ETV Bharat / international

ইজৰাইলী বন্দীৰ পৰিয়ালৰ প্ৰতিনিধিক সাক্ষাৎ পোপ ফ্ৰান্সিছৰ

author img

By ANI

Published : Nov 23, 2023, 9:32 AM IST

সাক্ষাতৰ অন্তত পোপে কয় যে তেওঁ এই ক্ষেত্ৰত সহায় কৰিবলৈ তেওঁৰ ক্ষমতাৰ অধীনত থকা সকলো কৰিব ।

ইজৰাইলী বন্দীৰ পৰিয়ালৰ প্ৰতিনিধিক সাক্ষাৎ পোপ ফ্ৰান্সিছৰ
ইজৰাইলী বন্দীৰ পৰিয়ালৰ প্ৰতিনিধিক সাক্ষাৎ পোপ ফ্ৰান্সিছৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ নৱেম্বৰ : পোপ ফ্ৰান্সিছে বুধবাৰে পুৱা ভেটিকানত গাজাত বন্দী হৈ থকা ইজৰাইলীসকলৰ পৰিয়ালৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰে । এই পৰিয়ালবোৰে তেওঁক হামাছৰ হাতত বন্দী হৈ থকা সকলো পণবন্দীক মুকলিৰ বাবে স্পষ্ট আহ্বান জনাবলৈ আবেদন জনায় ।

এলেক্স নামৰ গাজাত বন্দা হৈ থকা এগৰাকী ৭৫ বছৰীয়া লোকৰ পুত্ৰ য়ুভাল ডানজিগে কয়, "মোৰ কথাৰ শেষত পোপে কয় যে তেওঁ মোৰ পিতৃৰ বিষয়ে শুনিছে ।" তেওঁৰ পিতৃ এলেক্স পোলেণ্ডলৈ যোৱা যুৱ প্ৰতিনিধি দলৰ এজন পথপ্ৰদৰ্শক আছিল । "সন্ত্ৰাস যুদ্ধতকৈও বেয়া ।" পোপে প্ৰতিনিধি দলটোক কয় । আনহাতে, সাক্ষাতৰ অন্তত পোপে কয় যে তেওঁ এই ক্ষেত্ৰত সহায় কৰিবলৈ তেওঁৰ ক্ষমতাৰ অধীনত থকা সকলো কৰিব ।

আনহাতে, ভেটিকানত ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰফি শ্বুটজে উল্লেখ কৰে যে বিষয়টো বিশ্ব কাৰ্যসূচীৰ কেন্দ্ৰবিন্দু হৈ থকাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই বৈঠক অনুষ্ঠিত হৈছে । এয়া হৈছে সকলো পণবন্দীক সোনকালে মুকলি কৰি দিয়াৰ বাবে মন্ত্ৰালয়ৰ গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ এটা অংশ ।

লগতে শ্বুটজে এই কথাত গুৰুত্ব দি কয় যে পোপৰ সৈতে হোৱা বৈঠক দুটা দিশত অনন্য । "বিশ্বজুৰি প্ৰায় ১.৩ বিলিয়ন বিশ্বাসীৰ নেতা হোৱাৰ বাবে পণবন্দীসকলক এক গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক প্ৰক্ৰিয়া মুকলি কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে তেওঁ মন্তব্য প্ৰদান কৰে ।" তেওঁ কয় ।

তেওঁ লগতে কয়, "ইয়াৰ উপৰি মুছলমান বিশ্বৰ ধৰ্মীয় নেতাসকলৰ সৈতে দহ বছৰ ধৰি পোপে যি সম্পৰ্ক গঢ়ি তুলিলে, সেইবোৰে ধৰ্মীয় আৰু ৰাজনৈতিক ভিত্তিত নহয় । এই মানৱীয় প্ৰচেষ্টাত সহায় কৰিব পাৰে ।"

উল্লেখ্য যে মঙলবাৰে প্ৰতিনিধি দলটোৱে ইটালীৰ উপ-প্ৰধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এণ্টনিঅ' টায়ানি আৰু সংস্কৃতি মন্ত্ৰী চাঞ্জিয়ানিয়ানোকো সাক্ষাৎ কৰে । তেওঁলোকে পৰিয়ালসমূহক সমৰ্থন জনাই সহমৰ্মিতা প্ৰকাশ কৰে আৰু গাজাৰ সকলো অপহৰণকাৰীক তাৎক্ষণিকভাৱে মুক্তি দিয়াৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক :ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি নিশ্চিত কৰিলে কাটাৰে; আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ঘোষণা কৰিব আৰম্ভণিৰ সময়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.