ETV Bharat / international

Vladimir Putin On India: প্ৰধানমন্ত্ৰী মোদী সন্দৰ্ভত কি ক’লে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 11:02 AM IST

Vladimir Putin On India
মোদী সন্দৰ্ভত কি ক’লে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত অধিক শক্তিশালী হৈ উঠিছে বুলি মন্তব্য ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ । ভাৰতৰ নেতৃত্ব ‘স্ব-নিৰ্দেশিত’ বুলিও কয় পুটিনে ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 6 অক্টোবৰ: ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পুনৰবাৰ ভাৰত চৰকাৰ আৰু ইয়াৰ নেতৃত্বক প্ৰশংসা কৰিছে । সংবাদ সংস্থা ৰয়টাৰৰ মতে, এইবাৰ ভাৰতক প্ৰশংসা কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ নেতৃত্ব ‘স্ব-নিৰ্দেশিত’ বুলি কৈছে । তেওঁ কয় যে ভাৰতে নিজৰ জাতীয় স্বাৰ্থৰ বাবে কাম কৰে ।

ৰাছিয়াত আয়োজিত এক অনুষ্ঠানত ভাৰত সন্দৰ্ভত এই মন্তব্য কৰে পুটিনে । ভাষণত তেওঁ পশ্চিমীয়া দেশসমূহক তীব্ৰ সমালোচনা কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰে । পুটিনে কয় যে পশ্চিমীয়া দেশসমূহে সেই সকলো দেশকে শত্ৰু বুলি লেবেল লগাইছে যিবোৰ দেশ তেওঁলোকক অন্ধভাৱে অনুসৰণ কৰিবলৈ সাজু নহয় ।

তেওঁ কয় যে এই দেশসমূহে ভাৰতৰ সৈতেও একে কাম কৰিবলৈ চেষ্টা কৰিছিল । অৱশ্যে কি প্ৰসংগত ৰাছিয়া ৰাষ্ট্ৰপ্ৰধানজনে এই কথা কৈছিল সেয়া স্পষ্ট হোৱা নাই । বিশেষজ্ঞসকলে কয় যে ভাৰত আৰু কানাডাৰ মাজত চলি থকা কূটনৈতিক উত্তেজনাৰ মাজতে তেওঁৰ এই মন্তব্য গুৰুত্বপূৰ্ণ ।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, "মই ক’ব বিচাৰো যে ভাৰতৰ নেতৃত্ব স্ব-নিৰ্দেশিত ।" পশ্চিমীয়া দেশসমূহৰ ফালে আঙুলিয়াই তেওঁ কয়, "তেওঁলোকৰ এই প্ৰচেষ্টাৰ কোনো অৰ্থ নাই । কিন্তু, তেওঁলোকে কৰি যায় । আৰবক শত্ৰু হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে ।" ৰাষ্ট্ৰসংঘৰ সংস্কাৰ সাধনত ক্ৰমান্বয়ে গুৰত্ব দিব লাগে বুলি কয় ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ।

ৰাছিয়াস্থিত RT News য়ে প্ৰকাশ কৰা অনুসৰি পুটিনে ভাৰতক ‘শক্তিশালী দেশ’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত শক্তিশালী হৈ উঠিছে বুলি কয় । RT News এ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে, য’ত পুটিনে কৈছে যে ভাৰত 1.5 বিলিয়নতকৈ অধিক জনসংখ্যাৰ দেশ যিখন 7 শতাংশতকৈ অধিক হাৰত অৰ্থনৈতিকভাৱে বৃদ্ধি পাইছে । শক্তিশালী দেশখন প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অধিক শক্তিশালী হৈ উঠিছে ।

RT News ৰ প্ৰতিবেদন অনুসৰি, ইয়াৰ পূৰ্বে বুধবাৰে পুটিনে প্ৰধানমন্ত্ৰী মোদীক ‘অতি বুদ্ধিমান ব্যক্তি’ বুলি অভিহিত কৰিছিল আৰু তেওঁৰ নেতৃত্বত ভাৰতে উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে বুলি কৈছিল ।

লগতে পঢ়ক: Priyanka Gandhi slams BJP : ৰাহুলক তুলনা ৰাৱণৰ সৈতে, X যোগে বিজেপিক উভতি ধৰিলে প্ৰিয়ংকা গান্ধীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.