ETV Bharat / international

ভূমিকম্পৰ প্ৰায় ৫ দিনৰ অন্তত জীৱিত অৱস্থাত উদ্ধাৰ ৯০ বছৰীয়া বৃদ্ধা

author img

By PTI

Published : Jan 7, 2024, 11:41 AM IST

Japan earthquake
ভূমিকম্পৰ প্ৰায় ৫ দিনৰ অন্তত জীৱিত অৱস্থাত উদ্ধাৰ ৯০ বছৰীয়া বৃদ্ধা

১ জানুৱাৰীৰ ভয়ংকৰ ভূমিকম্পৰ পিচত জাপানত কেইবাটাও জোকাৰণি দেখা গৈছে (Japan earthquake)। যাৰ বাবে বিপদাশংকা বাঢ়ি আহিছে । ইয়াৰ মাজতে প্ৰায় ৫ দিনৰ অন্তত জীৱিত অৱস্থাত উদ্ধাৰ ৯০ বছৰীয়া এগৰাকী বৃদ্ধা ।

ইণ্টাৰনেশ্যনেল ডেস্ক,৭ জানুৱাৰী : ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতে শক্তিশালী ভূমিকম্পই জাপানক জোকাৰি গৈছিল । স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি এতিয়ালৈ দেশখনত এই ভূমিকম্পত মৃত্যুৰ সংখ্যা ১২০ অতিক্ৰম কৰিছে । এতিয়াও খহি পৰা অট্টালিকাবোৰৰ ধ্বংসস্তুপত উদ্ধাৰ অভিযান অব্যাহত আছে ।

ইয়াৰ মাজতে উদ্ধাৰকাৰী দলে এগৰাকী ৯০ বছৰীয়া বৃদ্ধাক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ধ্বংসস্তুপৰ মাজত প্ৰায় ৫ দিন ধৰি আৱদ্ধ হৈ আছিল বৃদ্ধাগৰাকী । এই খবৰে দেশখনৰ সকলোকে আচৰিত কৰি তুলিছে । ইফালে ধ্বংসস্তুপৰ মাজত বহু লোক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰিছে লোকসকলে ।

উল্লেখ্য যে যোৱা কেইদিনমানৰ পৰা কেইবাটাও নাটকীয় উদ্ধাৰৰ খবৰ পোৱা গৈছে । সেনা, অগ্নিনিৰ্বাপক বাহিনী আৰু অন্যান্য উদ্ধাৰকাৰী দলে ব্যাপক অভিযান চলাই আছে । কিন্তু ইয়াৰ মাজতে জাপানত মৃতকৰ সংখ্যা ১২৬ লৈ বৃদ্ধি পালে । মৃতকৰ ভিতৰত এগৰাকী ৫ বছৰীয়া কিশোৰো আছিল । সোমবাৰে হোৱা ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ সময়ত গৰম পানী শৰীৰত পৰাৰ পাছতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । কিশোৰজন কিছু আৰোগ্য হৈছিল যদিও তেওঁৰ অৱস্থা হঠাতে অৱনতি ঘটে আৰু শুকুৰবাৰে তেওঁৰ মৃত্যু হয় ।

ভূমিকম্পৰ পিচত পুনৰ দেশখনত কেইবাটাও জোকাৰণি দেখা গৈছে । ফলস্বৰূপে বহু অট্টালিকা ধ্বংসস্তুপত পৰিণত হোৱাৰ উপক্ৰম হৈছে । সাহায্য অভিযানৰ বাবে গুৰুত্বপূৰ্ণ পথবোৰো বন্ধ হৈ পৰিছে । বিষয়াসকলে সতৰ্ক কৰি দিছে যে ইতিমধ্যে ফাটি যোৱা ৰাস্তাবোৰ সম্পূৰ্ণৰূপে খহি পৰিব পাৰে । দেওবাৰে বৰষুণ আৰু তুষাৰপাতৰ সম্ভাৱনাৰ সৈতে সেই বিপদাশংকা বাঢ়ি আহিছে । ৱাজিমা চহৰত সৰ্বাধিক ৬৯ গৰাকী লোকৰ মৃত্যু হৈছে । তাৰ পিচত চুজুত ৩৮ গৰাকী । ভূমিকম্পত ৫০০ ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে । তেওঁলোকৰ ভিতৰত প্ৰায় ২৭ গৰাকী গুৰুতৰভাৱে আহত হৈছে । জানিব পৰা মতে ২০০ৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে ।

লগতে পঢ়ক :চোমালিয়াৰ ওচৰত ১৫ ভাৰতীয়সহ কাৰ্গো জাহাজ অপহৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.