজৰাইলে গাজাত খাদ্য, ইন্ধন আৰু ঔষধৰ যোগান বন্ধ কৰি দিছে । ইজিপ্তৰ পৰা একমাত্ৰ অৱশিষ্ট যোগান মঙলবাৰে সীমান্ত পাৰ হোৱাৰ সময়ত বিমান আক্ৰমণৰ পিছত বন্ধ হৈ যায় ।

জানিব পৰা মতে, এই যুদ্ধৰ ফলত দুয়োপক্ষৰ কমেও ১,৯০০ জন লোকে প্ৰাণ হেৰুৱাইছে । আনহাতে, এই যুদ্ধৰ সময় আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য যে শনিবাৰৰ আক্ৰমণৰ পিছত হামাছে কৈছিল যে ইজৰাইলৰ দখলত থকা পেলেষ্টাইনীসকলৰ অৱস্থাৰ অৱনতি হোৱা পৰিস্থিতিৰ বাবে এয়া এক প্ৰতিশোধ আছিল ।

লগতে পঢ়ক :Gaza under heavy Israeli bombing : ইজৰাইলৰ আক্ৰমণত বিধ্বস্ত গাজা, দিশহাৰা পেলেষ্টাইন নাগৰিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.