ETV Bharat / international

এইবাৰ আফগানিস্তানত সলনি হ’ব নেকি তালিবানৰ পুৰুষতান্ত্ৰিক চৰিত্ৰ?

author img

By

Published : Aug 17, 2021, 4:45 PM IST

Updated : Aug 20, 2021, 11:21 AM IST

আফগানত তালিবানৰ শাসনে দেশখনৰ নাগৰিকসকলক বিশেষকৈ মহিলাসকলক পুনৰ অন্ধকাৰ ভৱিষ্যতৰ দিশে ঠেলি দিব নেকি? সমগ্ৰ বিশ্বৰে শংকাৰ বিপৰীতে তালিবানে কিন্তু এইবাৰ আফগানিস্তানৰ চৰকাৰত মহিলাৰ অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে ৷ এয়া তালিবানৰ নিজৰ বিষয়ে থকা বিদ্বেষমূলক ছবিখন সলনি কৰাৰ প্ৰয়াস নেকি?

Is Taliban trying to shed its misogynistic image?
নিজৰ বিদ্বেষমূলক ছবিখন সলনি কৰাৰ কৰাৰ প্ৰয়াস কৰিছে নেকি তালিবানে ?

ইন্টাৰনেশ্যনেল ডেস্ক, 17 আগষ্ট : আফগানিস্তানৰ গাদীত তালিবান অধিষ্ঠিত হোৱাৰ পিছতে দেশখনত মহিলাসকলৰ স্বাধীনতাক লৈ পুনৰবাৰ প্ৰশ্ন উত্থাপন হৈছে ৷ তালিবানী যোদ্ধাসকলৰ বৰ্বৰতা তথা মহিলাক দমন নীতিয়ে সমগ্ৰ বিশ্বতে সংবাদৰ শিৰোনাম দখল কৰিছে ৷ কিন্তু এইসমূহ আশংকাৰ মাজতো এক বিপৰীত ছবিহে ভাহি আহিছে সংগঠনটোৰ তৰফৰ পৰা ৷ এনে লাগিছে যেন মৌলবাদী এই সংগঠনটোৱে নিজৰ পূৰ্বৰ ছবিখন নোহাৱা কৰিবৰ বাবে আৰু ৰাইজৰ মাজত এই ভয় দূৰ কৰিবলৈ প্ৰয়াস কৰিছে ৷

তালিবানে কাবুল দখল কৰাৰ পিছতেই এগৰাকী মহিলা বাতৰি পৰিৱেশকে স্থানীয় এটি সংবাদ মাধ্যমত সংগঠনটোৰ এগৰাকী নেতাৰ সাক্ষাৎকাৰ লৈছিল ৷ এই ছবিখন টুইটাৰযোগে শ্বেয়াৰ কৰি সেই সংবাদ গোষ্ঠীটোৰ মুখ্য সম্পাদক মিৰাক পোপালে লিখিছিল, "Our female presenter is interviewing a Taliban media team member live in our studio @TOLOnews #Afghanistan" অৰ্থাৎ ‘আমাৰ এগৰাকী মহিলা বাতৰি পৰিৱেশকে তালিবানী সাংবাদ দলৰ এগৰাকী সদস্যৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে ৷’

Is Taliban trying to shed its misogynistic image?
TOLOnewsৰ টুইট

সমান্তৰালকৈ, তালিবানী সাংস্কৃতিক সংগঠনৰ সদস্য ইনামুল্লা চমনগানীয়ে মঙলবাৰে আফগান ৰাজ্যিক টেলিভিছনত মহিলাসকলক চৰকাৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

ইনামুল্লা চমনগানীয়ে লগতে কয়, "ইছলামিক এমিৰাটে মহিলাক ভুক্তভোগী হোৱাটো নিবিচাৰে " ৷ যেতিয়া 1996 চনৰ পৰা 2001লৈ প্ৰথবাৰৰ বাবে আফগানিস্তানত তালিবান শাসনলৈ আহিছিল তেওঁলোকে নিজৰ বিদ্বেষমূলক আচৰণ আৰু মহিলাৰ ওপৰত কৰা অত্যাচাৰৰ বাবে আন্তৰ্জিকভাৱে কুখ্যাত হৈ পৰিছিল ৷

