ETV Bharat / entertainment

Elnaaz Norouziচেক্ৰেড গেমছ খ্যাত এলনাজ নৰৌজী নামিল ইৰাণৰ মহিলাৰ সমৰ্থনত

author img

By

Published : Oct 12, 2022, 1:21 PM IST

22 বছৰীয়া মাহছা আমিনীৰ (Mahsa Amini Iran) মৃত্যুৰ পিছত মহিলাসকলৰ বাবে অধিক স্বাধীনতাৰ আহ্বান জনাই ইৰাণত চলি থকা প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাবলৈ চেক্ৰেড গেমছৰ অভিনেত্ৰী এলনাজ নৰৌজীয়ে অনলাইনত বিবস্ত্ৰ ৰূপ ধাৰণ কৰে ।

My body
এলনাজ নৰৌজী নামিল ইৰাণৰ মহিলাৰ সমৰ্থনত

চিটাৰা ডেস্ক, 12 অক্টোবৰ : 13 ছেপ্টেম্বৰত তেহৰাণ কৰ্তৃপক্ষই আটক কৰা মাহছা আমিনীৰ মৰ্মান্তিক মৃত্যুৰ প্ৰতিবাদত ইৰাণৰ মহিলাসকলৰ সৈতে সংহতি প্ৰদৰ্শন কৰিবলৈ চেক্ৰেড গেমছৰ অভিনেত্ৰী এলনাজ নৰৌজী বিবস্ত্ৰা হৈ পৰে ৷ আটক কৰাৰ তিনিদিনৰ পিছত মাহছা আমিনীৰ মৃত্যু ঘটিছিল ।

এলনাজে মঙলবাৰে সামাজিক মাধ্যমত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত তেওঁক ক'লা বোৰ্খা পিন্ধি থকা দেখা গৈছিল । অভিনেত্ৰীগৰাকীক তেওঁৰ শালীনতা ঢাকি এটাৰ পাছত এটাকৈ কাপোৰৰ স্তৰ খুলি পেলোৱা দেখা গৈছিল । ক্লিপটো শ্বেয়াৰ কৰি 30 বছৰীয়া অভিনেত্ৰীগৰাকীয়ে লিখিছিল, "পৃথিৱীৰ যিকোনো ঠাইতে থকা প্ৰতিগৰাকী মহিলাই য'ৰ পৰাই নহওঁক কিয় তেওঁ যি বিচাৰে আৰু য'তেই পিন্ধিব বিচাৰে পিন্ধাৰ অধিকাৰ থাকিব লাগে" ৷

My body
এলনাজ নৰৌজী নামিল ইৰাণৰ মহিলাৰ সমৰ্থনত

তেওঁ লগতে কয়, "কোনো পুৰুষ বা আন কোনো মহিলাৰ সেইয়া বিচাৰ কৰাৰ বা অন্য পোছাক পিন্ধিবলৈ কোৱাৰ অধিকাৰ নাই ৷ সকলোৰে ভিন্ন দৃষ্টিভংগী আৰু বিশ্বাস আছে আৰু সেইয়া সকলোৱে সন্মান কৰিব লাগিব । গণতন্ত্ৰৰ অৰ্থ হৈছে সিদ্ধান্ত লোৱাৰ ক্ষমতা... প্ৰতিগৰাকী মহিলাৰ নিজৰ শৰীৰৰ ওপৰত সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকিব লাগে । মই নগ্নতাৰ প্ৰচাৰ কৰা নাই, মই পছন্দৰ স্বাধীনতাক প্ৰচাৰ কৰি আছো" । নৰৌজীয়ে শ্বেয়াৰ কৰা ক্লিপটোত বৰ্তমান 1 লাখৰো অধিক লাইক আছে ।

22 বছৰীয়া মাহছা আমিনীক ইৰাণৰ "নৈতিকতা আৰক্ষীয়ে" কঠোৰ পোছাক বিধি আইন পালন নকৰি অলপ চুলি দেখুওৱাৰ বাবেই নিৰ্মমভাৱে হত্যা কৰিছিল । মাহছা আমিনীৰ হত্যাই দেশজুৰি প্ৰতিবাদৰ সৃষ্টি কৰিছে । প্ৰতিবাদকাৰীসকলে একনায়কত্ববাদী শাসনৰ বিৰুদ্ধে মাত মাতি আছে ৷ 'মহিলাসকলক তেওঁলোকৰ স্বাধীনতা অনুসৰি জীয়াই থাকিবলৈ দিয়ক' আৰু 'যিয়ে মোৰ ভনীয়েকক হত্যা কৰিছিল তেওঁক মই হত্যা কৰিম' আদি শ্লোগানেৰে প্ৰতিবাদ কৰি আছে তেওঁলোকে ।

ইৰাণৰ ৰাজধানী চহৰ তেহৰাণত জন্মগ্ৰহণ কৰা এলনাজ নৰৌজীয়ে 2017 চনত Maan Jao Naৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে আৰু তাৰ পিছত এখন পাঞ্জাৱী চলচ্চিত্ৰ Khido Khundiত অভিনয় কৰে । 2018 চনত, তেওঁ নৱাজুদ্দিন ছিদ্দিকীৰ সৈতে নেটফ্লিক্স ইণ্ডিয়াৰ ফাৰ্ষ্ট অৰিজিনেল, চেক্ৰেড গেমছত অভিনয় কৰে । ইয়াৰ পিছত তেওঁ কুনাল খেমুৰ সৈতে অভয় (2019) নামৰ জি5 ৰ ৱেব-চিৰিজত অভিনয় কৰে ।

2018 চনত, এলনাজে শিৰোনাম দখল কৰিছিল যেতিয়া তেওঁ এখন আগশাৰীৰ প্ৰকাশনক কৈছিল যে কেনেদৰে পৰিচালক বিপুল শ্বাহে তেওঁক ছবিখনত দ্বিতীয় মুখ্য চৰিত্ৰ হিচাপে স্বাক্ষৰ কৰাৰ অজুহাতত তিনি মাহ ধৰি ওলমাই ৰাখিছিল আৰু অডিচনৰ সময়ত তেওঁক একাধিকবাৰ যৌন নিৰ্যাতন চলাইছিল ।

লগতে পঢ়ক : HBD Amitabh Bachchan:80 বছৰীয়া জন্মদিনত কি ক’লে অমিতাভ বচ্চনে জানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.