ETV Bharat / state

আশাৰ খবৰ: দৰ্শক পুনৰ উভতিছে ছবিগৃহলৈ

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 4:32 PM IST

Year Ender 2023: ২০২৩ বর্ষত কিমানখন অসমীয়া ছবি মুক্তি লাভ কৰিলে ? কোন কেইখন ছবিয়ে শিৰোনাম দখল কৰিবলৈ সক্ষম হয় ২০২৩ বর্ষত । ২০২৩ বর্ষটো উভতি চাওঁ আহক এই প্ৰতিবেদনত ৷

Year Ender 2023 : Here are the highest grossing Assamese movies of the year
কোন কেইখন ছবিয়ে শিৰোনাম দখল কৰিবলৈ সক্ষম হ'ল ২০২৩ বর্ষত

গুৱাহাটী, ২৯ ডিচেম্বৰ: ২০২৩ বৰ্ষ শেষ হ’বলৈ মাজত মাথো বাকী দুটা দিন ৷ এই বৰ্ষটোৱে কাৰোবাৰ বাবে যদি কঢ়িয়াই আনিছে সুখ, আন কাৰোবাৰ বাবে আকৌ দুখো কঢ়িয়াই আনিছে ৷ বছৰটোত কোনবাই যদি অভূতপূৰ্ব সফলতা দেখিছে, আন কোনোবাই আকৌ বিফলতাও দেখিছে ৷ কিন্তু সকলোবোৰৰ মাজত এই বৰ্ষটো অতি ভাল আছিল অসমীয়া ছবিজগতৰ বাবে ৷ কিয়নো ক’ৰনা আৰু লকডাউনৰ বাবে এক প্ৰকাৰে বিধ্বস্ত হৈ পৰিছিল উদ্যোগটো ৷ কিন্তু আকৌ যেন ২০২৩ বৰ্ষটোৱে আশাৰ বতৰা কঢ়িয়াই আনিলে অসমীয়া ছবিজগতলৈ ৷

ক’ৰনা আৰু লকডাউনৰ পিচত ২০২৩ বর্ষত ক্ৰমে ভাল দিন ঘূৰি আহিছে অসমীয়া ছবিজগতৰ বাবে । এই বর্ষত মুক্তি লাভ কৰিছে বহুকেইগৰাকী যশস্বী পৰিচালকৰ লগতে নৱ প্ৰজন্মৰ বহুকেইগৰাকী পৰিচালকৰ প্ৰায় ১৫ খন নতুন অসমীয়া ছবি । গতিকে আহক আকৌ উভতি চাও, অসমীয়া ছবিজগতৰ কি কি উল্লেখ্যযোগ্য ঘটনাৰ সাক্ষী হ’ল বিদায়ৰ বেলাত উপনীত ২০২৩ বৰ্ষ....

