ETV Bharat / entertainment

Year Ender 2023: ‘এনিমেল’কে ধৰি এই A Certificate ছবিবোৰে কঁপাই তুলিলে বক্স অফিচ, সংগ্ৰহ হ’লগৈ ২ হাজাৰ কোটি

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 5:05 PM IST

Year Ender 2023 : Animal to Salaar Part 1 Ceasefire these A certified movies earned approximately 2 thousand
Year Ender 2023: ‘এনিমেল’কে ধৰি এই A Certificate ছবিবোৰে কঁপাই তুলিলে বক্স অফিচ, সংগ্ৰহ হ’লগৈ ২ হাজাৰ কোটি

Year Ender 2023 : ২০২৩ চনত এই চাৰিখন এ চাৰ্টিফিকেট ছবিয়ে বক্স অফিচত ভাল উপাৰ্জন কৰিছিল আৰু এই দুখন ছবিয়ে এতিয়াও বক্স অফিচত বৃহৎ উপাৰ্জন কৰি আছে । একে সময়তে এই চাৰিখন ছবিৰ মুঠ উপাৰ্জন প্ৰায় ২০০০ কোটি টকা হৈছেগৈ।

চিটাৰা ডেস্ক, 30 ডিচেম্বৰ: ভাৰতীয় চিনেমাৰ বাবে ২০২৩ বৰ্ষটো অতি সফল৷ এইবাৰ বলীউড আৰু দক্ষিণ ভাৰতৰ ছবিয়ে একেলগে ধন সংগ্ৰহ কৰিছিল বক্স অফিচত ৷ এতিয়া ২০২৩ চনৰ ডিচেম্বৰ মাহত ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ডাংকি আৰু বাহুবলী তাৰকা প্ৰভাসৰ ছালাৰ পাৰ্ট ১ ছিজফাইৰে বক্স অফিচত বৃহৎ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

আহক উভতি চাওঁ 2023 বৰ্ষত Censor Boardয়ে কোনকেইখন ছবিক A Certificate প্ৰদান কৰিছিল তথা বক্স অফিচত সফল উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷

কেৰেলা ষ্টৰী

চলিত বৰ্ষ ২০২৩ত যি শেষ হ’বলৈ মাজত মাথো এটা দিন বাকী, প্ৰথমখন ছবি দ্য কেৰেলা ষ্ট’ৰীক চেঞ্চৰ ব’ৰ্ডে এ চাৰ্টিফিকেট প্ৰদান কৰে ৷ আদা শৰ্মা অভিনীত তথা সুদীপ্ত সেনৰ দ্বাৰা পৰিচালিত এই ছবিখনে বৃহৎ ধন উপাৰ্জন কৰে ৷ এই ছবিখনে বিশ্বজুৰি ৩০৩.৯৭ কোটি টকাৰ কালেকশ্যন কৰিব৷ ২০২৩ চনৰ ৫ মে’ত মুক্তি লাভ কৰিছিল ছবিখনে ৷

OMG 2

একে সময়তে ২০২৩ চনৰ আগষ্ট মাহত অক্ষয় কুমাৰ, পংকজ ত্ৰিপাঠী আৰু য়ামী গৌতম অভিনীত ছবি OMG 2য়েও এ চাৰ্টিফিকেট লাভ কৰিছিল ৷ ছবিখনৰ বিষয়বস্তুয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল আৰু ছবিখনে ছানি দেউলৰ গদাৰ ২ৰ সৈতে হোৱা মুখামুখী সংঘৰ্ষৰ পিছতো ছবিখনে বক্স অফিচত নিজৰ ভাল প্ৰদৰ্শন দেখুওৱালৈ সক্ষম হৈছিল৷ বিশ্বব্যাপী বক্স অফিচত ২২১.০৮ কোটি টকাৰ ব্যৱসায় কৰিছিল OMG 2 য়ে ৷ ২০২৩ চনৰ ১১ আগষ্টত মুক্তিলাভ কৰা এই ছবিখনে দৰ্শকৰ যথেষ্ট প্ৰশংসা লাভ কৰিছিল ৷

এনিমেল

আৰু এতিয়া আহিছো 2023 বৰ্ষৰ আটাইতকৈ চৰ্চিত ছবিলৈ আৰু সেয়া হৈছে ৰণবীৰ কাপুৰ অভিনীত তথা সন্দীপ ৰেড্ডী ভাংগাৰ ছবি এনিমেল ৷ ৰণবীৰ কাপুৰ, ববি দেওল, অনিল কাপুৰ, ৰশ্মিকা মাণ্ডান্না আৰু তৃপ্তি ডিমৰীয়ে অভিনয় কৰা এনিমেল ছবিখনে এতিয়ালৈকে ২০২৩ চনৰ আটাইতকৈ হিট এ চাৰ্টিফিকেট ছবি হিচাপে প্ৰমাণিত হৈছে ৷ ১ ডিচেম্বৰত মুক্তি পোৱা ছবিখনে বক্স অফিচত এতিয়াও উপাৰ্জন কৰি আছে ৷ এনিমেলৰ এই পৰ্যন্ত উপাৰ্জন বিশ্বজুৰি ৮৮৬ কোটি টকা অতিক্ৰম কৰিছে ৷

Salar Part 1 ছিজফায়াৰ

২০২৩ চনৰ শেষৰখন এ চাৰ্টিফিকেট ছবি হৈছে ছালাৰ পাৰ্ট ১ ছিজফাইৰ ৷ যোৱা ২২ ডিচেম্বৰত মুক্তি পোৱা বাহুবলী তাৰকা প্ৰভাস আৰু পৃথ্বীৰাজ সুকুমাৰন অভিনীত ছবিখনে ৮ দিনত ৫৫০ কোটি টকাৰ বিশ্বব্যাপী এক ভাল সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ কেজিএফ ফেম পৰিচালক প্ৰশান্ত নীলে নিৰ্মাণ কৰিছে ছালাৰ ছবিখন ৷

এ চাৰ্টিফিকেট ছবিৰ মুঠ উপাৰ্জন

উল্লেখ্য যে, ২০২৩ চনৰ এই এ চাৰ্টিফিকেট ছবিবোৰে সমগ্ৰ বিশ্বতে ১৯৬১.০৫ কোটি টকা উপাৰ্জন কৰিছে ৷ একে সময়তে বক্স অফিচত এতিয়াও চলি আছে এনিমেল আৰু চালাৰ পাৰ্ট ১ আৰু কাইলৈ ​​(৩১ ডিচেম্বৰ)ৰ ভিতৰত আৰু ২০২৪ চনৰ নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বে এই ছবিসমূহৰ মুঠ উপাৰ্জনৰ পৰিসংখ্যাই ২ হাজাৰ কোটি টকা অতিক্ৰম কৰিব ৷

লগতে পঢ়ক: আশাৰ খবৰ: দৰ্শক পুনৰ উভতিছে ছবিগৃহলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.