ETV Bharat / international

অলিম্পিকৰ বাতৰি সংগ্ৰহত সাংবাদিকক বাধা নিদিবলৈ চীনক আহ্বান আমেৰিকাৰ

author img

By

Published : Nov 5, 2021, 2:24 PM IST

Beijing Olympics
অলিম্পিকৰ বাতৰি সংগ্ৰহত সাংবাদিকক বাধা নিদিবলৈ চীনক আহ্বান আমেৰিকাৰ

আহি থকা বেইজিং অলিম্পিকৰ প্ৰাকক্ষণত পুনৰ বিতৰ্কত চীন । অলিম্পিকৰ প্ৰস্তুতিৰ বাতৰি সংগ্ৰহত সাংবাদিকক বাধা চীনৰ । তেনে সময়তে আমেৰিকাই বিশেষ আহ্বান জনালে চীনক ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ নৱেম্বৰ : ২০২২ চনত চীনৰ বেইজিঙত হ'ব বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক । ইতিমধ্যে চীনে প্ৰশাসনে শীতকালীন অলিম্পিক আয়োজনক লৈ তৎপৰতা আৰম্ভ কৰিছে । কিন্তু তাৰ পূৰ্বে বিভিন্ন ধৰণৰ বিতৰ্ক আৰম্ভ হৈছে । বিশেষকৈ অলিম্পিকৰ প্ৰাক মুহূৰ্তত দেশখনত সাংবাদিকৰ প্ৰৱেশত বাধাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইয়াৰ মাজতে চীনক আমেৰিকা চৰকাৰে বিশেষ আহ্বান জনোৱা দেখা গৈছে । এক বিশেষ সংবাদমাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি সাংবাদিকৰ প্ৰৱেশ আৰু চলাচলত বাধা নিদিবলৈ চীনক আহ্বান জনাইছে আমেৰিকা চৰকাৰে । ইফালে আমেৰিকাই এই খেলত অংশ ল'ব নে নাই সেই কথা প্ৰকাশ নকৰিলেও চীনৰ মানৱ অধিকাৰৰ বিষয়ত সদায় ৱাশ্বিংটনে উদ্বেগ প্ৰকাশ কৰি যাব বুলি উল্লেখ কৰে ।

বৃহস্পতিবাৰে সংবাদমাধ্যমৰ সন্মুখত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ নেড প্ৰাইচে কয় যে, তেওঁলোকে পিপলছ ৰিপাব্লিক অৱ চাইনাৰ (PRC) বিষয়াসকলক আহ্বান জনাইছে যাতে তেওঁলোকে সাংবাদিকসকলৰ চলাচল আৰু প্ৰৱেশাধিকাৰৰ স্বাধীনতা সীমিত নকৰে । লগতে অলিম্পিক আৰু পেৰালিম্পিক গেমছৰ সকলো খবৰ যাতে সাংবাদিকসকলে মুক্তভাৱে প্ৰকাশ কৰিব পাৰে তাত বাধা প্ৰদান নকৰিবলৈও আহ্বান জনায় ।

উল্লেখ্য যে, চলিত সপ্তাহতে এক বিবৃতিযোগে বেইজিঙৰ সাংবাদিকসকলে চীনত অলিম্পিক সম্পৰ্কীয় প্ৰতিবেদনৰ স্বচ্ছতা আৰু স্পষ্টতাৰ অভাৱ সম্পৰ্কে গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল । সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি চীনৰ বিদেশী সাংবাদিকৰ ক্লাবে এটা টুইটত কয় যে যোৱা বছৰটোত, বিদেশী প্ৰেছ কৰ্পছে শীতকালীন অলিম্পিক গেমছৰ প্ৰস্তুতিৰ কভাৰেজত নিৰন্তৰ বাধা লাভ কৰি আছে । প্ৰতিবেদন অনুসৰি নিয়মীয়া অনুষ্ঠানত উপস্থিত থকাৰ পৰাও বঞ্চিত আছিল আৰু সাংবাদিকসকলক চীনৰ ক্ৰীড়া ক্ষেত্ৰসমূহ ভ্ৰমণ কৰাত বাধা দিয়া হৈছিল ।

সংবাদমাধ্যমৰ প্ৰতিবেদনটোত এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিকৰ কথাও উল্লেখ কৰা হৈছে । সাংবাদিক গৰাকীয়ে অলিম্পিকৰ স্থান ভ্ৰমণ কৰি এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল, য'ত মানৱ অধিকাৰ উলংঘনৰ কথা উল্লেখ কৰিছিল । ইয়াৰ ঠিক পাছতে আয়োজকে ফোন কৰি তেওঁৰ প্ৰতিবেদনৰ বাবে ইংৰাজী আৰু চীনা ভাষাত গালি গালাজ কৰিছিল । লগতে ভৱিষ্যতে তেওঁলোকক নিমন্ত্ৰণ নকৰাৰ ভাবুকি দিছিল । তেতিয়াৰ পৰা সাংবাদিকগৰাকীক তাত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই ।

ইফালে, চীনৰ মানৱ অধিকাৰ উলংঘনৰ বাবে মানৱ অধিকাৰ কৰ্মী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ ডেমক্ৰেটিক আৰু ৰিপাব্লিকান সদস্য উভয়ে শীতকালীন অলিম্পিক বৰ্জনৰ আহ্বান জনাইছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে শেহতীয়াকৈ কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই মানৱ অধিকাৰৰ বিষয়বোৰৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি থাকিব ।

লগতে পঢ়ক:কাবুলৰ মিলিটেৰী হাস্পতালৰ বাহিৰত বিষ্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.