ETV Bharat / international

Bangladesh violence: বিএনপি আৰু আৱামী লীগৰ সংঘৰ্ষ; ৫০ কৰ্মী আহত

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 3:09 PM IST

অভিযোগ অনুসৰি কুমিল্লাত আৱামী লীগৰ একাংশ সদস্যই বিএনপিৰ নেতা আৰু কৰ্মীক আক্ৰমণ কৰে । আৱামী লীগৰ লোকসকলে গুলীচালনা কৰাত বিএনপি কৰ্মী আহত হয় ।

Bangladesh violence
বিএনপি আৰু আৱামী লীগৰ সংঘৰ্ষ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ আগষ্ট : বাংলাদেশত ভয়ংকৰ ঘটনা । শনিবাৰে এক গুলীচালনাত বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বিএনপি)ৰ কমেও ৫০ গৰাকী নেতা আৰু কৰ্মী আহত হয় । অভিযোগ অনুসৰি আৱামী লীগৰ কৰ্মীয়ে গুলীচালনা কৰিছিল ।

অভিযোগ অনুসৰি লালমাই উপ-জিলা পৰিষদৰ অধ্যক্ষ কামৰুল হাছান আৰু কুমিল্লা সদৰ দক্ষিণ উপ জিলা পৰিষদৰ অধ্যক্ষ গোলাম চাৰৱাৰৰ সমৰ্থক আৱামী লীগৰ লোকসকলে বি এন পি নেতাসকলক লক্ষ্য কৰি গুলীচালনা কৰিছিল ।

স্থানীয় বিএনপিৰ কৰ্মীসকলে অভিযোগ কৰা মতে আৱামী লীগৰ লোকসকলে তেওঁলোকৰ অনুষ্ঠানত লণ্ডভণ্ড কৰে । জানিব পৰা মতে ঘটনাটো কুমিল্লাৰ লালমাই উপ- জিলাৰ বেলঘৰ ডাকখিন ইউনিয়নত সংঘটিত হৈছিল । বিএনপিৰ অধ্যক্ষৰ উপদেষ্টা তথা প্ৰাক্তন সাংসদ মনিৰুল হক চৌধুৰীয়ে কোৱা মতে কাৰ্যসূচী আৰম্ভ হোৱাৰ সময়ত তেওঁ সন্ধিয়া ৫ বজাত তাত উপস্থিত থকাৰ কথা আছিল ।

অভিযোগ অনুসৰি আৱামী লীগৰ একাংশ কৰ্মী সেই স্থানত লুকাই আছিল । সেই লোকসকলেই লণ্ডভণ্ড কৰে আৰু গুলীচালনা কৰে । মনিৰুল হক চৌধুৰীয়ে জনোৱা মতে জুবো দলৰ নেতা ফিৰোজ আৰু মনিৰ গুলীত আঘাতপ্ৰাপ্ত হয় আৰু এজনৰ মূৰত গুলী লাগে । স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আহত নেতাসকলক কুমিল্লা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ।

ইফালে, কুমিল্লা সদৰ দক্ষিণ উপ জিলা পৰিষদৰ অধ্যক্ষ গোলাম চাৰৱাৰে এই অভিযোগ অস্বীকাৰ কৰে । তেওঁ কয় যে স্থানীয় গিয়াৰ ভাঙ্গা-বেলঘৰ পথত আৱামী লীগৰ সমদলৰ সময়ত বি এন পিৰ সমৰ্থকসকলে গুলীচালনা কৰে আৰু দলটোৰ কেইবাজনো লোক আহত হয় ।

লালমাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হানিফ চাৰকাৰে কয় যে প্ৰাক্তন সাংসদ মনিৰুল হক চৌধুৰীয়ে বেলঘৰত এগৰাকী অসুস্থ বি এন পি নেতাক সাক্ষাৎ কৰাৰ কথা আছিল । সেই সময়ত গাওঁখনত আৱামী লীগৰ এখন শান্তি সমদল অনুষ্ঠিত হৈ আছিল । যেতিয়া বি এন পিৰ লোকসকলে আৱামী লীগৰ ৰেলীত ইটা নিক্ষেপ কৰিছিল তেতিয়া কিছু বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছিল । অৱশ্যে আৰক্ষীয়ে ঘটনাস্থলীত গুলীচালনাৰ কোনো তথ্য পোৱা নাই ।

লগতে পঢ়ক :USA news : আমেৰিকাত একেদিনাই দুটা স্থানত গুলীচালনাৰ ঘটনা; নিহত 3 আহত 7

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.