ETV Bharat / international

ট্ৰাম্পক দিয়া ৰেগেৰেনৰ ক'ভিড ঔষধক জৰুৰীকালীন অৱস্থাত প্ৰয়োগৰ সন্মতি প্ৰদান

author img

By

Published : Nov 22, 2020, 8:30 PM IST

জৰুৰীকালীন অৱস্থাত ৰেগেনেৰন ফাৰ্মাচিটিউকেলচ এন্টিবডী ট্ৰিটমেন্ট প্ৰয়োগ কৰাৰ বাবে সংযুক্ত ৰাষ্ট্ৰৰ ফুড আৰু ড্ৰাগ এডমিনিস্ট্ৰেশ্যন (এফডিএ)ৰ সন্মতি প্ৰদান ৷ ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ সময়ত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক প্ৰদান কৰা হৈছিল এই ঔষধ ৷

ট্ৰাম্পক দিয়া ৰেগেৰেনৰ ক'ভিড ঔষধক জৰুৰীকালীন অৱস্থাত প্ৰয়োগৰ সন্মতি প্ৰদান
ট্ৰাম্পক দিয়া ৰেগেৰেনৰ ক'ভিড ঔষধক জৰুৰীকালীন অৱস্থাত প্ৰয়োগৰ সন্মতি প্ৰদান

নিউ ইয়ৰ্ক, 22 নৱেম্বৰ: ক'ভিডত আক্ৰান্ত হোৱাত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক প্ৰদান কৰা ৰেগেনেৰন ফাৰ্মাচিউটিকেলৰ এন্টিবডী চিকিৎসাক জৰুৰীকালিন অৱস্থাত প্ৰয়োগৰ বাবে সন্মতি প্ৰদান কৰিছে সংযুক্ত ৰাষ্ট্ৰৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন (এফডিএ) য়ে ৷

এক বিবৃতিত ৰেগেনেৰনৰ মুখ্য কাৰ্যবাহী বিষয়া তথা সভাপতি গৰাকীয়ে কয় যে ক'ভিড-19 অতিমাৰীৰ বিৰুদ্ধে যুঁজ খনত জৰুৰীকালীন অৱস্থাত ৰেগেনেৰনৰ ফাৰ্মাচিটিউকেলচ এন্টিবডী ট্ৰিটমেন্ট প্ৰয়োগ কৰাৰ বাবে এফডিএৰ এই সন্মতি এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ এই পদক্ষেপৰ জৰিয়তে সংযুক্ত ৰাষ্ট্ৰৰ গুৰুতৰ ভাৱে আক্ৰান্ত ৰোগী সকলে এক আশানুৰূপ চিকিৎসা লাভ কৰিবলৈ সক্ষম হ'ব ৷

বিবৃতিটোত লগতে ইয়াকো কোৱা হয় যে বিগত তিনিটা দশক ধৰি ৰেগেনেৰনে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত যি বিনিয়োগ কৰিছে সেই বিনিয়োগেই ৰেগেনেৰনক REGEN-COV2 আৱিস্কাৰ কৰাৰ বাবে সমৰ্থ কৰি তুলিছে ৷ ৰেগেনেৰনে নৱেম্বৰৰ শেষৰ ভাগলৈ প্ৰায় 80,000 ৰোগীৰ বাবে REGEN-COV2 ঔষধ প্ৰস্তুত কৰি উলিওৱাৰ কথা চিন্তা কৰিছে ৷ জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত 2,00,000 ৰ বাবে এই ঔষধ প্ৰস্তুত কৰি তোলাৰ পৰিৱৰ্তে জানুৱাৰীৰ শেষৰ ভাগলৈ 3,00,00 ৰোগীৰ বাবে প্ৰতিষ্ঠানটোৱে ঔষধ প্ৰস্তুত কৰি উলিওৱাৰ পৰিকল্পনা কৰিছে ৷

লগতে পঢ়ক: ডিব্ৰুগড় বিমানবন্দৰত ভাৰতীয় বিমান প্ৰাধিকৰণৰ মক ড্ৰিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.