লগতে পঢ়ক : আফগানিস্তানত তালিবানৰ দপদপনি

আফগানিস্তানত সামাজিক স্থানত মহিলাসকলক সকলো সময়তে বোৰ্খা পৰিধান কৰিবলৈ বাধ্য কৰোৱা হৈছিল ৷ এগৰাকী তালিবানী মুখপাত্ৰৰ মতে, এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক নথকা আন পুৰুষৰ বাবে "মহিলাৰ চেহেৰাই সকলোধৰণৰ দুৰ্নীতিৰ উৎস" ৷ এক প্ৰণালীবদ্ধ পৃথকীকৰণ যাক কেতিয়াবা লিংগ বৈষম্য বুলিও কোৱা হয় তাৰ ফলত মহিলাসকলক কাম কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল ৷ 8 বছৰৰ পিছত তেওঁলোকৰ নাছিল শিক্ষাগ্ৰহণৰ অনুমতি ৷ 8 বছৰ বয়সলৈ তেওঁলোকক কেৱল কোৰাণৰ শিক্ষাহে প্ৰদান কৰা হৈছিল ৷

মহিলাসকলক চাইকেল বা মটৰ চাইকেলত বহাৰ ক্ষেত্ৰত আছিল নিষেধাজ্ঞা ৷ তেওঁলোকে মহৰম বা পৰিয়ালৰ আন সদস্যসকলৰ সৈতেও মটৰচাইকেলত বহিব নোৱাৰিছিল ৷ আনকি টেক্সিটো তেওঁলোকে মহৰম অবিহনে অকলে ফুৰাৰ ক্ষেত্ৰত আছিল সম্পূৰ্ণ নিষেধাজ্ঞা ৷ বাছসমূহত পুৰুষ-মহিলাক একেলগে উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল ৷ ইয়াৰ বাবে পৃথক পৃথক বাছ সেৱা মুকলি কৰা হৈছিল ৷

Is Taliban trying to shed its misogynistic image?
তালিবানী নেতাক সাক্ষাৎকাৰ লোৱা অৱস্থাত মহিলা বাতৰি পৰিৱেশক

হাস্পতালসমূহত পুৰুষ চিকিৎসকে চিকিৎসা প্ৰদান কৰিব নোৱাৰিছিল মহিলাক ৷ ইয়াৰ বাবে মহিলাসকলে চিকিৎসা সেৱাৰ বাবে বহু দূৰলৈ যাবলগীয়া হৈছিল ৷

এতিয়া তালিবান পুনৰবাৰ আফগানিস্তানৰ শাসনলৈ অহাৰ পিছত ইয়াৰ নাগৰিকসকলৰ মাজত পুনৰ ভয় আৰু শংকাই দেখা দিছে ৷ শংকিত আফগান নাগৰিকসকলে দেশ এৰি যাবলৈ হাহাকাৰ কৰিছে ৷

ইনামুল্লা চমনগানীৰ ভাষ্য আৰু তালিবানী নেতাৰ সাক্ষাৎকাৰে মহিলাসকৰ শংকা কিছু দূৰ কৰিলেও আফগানসকলৰ বিশ্বাসৰ পাত্ৰ হ’বলৈ তালিবানে এতিয়াও বহু কাৰ্য কৰিবলগীয়া আছে ৷ তালিবানী সেনাৰ মহিলাক লৈ কৰা মন্তব্যই 2019 চনৰে পৰা দিল্লীতে থকা আদিবাক এতিয়াও পতিয়ন নিয়াবলৈ সক্ষম হোৱা নাই ৷

ইটিভি ভাৰতৰে হোৱা সাক্ষাৎকাৰত আদিবাই কয়, "তালিবানীসকল যথেষ্ট চতুৰ ৷ তেওঁলোকে কিছু দেশৰ চৰকাৰ আৰু ৰাষ্ট্ৰ সংঘৰ পৰা গ্ৰহণযোগ্যতা পাবলৈ এইসমূহ মন্তব্য কৰিছে ৷ কিন্তু সময়ৰ সৈতে লাহে লাহে তেওঁলোকে নিজৰ প্ৰকৃত স্বৰূপ উদঙাই দিব ৷"

লগতে পঢ়ক : এতিয়াৰে পৰা বায়ুসেনা সহ বিশাল সামৰিক সম্পত্তিৰ অধিকাৰী হ’ব তালিবান

Last Updated : Aug 20, 2021, 11:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.