ETV Bharat / bharat

Priyanka Gandhi slams BJP : ৰাহুলক তুলনা ৰাৱণৰ সৈতে, X যোগে বিজেপিক উভতি ধৰিলে প্ৰিয়ংকা গান্ধীয়ে

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 8:50 AM IST

পুনৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণ বিজেপিৰ ৷ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলক দলটোৰ অফিচিয়েল X ৰ পৰা উচটনিমূলক টুইট পোষ্ট কৰাৰ বাবে তীব্ৰ সমালোচনা কৰে ।

BJP graphic depicting Rahul as Ravana
কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণ বিজেপিৰ

নেশ্যনেল ডেস্ক, 6 অক্টোবৰ : নিৰ্বাচন ওচৰ চাপি অহাৰ সমান্তৰালভাৱে কেন্দ্ৰৰ বিজেপি দলটো দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক সহজ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে ৷ এইবাৰ পুনৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী সন্দৰ্ভত বিৰূপ মন্তব্য কৰা পৰিলক্ষিত হৈছে শাসকীয় বিজেপি দলটোক ৷ শেহতীয়া এক X পোষ্টযোগে দলটোৱে ৰাহুল গান্ধীক ৰামায়ণৰ এটি নেতিবাচক চৰিত্ৰ হিচাপে চিহ্নিত ৰাৱণৰ সৈতে তুলনা কৰে ৷ যি কথাত জাঙোৰ খায় উঠিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৷

  • सर्वश्री @narendramodi जी एवं श्री @JPNadda जी! आप राजनीति और बहस-मुबाहसे को गिरावट की कौन-सी मंज़िल तक ले जाना चाहते हैं?

    आपकी पार्टी के आधिकारिक ट्विटर हैंडल से जो हिंसक और उकसाऊ ट्वीट किये जा रहे हैं, क्या उसमें आपकी सहमति है ?

    ज़्यादा समय नहीं बीता, आपने शुचिता की क़सम…

    — Priyanka Gandhi Vadra (@priyankagandhi) October 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ৰাহুল গান্ধীক আক্ৰমণ কৰি X ৰ এক পোষ্টত উল্লেখ কৰে, " এয়া হ’ল নতুন যুগৰ ৰাৱণ ৷ ভাৰত বিপদত পৰিছে । তেওঁ দুষ্ট । ধৰ্ম বিৰোধী । ৰাম বিৰোধী । তেওঁৰ লক্ষ্য ভাৰত ধ্বংস কৰা’’ ।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই তেওঁৰ ভাতৃ তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক মহাকাব্য ৰামায়ণৰ ‘ৰাৱণ’ৰ ৰূপত চিত্ৰিত কৰা সন্দৰ্ভত বিজেপিক তীব্ৰ সমালোচনা কৰে । দলটোৰ অফিচিয়েল X একাউণ্টৰ পৰা উচটনিমূলক পোষ্ট কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টীক তীব্ৰ সমালোচনা কৰে গান্ধীয়ে ।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক ৰাজনীতি আৰু ৰাজনৈতিক বিতৰ্কক কিমান অৱনতি পৰ্যায়লৈ লৈ যাব বিচাৰিছে বুলি সেয়া জনাবলৈ কয় । প্ৰিয়ংকাই X যোগে কয় : "@narendramodi ji আৰু @JPNadda, আপুনি ৰাজনীতি আৰু বিতৰ্কক কি স্তৰলৈ অৱনমিত কৰিব বিচাৰে ? আপোনালোকৰ অফিচিয়েল টুইটাৰৰ পৰা প্ৰকাশ কৰা হিংসাত্মক আৰু উচটনিমূলক টুইটৰ প্ৰতি আপোনাৰ সন্মতি আছে নেকি’’ ।

উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ বিজেপিয়ে ৰাহুল গান্ধীৰ ব্যক্তিত্বৰ ওপৰত কৰা আক্ৰমণক গুৰুত্বসহকাৰে গ্ৰহণ কৰে কংগ্ৰেছ নেতৃত্বই । বিজেপিয়ে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীক আমেৰিকাৰ কোটিপতি বিনিয়োগকাৰী জৰ্জ ছ’ৰ’ছৰ সৈতেও তুলনা কৰিছিল ।

লগতে পঢ়ক: MP upcoming election : মধ্যপ্ৰদেশত ৰাজহুৱা সভা সম্বোধন প্ৰিয়ংকা গান্ধীৰ, ইডিৰ অভিযানক লৈ বিজেপিক সমালোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.