বিগ বাজেটৰ ছবি উত্থান -

সচৰাচৰ অসমীয়া বোলছবি জগত বিগ বাজেটৰ ছবি নিৰ্মাণৰ ক্ষেত্ৰত আগৰণুৱা নহয় ৷ কিন্তু বিদায়ী বৰ্ষটোত এই ধাৰা সলনি হোৱা যেন দেখা পোৱা গ’ল ৷ অসমীয়া চলচ্চিত্ৰ প্ৰেমীয়ে একাধিক বিগ বাজেটৰ ছবি দেখিবলৈ পালে চলিত বৰ্ষত ৷ এই বৰ্ষৰ প্ৰথমটো বিগ বাজেটৰ ছবি আছিল প্ৰয়াত অভিনেতা নিপন গোস্বামীৰ পৰিচালনাৰে ‘ডাঃ বেজবৰুৱা ২’ ৷ তাৰ পিচত সুদৰ্শন অভিনেতা ৰবি শৰ্মা বহু আকাংক্ষিত পৰিকল্পনা বাস্তৱ ৰূপ দিলে আন এখন বিগ বাজেটৰ ছবিয়ে ৷ ইতিমধ্যেই চাগে আপোনালোকে গ’ম পাইছে ছবিখন আছিল সুব্ৰত কাকতিৰ পৰিচালনাৰে ‘শ্ৰী ৰঘুপতি’ ৷ চিনেমাঘৰত ৰঘুপতিৰ অভাৱনীয় প্ৰদৰ্শনৰ পিচতেই আকৌ দৰ্শকে ৰূপালী পৰ্দাত দেখিবলৈ পালে আন এজন বলিষ্ঠ অভিনেতা যতীন বৰাৰ অভিলাষী প্ৰকল্প ‘ৰাঘৱ’ ৷ একেই ধাৰা অব্যাহত ৰাখি অসমীয়া দৰ্শকৰ বাবে আহিল আন এক উপহাৰ ৷ মুক্তি পালে বহু চৰ্চিত ছবি, আদিত্যম শইকীয়াৰ পৰিচালনাৰে নিৰ্মিত ‘ৰঙাটাপু ১৯৯২’ । এনেদৰেই কেইবাখনো ব্যয়বহুল অসমীয়া ছবিয়ে ছবিগৃহত ভুমুকি মাৰিলে ২০২৩ বৰ্ষত ৷

২০২৩ বৰ্ষৰ প্ৰথমখন ছবি-

বৰ্ষটোৰ আৰম্ভণিতে মুক্তি লাভ কৰিছিল মঞ্জুল বৰুৱাৰ পৰিচালিত ছবি ‘অনুৰ’ । কিন্তু মুক্তিৰ সময়চোৱাত হিন্দী ছবি পাঠানৰ বাবে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ছবিখন । যাৰ বাবে ছবিখন এসপ্তাহ পিচতেই ছবিগৃহৰ পৰা আঁতৰাই দিবলগীয়া হয় ৷ অৱশ্যে ছবিখনে ছবিগৃহত বিশেষ সফলতা লাভ কৰিব নোৱাৰিলেও কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত ছবিখনে আজৰি আনিছে সন্মান ৷ এই বৰ্ষৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে অনুৰে । উল্লেখ্য যে, এই ছবিখন প্ৰযোজনা কৰিছে ডাঃ গোপেন্দ্ৰ মোহন দাসে আৰু পৰিচালনা কৰিছে মঞ্জুল বৰুৱাই ।

বছৰটোৰ অন্যতম সফল ছবি ডাঃ বেজবৰুৱা ২-

ফেব্ৰুৱাৰী মাহত মুক্তি লাভ কৰিছিল ডাঃ বেজবৰুৱাৰ ছিকুৱেল ছবি ডাঃ বেজবৰুৱা ২ ৷ এই ছবিখনে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যতো মুক্তি দিয়া হয় ছবিখন । ছবিখনৰ মুঠ উপাৰ্জন আছিল প্ৰায় ৭ কোটি টকা । এই ছবিখন পৰিচালনা কৰিছিল নিপন গোস্বামীয়ে আৰু কেৱল পৰিচালনা কৰাই নহয়, তেওঁ এই ছবিখনত অভিনয়ো কৰিছিল ৷ কিন্তু দুৰ্ভাগ্যবশতঃ এই ছবিখন আছিল নিপন গোস্বামীৰ শেষৰখন ছবি ৷ ইফালে এই ছবিখনত জুবিন গাৰ্গৰ অভিনয়ো ভাল পাইছিল অনুৰাগীয়ে ৷

