ETV Bharat / international

এতিয়াৰে পৰা বায়ুসেনা সহ বিশাল সামৰিক সম্পত্তিৰ অধিকাৰী হ’ব তালিবান

author img

By

Published : Aug 16, 2021, 7:50 PM IST

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাটো(NATO) বাহিনীয়ে খৰখেদাকৈ আফগানিস্তানৰ পৰা প্ৰস্থান কৰাৰ লগে লগে তালিবানী(Taliban) সকলে অপ্ৰত্যাশিতভাৱে লাভ কৰিছে বিশাল অস্ত্ৰ-শস্ত্ৰ আৰু গেজেট ৷ কাহানিও সপোনতো নেদেখা এক বিশাল বায়ু সেনাৰো এতিয়া গৰাকী হৈ পৰিছে সন্ত্ৰাসবাদী সংগঠনটো ৷

thanks-to-us-taliban-has-an-air-force-now-11-military-bases
এতিয়াৰে পৰা বায়ুসেনা সহ বিশাল সামৰিক সম্পত্তিৰ অধিকাৰী হ’ব তালিবান

ইন্টাৰনেছনেল ডেস্ক, 16 আগষ্ট : আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ আফগানিস্তান ত্যাগ আৰু আফগান সেনাৰ দ্বাৰা আত্মসমৰ্পনে শক্তিশালী কৰি তুলিছে তালিবানক ৷ অতি সোনকালে আৰু সহজেই এতিয়া বিদ্ৰোহী সংগঠনটোৱে এক বিশাল সামৰিক সম্পদৰ ওপৰত হাত ৰাখিব পাৰিব । কেৱল আফগানিস্তানক নিৰাপত্তা প্ৰদান কৰাত আফগান চৰকাৰক সহায় কৰিবলৈ, আমেৰিকাই 30 জুন, 2021 তাৰিখলৈকে প্ৰায় 89 বিলিয়ন ডলাৰ বিনিয়োগ কৰিছিল ।

আশ্ৰাফ ঘানি নেতৃত্বাধীন আফগান চৰকাৰৰ আকস্মিক চন্দ-পতনৰ পিছত এতিয়া এইটো সহজেই অনুমেয় যে, সেই বিনিয়োগৰ যথেষ্ট অংশ এতিয়া তালিবানৰ হাতত পৰিছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী পৰিসংখ্যা অনুসৰি, এপ্ৰিলৰ পৰা জুন 2021 লৈ তিনি মাহত, আমেৰিকাই আফগান ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু সুৰক্ষা বাহিনীক (Afghan National Defense and Security forces) ছখন A-29 light attack aircraft, 174 খন High Mobility Multipurpose Wheeled Vehicles, প্ৰায় 10,000 2.75 ইঞ্চি উচ্চ high-explosive rockets, 50 কেলিবাৰ এমোৰ 9,00,000 ৰাউণ্ড আৰু 7.62 মিমি বুলেটৰ 20,15,600 ৰাউণ্ড প্ৰদান কৰিছিল ।

যদিও চলিত পৰিস্থিতিৰ বাবে যুদ্ধ বিধ্বস্ত দেশখনত এতিয়াও ষ্টক লোৱাৰ অনুশীলন আৰম্ভ হোৱা নাই, কিন্তু তালিবানে সেই সম্পত্তিবোৰৰ বেছিভাগেই দখল কৰাৰ সম্ভাৱনা আছে । এক কথাত আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত নাটো(NATO) প্ৰত্যাহাৰে তালিবানক এক বিশাল সম্পত্তি প্ৰদান কৰিছে ৷ সম্ভৱতঃ সন্ত্ৰাসবাদী সংগঠনটোৱে কেতিয়াও সপোনতো এই সম্পত্তি লাভৰ কথা চিন্তা কৰা নাছিল ৷ ইয়াৰ ভিতৰত আছে এটা সক্ৰিয় বায়ু সেনা, এক পেছাদাৰীভাৱে প্ৰশিক্ষিত সুসজ্জিত সামৰিক বাহিনী আৰু বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ ৷

বায়ু সেনাৰ সম্পদ(Air force assets) :

আফগান বায়ু সেনাই তিনি প্ৰকাৰৰ হেলিকপ্টাৰ পৰিচালনা কৰে ৷ ইয়াৰ ভিতৰত আছে 45 ইউএইচ-60 ব্ল্যাকহাক, 50 এমডি-530, আৰু 56 এমআই-17 হেলিকপ্টাৰৰ উপৰিও ইয়াৰ এ-29 চুপাৰ টুকানো যুঁজাৰু (সংখ্যাত 23), চি-130 হাৰকিউলিছ পৰিবহন বিমান, চি-208 ইউটিলিটি বিমান, আৰু এচি-208-স্থিৰ উইং বিমান । অৱশ্যে, এই সম্পদ সমূহ পৰিচালনা কৰাত তালিবানৰ প্ৰধান প্ৰত্যাহ্বান হ’ব অপাৰেটৰ আৰু এভিয়েটৰ, মেকানিক আৰু স্পেয়াৰ বিচাৰি উলিওৱা ।

সামৰিক ঘাটিসমূহ (Military bases):

শেহতীয়াকৈ এএনডিএছএফ(ANDSF)ক হস্তান্তৰ কৰা 11 টা ঘাটি আৰু সামৰিক কমপ্লেক্স হৈছে নতুন এণ্টনিক, কান্দাহাৰ বিমানক্ষেত্ৰ, কেম্প ম'ৰেহেড, নিউ কাবুল কমপ্লেক্স, ব্লকহাউচ, কেম্প ষ্টিভেনচন, কেম্প ডায়ৰ, কেম্প লিংকন (কেম্প মাৰ্মাল), কেম্প এৰিনা, বাগৰাম বিমানক্ষেত্ৰ আৰু ৰিজলুট চাপোৰ্ট মুখ্য কাৰ্যালয় (আৰএছএইচকিউ) যাক 6 জুন, 2021 তাৰিখে আফগান চৰকাৰক হস্তান্তৰ কৰা হৈছিল । স্বাভাৱিকতেই তালিবান এতিয়া এই সম্পদৰ গৰাকী হ’ব ৷

এএনডিএচএফ (Afghan National Defense and Security forces) :

শেহতীয়া পৰিসংখ্যাই প্ৰকাশ কৰিছে যে এএনডিএছএফৰ মুঠ কৰ্মচাৰীৰ সংখ্যা আছিল ৩,০০,৬৯৯ জন, প্ৰতিৰক্ষা মন্ত্ৰালয়ত ১,৮২,০৭১ জন আৰু অভ্যন্তৰীণ মন্ত্ৰালয়ত নিয়োজিত ১,১৮,৬২৮ জন ৷ যাৰ ভিতৰত আছিল ৬,৩১২ গৰাকী মহিলা কৰ্মচাৰী । তেওঁলোক সকলোৱে আফগানিস্তানত বা ভাৰতকে ধৰি আন ৰাষ্ট্ৰত আধুনিক সামৰিক প্ৰশাসন, লজিষ্টিক আৰু কৌশলৰ প্ৰশিক্ষণপ্ৰাপ্ত লোক ৷ স্বাভাৱিকতেই তালিবান সকল এতিয়া এই বাহিনীৰো গৰাকী হৈ পৰিব ৷

লগতে পঢ়ক : আফগানিস্তানত তালিবানৰ দপদপনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.