ETV Bharat / international

যুদ্ধবিৰতি আৰম্ভ, বন্দীৰ আদান প্ৰদানৰ বাবে সাজু ইজৰাইল আৰু হামাছ

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 2:24 PM IST

Israel Hamas War
বন্দীৰ আদান প্ৰদানৰ বাবে সাজু ইজৰাইল আৰু হামাছ

কাটাৰ, আমেৰিকা আৰু ইজিপ্তৰ মধ্যস্থতাত কেইবা সপ্তাহৰ পৰোক্ষ আলোচনাৰ অন্তত শুকুৰবাৰে পুৱাৰে পৰা ইজৰাইল-হামাছৰ ৪ দিনীয়া যুদ্ধবিৰতি আৰম্ভ । মুক্ত হ'বলগীয়া বন্দীসকলৰ তালিকা ইজৰাইলী চোৰাংচোৱা সেৱা মোচাদলৈ প্ৰেৰণ কৰা হৈছে ।

ইণ্টাৰনেশ্যনেল ডেস্ক,২৪ নৱেম্বৰ : পুৱা ৭ বজাৰ লগে লগে আৰম্ভ হৈছে ইজৰাইল আৰু হামাছৰ ৪ দিনীয়া যুদ্ধবিৰতি । এই যুদ্ধবিৰতিৰ ফলত ইজৰাইল আৰু পেলেষ্টাইনৰ বন্দী নাগৰিকসকলক দুয়োপক্ষই আদান প্ৰদানৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিবলৈ সাজু হৈছে । যোৱা কেইবা সপ্তাহ ধৰি ইজৰাইলী আক্ৰমণ অব্যাহত আছিল যদিও যুদ্ধবিৰতিৰ লগে লগে গাজাৰ ২.৩ নিযুত লোকে কিছু সকাহ লাভ কৰিছে ।

যুদ্ধবিৰতিৰ সময়ছোৱাত গাজাৰ শাসনাধিষ্ঠ হামাছে দক্ষিণ ইজৰাইলত ৭ অক্টোবৰৰ আক্ৰমণৰ সময়ত বন্দী কৰা প্ৰায় ২৪০ গৰাকী নাগৰিকৰ প্ৰায় ৫০ জনক মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে । হামাছে কৈছে যে ইজৰাইলেও ১৫০ জন পেলেস্তাইনী বন্দীক মুক্ত কৰিব । দুয়োপক্ষই প্ৰথমে মহিলা আৰু শিশুসকলক মুকলি কৰিব । ইজৰাইলে প্ৰতিশ্ৰুতি দিছে যে মুক্ত কৰা অতিৰিক্ত প্ৰতি ১০ গৰাকী বন্দীৰ বিপৰীতে যুদ্ধবিৰতি বৃদ্ধি কৰা হ'ব ।

উল্লেখ্য যে কাটাৰ, আমেৰিকা আৰু ইজিপ্তৰ মধ্যস্থতাকাৰীত যুদ্ধবিৰতিৰ চুক্তি গ্ৰহণ কৰা হৈছিল । যদি এই ধাৰা অব্যাহত থাকে তেনেহ'লে যুদ্ধ বন্ধ হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হ'ব । এই চুক্তিয়ে অৱশেষত যুদ্ধ সমাপ্ত কৰাৰ আশাও সজীৱ কৰিছে ।

অৱশ্যে ইজৰাইলে দাবী কৰিছে যে যুদ্ধবিৰতি সমাপ্ত হোৱাৰ পাছত তেওঁলোকে বৃহৎ আক্ৰমণ পুনৰ আৰম্ভ কৰিবলৈ সংকল্পবদ্ধ । ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সেনাসকলক এই ক্ষেত্ৰত সাজু থাকিবলৈ আহ্বান জনায় ।

ইফালে কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ে জনোৱা মতে শুকুৰবাৰে আবেলি হামাছৰ ওচৰত থকা ১৩ গৰাকী মহিলা আৰু শিশুৰ প্ৰথমটো গ্ৰুপক মুক্ত কৰি দিব । ইজৰাইলৰ ন্যায় মন্ত্ৰালয়ে মুকলি কৰিবলৈ যোগ্য ৩০০ জন বন্দীৰ এখন তালিকা প্ৰকাশ কৰিছে । ইফালে দুয়োপক্ষৰ ফালৰ পৰা তালিকা নিশ্চিত হ'লেই এই প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি কাটাৰ প্ৰশাসনে উল্লেখ কৰিছে ।

ইফালে বন্দীসকলক হাইফাৰ দক্ষিণ-পূবত থকা ডেমন আৰু মেগিডো নামৰ দুখন কাৰাগাৰৰ পৰা অধিকৃত পশ্চিম তীৰৰ ৰামাল্লাৰ দক্ষিণে থকা ওফাৰ কাৰাগাৰলৈ চূড়ান্ত ৰেডক্ৰছ পৰীক্ষাৰ বাবে স্থানান্তৰ কৰা হ'ব ।

লগতে পঢ়ক :ইজৰাইলী বন্দীৰ পৰিয়ালৰ প্ৰতিনিধিক সাক্ষাৎ পোপ ফ্ৰান্সিছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.