ETV Bharat / international

গেটছক চেৰ পেলাই বিশ্বৰ দ্বিতীয় সম্পদশালী ব্যক্তি হ'ল মাস্ক

author img

By

Published : Nov 24, 2020, 10:12 PM IST

বিশ্বৰ দ্বিতীয় সম্পদশালী ব্যক্তি হ'ল মাস্ক
তেছলাৰ মুৰব্বী ইলন মাস্ক

বিশ্বৰ দ্বিতীয় সম্পদশালী ব্যক্তি হ'ল তেছলাৰ মুৰব্বী ইলন মাস্ক ৷ তেওঁ অতিক্ৰম কৰে মাইক্ৰ'ছফ্টৰ সহ প্ৰতিষ্ঠাপক বিল গেটছক ৷

ইন্টাৰনেশ্যনেল ডেস্ক, 24 নৱেম্বৰ : মাইক্ৰ'ছফ্টৰ সহ প্ৰতিষ্ঠাপক বিল গেটছক অতিক্ৰম কৰি তেছলাৰ মুৰব্বী ইলন মাস্ক বিশ্বৰ দ্বিতীয় সম্পদশালী ব্যক্তি হিচাপে পৰিগণিত হ'ল ৷

The Bloomberg Billionaires Index য়ে সোমবাৰে তেছলা মুৰব্বীজনৰ সম্পত্তি $127.9 বিলিয়ন বুলি জানিবলৈ দিয়ে ৷ আনহাতে, গেটছৰ সম্পত্তিৰ মূল্য $127.7 বিলিয়ন বুলি উল্লেখ কৰা হৈছে ৷

উল্লেখ্য যে, 2020 চনৰ জানুৱাৰীৰ পৰা 49 বৰ্ষীয় উদ্যোগপতি গৰাকীয়ে অতিৰিক্ত $100 বিলিয়ন তেওঁৰ সম্পত্তিৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে ৷ বিশ্বৰ শীৰ্ষ 500 জন ধনী ব্যক্তিৰ তালিকাৰ দ্ৰুত হাৰত ধনী হোৱা ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে মাস্কে ৷

ইলেক্ট্ৰিক গাড়ী নিৰ্মাণকাৰী সংস্থা তেছলাৰ শ্বেয়াৰ বৃদ্ধি পোৱাৰ লগে লগে মাস্কৰ ভাগ্যৰো উদয় হ'ল ৷ সোমবাৰ পৰ্যন্ত তেওঁৰ বজাৰ মূল্য $500 বিলিয়নলৈ বৃদ্ধি পালে ৷

মাস্ক আৰু গেটৰ সম্পত্তিৰ মাজত বহু বেছি ব্যৱধান নাই আৰু অতি সোনকালে এই স্থানত সালসলনি হোৱাৰো সম্ভাৱনা আছে ৷

বিল গেটছৰ বৰ্তমানৰ সম্পত্তি হৈছে $127.7 বিলিয়ন আৰু ধাৰাবাহিকভাৱে দান-বৰঙণি নকৰা হ'লে বৰ্তমানো তেওঁ শীৰ্ষ স্থান অধিকাৰ কৰিলেহেঁতেন ৷ গেটছে তেওঁৰ বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেছনলৈ 2006 চনৰ পৰা $27 বিলিয়ন দান কৰিছে ৷

উল্লেখ্য যে, 2017 চনৰ পৰা চাৰিবছৰ পৰ্যন্ত বিশ্বৰ সম্পদশালী ব্যক্তি আছিল গেটছ ৷ কিন্তু তেওঁক অতিক্ৰম কৰে এমাজনৰ মুখ্য কাৰ্যবাহী বিষয়া জেফ বেজছে ৷ বৰ্তমান $182 বিলিয়নেৰে বিশ্বৰ সম্পদশালী ব্যক্তিৰ শীৰ্ষ স্থান দখল কৰি আছে বেজছে ৷

লগতে পঢ়ক : ট্ৰাম্পক দিয়া ৰেগেৰেনৰ ক'ভিড ঔষধক জৰুৰীকালীন অৱস্থাত প্ৰয়োগৰ সন্মতি প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.