২০২৩ বর্ষত ৰঘুপতিৰ জয়যাত্ৰা-

২০২৩ বর্ষৰ সফল ছবি হিচাপে পৰিগণিত ছবি হ’ল 'শ্ৰী ৰঘুপতি' । ২ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা ছবিখনে উপাৰ্জনৰ ক্ষেত্ৰত অভিলেখ গঢ়িবলৈ সক্ষম হ’ল ৷ এই ছবিখনে জুন মাহত ছবিগৃহত মুক্তি লাভ কৰিছিল আৰু মুক্তিৰ ১০ সপ্তাহত ছবিখনে মুঠ উপাৰ্জন কৰে ১৩,৮১,০৫,১৮৭ টকা । মণিৰত্ন এণ্টাৰটেইনমেণ্টে নিবেদন কৰা শ্ৰী ৰঘুপতি ছবিখনৰ পৰিচালনা, চিত্ৰনাট্য আৰু সম্পাদনা আছিল সুব্ৰত কাকতিৰ । প্ৰযোজনা শৈলেন শৰ্মাৰ । কাহিনী আৰু সংলাপ অভিনেতা ৰবি শৰ্মাৰ । ছবিখনত ৰঘুপতিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা ৰবি শৰ্মাই ।

এই ছবিখনত নিজৰ অভিনয় শৈলীৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী । ছবিখনত অভিনয় কৰিছিল অভিনেতা অৰুণ হাজৰিকা, অৰুণ নাথ, প্ৰিয়ম পল্লৱী, প্ৰীতি কংকনাকে ধৰি বহু কেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । শ্ৰী ৰঘুপতি ছবিখনত সত্তৰ দশকৰ পৰা সচৰাচৰ সহজ-সৰল চৰিত্ৰতে অভিনয় কৰি অহা বিশিষ্ট অভিনেতা অৰুণ নাথক দেখা গৈছিল অনন্য ৰূপত, যিটো চলচ্চিত্ৰপ্ৰেমীৰ বাবে আছিল কল্পনাৰো অগোচৰ ।

বিগ বাজেটৰ ছবি হৈয়ো বক্স অফিচত ম্লান পৰিল ‘ৰাঘৱ’-

এই বছৰৰ অন্যতম বিগ বাজেটৰ ছবি আছিল যতীন বৰাৰ ছবি ‘ৰাঘৱ’ ৷ কিন্তু ছবিখনে নাপালে দৰ্শকৰ আশাপ্ৰদ সঁহাৰি । ছবিখন মুক্তিৰ পূৰ্বৰে পৰাই বহুকেইটা বিষয়ক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছিল বিতৰ্কৰ । ‘ৰাঘৱ’ৰ টিজাৰ মুকলি কৰাৰ পাচৰেই পৰা ছবিখনে কিছু পৰিমাণে সমালোচনাৰ সন্মুখীন হৈছিল । ছবিখন মুক্তিৰ পূৰ্বে একাংশই সিদ্ধান্ত গ্ৰহণ কৰিছিল ছবিখনৰ বর্জনৰ । কেৱল ইমানেই নহয়, ছবিখন প্ৰচাৰৰ বাবে শিক্ষানুষ্ঠানসমূহত যোৱাৰ প্ৰসংগতো সৃষ্টি হৈছিল বিতৰ্কৰ । দৰ্শকে আদৰি লোৱাৰ সলনি ছবিখনক সমালোচনাহে কৰা দেখা গ’ল আৰু ইয়াৰ প্ৰধান কাৰণ একাংশৰ মতে ৰাজনীতি বুলি কোৱা হৈছে ৷ একাংশই কয় যে যতীন বৰাই অসমীয়াৰ বিপৰীতে ‘কা’ সন্দৰ্ভত লুটি-বাগৰি মাৰিছিল ৷ যাৰ বাবেই এই ছবিখনে আশা কৰা ধৰণে অসমবাসীৰ পৰা নাপালে সঁহাৰি ৷

