ETV Bharat / international

Gaza under heavy Israeli bombing : ইজৰাইলৰ আক্ৰমণত বিধ্বস্ত গাজা, দিশহাৰা পেলেষ্টাইন নাগৰিক

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 4:16 PM IST

গাজাত থকা ৰাষ্ট্ৰসংঘৰ আশ্ৰয় শিবিৰতো ইজৰাইলৰ আক্ৰমণ । আশ্ৰয়ৰ স্থান নোহোৱা হৈছে পেলেষ্টাইনীসকলৰ । ভয়ত কম্পমান সাধাৰণ নাগৰিকসকল ।

Gaza under heavy Israeli bombing
ইজৰাইলৰ আক্ৰমণত বিধ্বস্ত গাজা

ইণ্টাৰনেশ্যনেল ডেস্ক,১০ অক্টোবৰ : হামাছৰ আক্ৰমণৰ প্ৰতিশোধত ইজৰাইলে গাজাৰ ডাউন টাউনত অভিযান অব্যাহত ৰাখিছে । ইজৰাইলৰ আকাশী আক্ৰমণত ধ্বংসস্তুপত পৰিণত হৈছে বহু অঞ্চল । ইয়াৰ মাজতে গাজা ষ্ট্ৰিপৰ ১,৮০,০০০ তকৈও অধিক পেলেষ্টাইনী নাগৰিকে ৰাষ্ট্ৰসংঘৰ শিবিৰত আশ্ৰয় লৈছে । ইজৰাইলৰ ভয়ংকৰ ৰকেট আক্ৰমণৰ পাছতে শংকিত হৈ পৰিছে পেলেষ্টাইনৰ নাগৰিকসকল । একাংশ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁলোকে এটাৰ পাছত আন এটা ৰকেটৰ শব্দ শুনি আচৰিত হৈ পৰিছিল ।

ইফালে ইজৰাইলৰ প্ৰতিশোধ আৰু তীব্ৰতৰ হ'ব বুলি আশংকা কৰিছে লোকসকলে । বহু মহিলাই কোলাত সন্তানক লৈ গাজা চহৰৰ ৰাজপথলৈ দৌৰা দেখা গৈছিল । ইফালে পেলেষ্টাইনী শৰণাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংস্থাই বিদ্যালয়সমূহত শিবিৰ স্থাপন কৰিছে । য'ত লোকসকলে আশ্ৰয় লৈছিল ।

২০০৭ চনত হামাছ সন্ত্ৰাসবাদী সংগঠনে ক্ষমতা দখল কৰাৰ পাছত ৪ বাৰ আক্ৰমণ হৈছে । আনকি যিবোৰ সুৰক্ষিত অঞ্চলত ৰাষ্ট্ৰসংঘৰ শিবিৰবোৰ আছে, তাতো আক্ৰমণৰ আশংকা কৰা হৈছে । ইফালে ৰাষ্ট্ৰসংঘই অভিযোগ কৰা মতে দেওবাৰে এটা আশ্ৰয় শিবিৰত পোনপটীয়াকৈ এয়াৰষ্ট্ৰাইকে আঘাত কৰে আৰু সোমবাৰে আন ৫ খন বিদ্যালয়ৰ শিবিৰো ক্ষতিগ্ৰস্ত কৰে । অৱশ্যে তাৎক্ষণিকভাৱে হতাহতৰ কোনো তথ্য পোহৰলৈ অহা নাই ।

ৰিমাল অঞ্চলটো প্ৰথম অৱস্থাত ইজৰাইলৰ লক্ষ্য নাছিল যদিও পাছত সেই অঞ্চলটোতো ৰকেট আক্ৰমণৰ প্ৰভাৱ পৰে । সোমবাৰে আবেলিৰ পৰা আৰম্ভ হোৱা গাজাৰ ফ্লেগশ্বিপ ইছলামিক বিশ্ববিদ্যালয়, চৰকাৰী মন্ত্ৰালয় আৰু ৰিমালৰ উচ্চ স্থানত আক্ৰমণ কৰা ইজৰাইলী বোমাবোৰেও আশ্ৰয় শিবিৰত আঘাত পৰে । শিবিৰত আশ্ৰয় লোৱা এগৰাকী মহিলাই কোৱা মতে পৰিয়ালটোৰ বাবে নিশাটো অতি কঠিন আছিল। তেওঁ উল্লেখ কৰা মতে আশ্ৰয়ৰ স্থান নোহোৱা হৈছে । সুৰক্ষিত ৰিমালত আক্ৰমণ হোৱাৰ পাছত এতিয়া ৰাষ্ট্ৰসংঘই স্থাপন কৰা বিদ্যালয়ৰ শিবিৰসমূহতো আশ্ৰয় লোৱা বিপদজনক হৈ পৰিছে ।

ইফালে সোমবাৰে ইজৰাইলী সামৰিক বাহিনীয়ে ৰিমালত আক্ৰমণ কৰা হ'ব বুলি সতৰ্ক কৰি দিয়াৰ পূৰ্বেই পৰিয়ালবোৰে হাতে হাতে বিভিন্ন সামগ্ৰী লৈ ৰাজপথলৈ ওলাই অহা দেখা গৈছিল ।

লগতে পঢ়ক :Israel strikes downtown Gaza : হামাছৰ বিৰুদ্ধে ইজৰাইলৰ অভিযান, ১,৫০০ সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.