ETV Bharat / international

আফগানিস্তানত তালিবানৰ দপদপনি

author img

By

Published : Aug 16, 2021, 6:15 PM IST

বন্দুকৰ গুলী, বোমা বিস্ফোৰণেৰে ৰক্তাক্ত এখন দেশ । প্ৰতি মূহুৰ্ততে প্ৰাণৰ সংশয়ত ভুগিছে সাধাৰণ নাগৰিকে । বহুতেই পলায়ন কৰিছে দেশ এৰি । এতিয়া কেৱল তাত তালিবান আৰু তালিবান । ৰাষ্ট্ৰপতি ভৱনত তালিবানীৰ অট্টহাস্য । ৰাজধানী চহৰৰ তালাচী চকীতো গিজগিজাই আছে তালিবানী সন্ত্ৰাসবাদী ।

Taliban takes over security posts across Kabul
আফগানিস্তানত তালিবানৰ দপদপনি

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৬ আগষ্ট : অৱশেষত সুদীৰ্ঘ ২০ বছৰৰ অন্তত আফগানিস্তানত আধিপত্য বিস্তাৰ কৰিলে তালিবানে । দেওবাৰে নিশা দেশখনৰ ৰাজধানী কাবুল দখল কৰাৰ পাছত সকলো আৰক্ষী তালাচী চকীত এতিয়া কেৱল তালিবানী সন্ত্ৰাসবাদীক দেখা পোৱা গৈছে । সকলো সামৰিক আৰু চৰকাৰী প্ৰতিষ্ঠান জব্দ কৰিছে তালিবানে । চহৰখনত অনবৰতে টহল দি আছে তালিবানী সন্ত্ৰাসবাদীয়ে ।

হাজাৰ হাজাৰ আফগান নাগৰিকে প্ৰাণৰ মমতাত দেশ এৰি পলায়ন কৰিবলৈ চেষ্টা কৰিছে । দেওবাৰে আফগানিস্তান চৰকাৰৰ পতনৰ পাছতে ৰাজধানী কাবুলত প্ৰৱেশ কৰিছিল তালিবানে । তালিবানী সন্ত্ৰাসবাদীয়ে ৰাজধানী চহৰৰ দিশে আগবাঢ়ি অহাৰ সময়তে ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীয়ে আফগানিস্তান ত্যাগ কৰে । দেশখনৰ পুনৰ নিৰ্মাণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুই দশকজোৰা ব্যয়বহুল অভিযান অসাৰ প্ৰতিপন্ন হ'ল ।

অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ এতিয়া কাবুলৰ ৰাজপথত টহল দিছে তালিবানী সন্ত্ৰাসবাদীয়ে ।

চৰকাৰী কাৰ্যালয় তথা মন্ত্ৰালয় আৰু ৰাষ্ট্ৰপতি ভৱনলৈ যোৱা পথত বাহনবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰিছে তালিবানীয়ে । নিজৰ আধিপত্য বিস্তাৰৰ চিন স্পষ্ট কৰি দিছে তালিবানে । জানিব পৰা মতে, তালিবান আৰু আফগান চৰকাৰৰ মাজত হোৱা আলোচনাৰ পাছতে ৰাষ্ট্ৰপতি ঘানীয়ে পৰাজয় স্বীকাৰ কৰিছিল ।

আনহাতে, শেহতীয়াকৈ আমেৰিকাই আফগানিস্তানৰ পৰা নিজৰ সেনা আঁতৰ কৰাৰ পাছতে ঘানীয়ে নিজৰ অসহায় অৱস্থাৰ কথা মুকলিকৈ প্ৰকাশ কৰিছিল । তেওঁ অনুভৱ কৰিব পাৰিছিল যে, আফগান সেনাই অকলে তালিবানীৰ বৰ্বৰ আক্ৰমণৰে মোকাবিলা কৰিব নোৱাৰে । অৱশেষত তালিবানে আফগানিস্তানৰ গুৰুত্বপূৰ্ণ স্থান দখল কৰি নিজৰ বিজয়ৰ স্পষ্ট ইংগিত দিলে সমগ্ৰ বিশ্বকে ।

লগতে পঢ়ক:আফগানিস্তানত আৱদ্ধ পৰিয়ালক লৈ চিন্তিত ক্ৰিকেটাৰ ৰাছিদ খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.