ETV Bharat / entertainment

Disha Vakani EXCLUSIVE: দিশা ভাকানীৰ কৰ্কট ৰোগ সম্পৰ্কত প্ৰকৃত সত্য জানক

author img

By

Published : Oct 12, 2022, 5:06 PM IST

Disha Vakani cancer woes
দিশা ভাকানি কৰ্কট ৰোগত আক্ৰান্ত

শেহতীয়াকৈ দিশা ভাকানীৰ ডিঙিৰ কৰ্কট ৰোগ ধৰা পৰাৰ বাতৰি চক্ৰাকাৰে ঘূৰি আছে (Disha Vakani news) । ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত তাৰক মেহতা কা উলটা চশমাৰ পৰিচালক হৰ্ষদ যোশীয়ে প্ৰকাশ কৰিলে দিশা ভাকানীৰ ডিঙিৰ কৰ্কট ৰোগৰ বাতৰিৰ আঁৰৰ সত্যতা (Disha Vakani health) ।

চিটাৰা ডেস্ক, 12 অক্টোবৰ : অভিনেত্ৰী দিশা ভাকানী জনপ্ৰিয় ধাৰাবাহিক তাৰক মেহতা কা উলটা চশমাত তেওঁৰ চৰিত্ৰ দয়াবেন হিচাপেই সকলোৰে ঘৰে ঘৰে পৰিচিত । অভিনেত্ৰীগৰাকীয়ে 2017 চনত এটি কন্যা সন্তান জন্ম দিয়াৰ পিছত বিৰতি লৈছিল । তাৰ পিছত দিশাই এটি পুত্ৰ সন্তান আদৰণি জনাই । জনপ্ৰিয় অনুষ্ঠানটোৰ আটাইতকৈ প্ৰিয় অভিনেত্ৰীগৰাকী লাইমলাইটৰ পৰা আঁতৰি আছে কিন্তু মাজে মাজে শিৰোনাম দখল কৰি থাকে তেওঁ ।

শেহতীয়াকৈ দিশা ভাকানীৰ ডিঙিৰ কৰ্কট ৰোগ ধৰা পৰাৰ বাতৰিয়ে সকলোকে মৰ্মাহত কৰি তুলিছে । কম সংখ্যক বাতৰিতে কোৱা হৈছে যে অভিনেত্ৰী গৰাকীয়ে ধাৰাবাহিকখনত তেওঁৰ চৰিত্ৰ দয়াবেনৰ বাবে অদ্ভুত কণ্ঠ বাহিৰ কৰিবলগীয়া হোৱা বাবেই ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে । তাৰক মেহতা কা ওলটা চশমাৰ পৰিচালক হৰ্ষদ যোশীয়ে এই বাতৰিসমূহৰ ওপৰত এতিয়া নিজৰ মত দিছে ।

অনুষ্ঠানটোৰ মুখ্য পৰিচালক হৰ্ষদ যোশীয়ে কয়, "দিশা স্বাস্থ্যৱান হৈ আছে আৰু তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰ ভিত্তিহীন" ৷ দিশাই শ্ব’টো এৰি দিয়াৰ পিছত তাৰক মেহতা কা উলটা চশমা দলৰ সৈতে নিয়মীয়া যোগাযোগত নাই কিন্তু হৰ্ষদে ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত দাবী কৰিছে যে অভিনেত্ৰীগৰাকী সম্পূৰ্ণ স্বাস্থ্যৱান অৱস্থাত আছে ।

পৰিচালকজনে দিশা মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি খণ্ডন কৰিছে ৷ দিশাই বহু বছৰ ধৰি অনুষ্ঠানটোত তেওঁৰ চৰিত্ৰ দয়াবেনৰ বাবে অদ্ভুত কণ্ঠস্বৰ বাহিৰ কৰিবলৈ কণ্ঠত চাপ দিব লগা হৈছিল, সেয়ে বহুতে ভাবিছে তাৰকাগৰাকীৰ ডিঙিৰ কৰ্কট ৰোগ হৈছে । "উৰাবাতৰিবোৰ ভিত্তিহীন । হাজাৰ হাজাৰ মিমিক্ৰী শিল্পী আছে যিয়ে বিভিন্ন ব্যক্তিৰ নকল কৰি গোটেই জীৱন কাম কৰি আছে", এইদৰে মত দিয়ে পৰিচালক গৰাকীয়ে ৷ হৰ্ষদে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক ভুৱা বাতৰি প্ৰচাৰকৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰে কিয়নো ই বাতৰিৰ লগত জড়িত ব্যক্তিজনক আঘাত দিব পাৰে ৷

ইটিভি ভাৰতৰ সৈতে হোৱা একচেটিয়া বাৰ্তালাপত হৰ্ষদে কৈছিল যে তেওঁ দিশাৰ ভায়েক আৰু অভিনেতা ময়ূৰ ভাকানীৰ সৈতে যোগাযোগ কৰিছিল, যিয়ে নিশ্চিত কৰিছে যে তেওঁৰ ভগ্নী সম্পূৰ্ণৰূপে স্বাস্থ্যৱান অৱস্থাত আছে ।

তাৰক মেহতা কা উলটা চশমাই মুম্বাইৰ গোকুলধাম চ’ছাইটি আৰু তাত বাস কৰা সদস্যসকলৰ দৈনন্দিন ঘটনাৰ বিৱৰণ দিয়ে । হৰ্ষদ যোশীৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানটোৱে যোৱা 12 বছৰ ধৰি দৰ্শকক মনোৰঞ্জন দি আহিছে । দিলীপ যোশী আৰু দিশা ভাকানীয়ে 2017 চনত অনুষ্ঠানটোৰ পৰা বিদায় লোৱাৰ আগতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ।

শ্ব’টোৰ দৰ্শকে তেওঁলোকৰ প্ৰিয় দিশা ভাকানীক প্ৰায়ে মনত পেলায় । তেওঁৰ স্বাক্ষৰ সংলাপ 'হেই মা মাতাজী' আৰু 'তাপু কে পাপা'- অনুৰাগীসকলৰ চিৰদিনৰ বাবে ৰৈ যাব ।

লগতে পঢ়ক : Elnaaz Norouziচেক্ৰেড গেমছ খ্যাত এলনাজ নৰৌজী নামিল ইৰাণৰ মহিলাৰ সমৰ্থনত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.