কবিতাৰ আধাৰত নিৰ্মিত ছবি মমতাৰ চিঠি-

এইবর্ষতে এটা বিখ্যাত কবিতাৰ আলম লৈ নিৰ্মাণ কৰা হ’ল এখন অসমীয়া ছবি । হেম বৰুৱাৰ হৃদয়স্পৰ্শী কবিতা ‘মমতাৰ চিঠি’ নপঢ়া বা নুশুনা হয়তো খুব কম সংখ্যাক লোকহে ওলাব । ‘মমতাৰ চিঠি’ কবিতাটোৰ আলমত নিৰ্মাণ কৰা হৈছিল এখন অসমীয়া ছবি ‘মমতাৰ চিঠি’ । ‘মুখা’ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল অভিনেতা নিৰ্মল দাসে ।

দৰ্শকৰ মন সাচ বহুৱালে ‘ৰঙাটাপু ১৯৮২’এ

বছৰটোৰ শেষৰ সফল ছবি হিচাপে পৰিগণিত হ’ল পৰিচালক আদিত্যম শইকীয়াৰ পৰিচালিত ছবি ‘ৰঙাটাপু ১৯৮২’ । বুৰঞ্জীৰ বুকুৰ এটা কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ‘ৰঙাটাপু ১৯৮২’ । চাৰিগৰাকী নাৰীৰ জীৱনৰ কৰুণ কাহিনীক লৈ নিৰ্মাণ কৰা হৈছিল ছবিখন ৷ ছবিখনত মৰম, ৰফিজা, ৰূপালী আৰু মালা এই চাৰিগৰাকী নাৰীৰ ধৈৰ্য আৰু জীৱন সংগ্ৰামৰ কাহিনীক আধাৰ হিচাপে লৈ ‘ৰঙাটাপু ১৯৮২’ নিৰ্মাণ কৰা হয় । মনকৰিবলগীয়া যে, এই ছবিখনৰ জৰিয়তে পৰিচালক হিচাপে ছবিজগতত আত্মপ্ৰকাশ কৰে আদিত্যম শইকীয়াই ৷ আদিত্যম শইকীয়াই পৰিচালনা কৰা প্ৰথমখন ছবিক দশৰ্কে আদৰি লোৱা পৰিলক্ষিত হয় ।

বছৰটোৰ শেষত আহিল ‘নেলীৰ কথা’-

বছৰৰ শেষত অন্য এখন বুৰঞ্জীৰ কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মাণ কৰা ছবি 'নেলীৰ কথা'ই মুক্তি লাভ কৰিলে । নেলীৰ গণহত্যাক মূল বিষয় হিচাপে লৈ পার্থজিৎ বৰুৱাৰ পৰিচালনাৰে নিৰ্মাণ কৰা হৈছিল ছবিখন । ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ (বৰ্তমানে মৰিগাঁও জিলা) নেলীত সংঘটিত হোৱা এই কৰুণ ঘটনাক আজিও অসমীয়া সমাজে পাহৰিব পৰা নাই । নেলীৰ আকাশত যেন এতিয়াও বিয়পি আছে সেই আর্তনাদ আৰু এই ঘটনাকে সমল হিচাপে লৈ নিৰ্মাণ কৰা হয় ছবিখন ।

২০২৪ ৰ বাবে সাজু জুবিন গাৰ্গ-

ইফালে এই বছৰটোত আৰম্ভ হৈছে আন এখন ছবিৰ শ্বুটিং ৷ এই ছবিখনত অভিনয় কৰিছে জুবিন গাৰ্গে ৷ জুবিন গাৰ্গৰ অভিনীত ছবিখনৰ নাম ‘চিকাৰ’ ৷ সম্প্ৰতি চিকাৰক লৈ ব্যস্ত হৈ আছে জুবিন গাৰ্গ । সম্প্ৰতি অসমৰ লগতে লণ্ডনতো ছবিখনৰ শ্বুটিং হৈ যায় । অৱশ্যে এই ছবিখন চাবলৈ ২০২৪ লৈ অপেক্ষা কৰিব লাগিব দৰ্শকসকলে ৷

এই বৰ্ষৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰা ছবি-

এই বৰ্ষত বহুকেইখন অসমীয়া ছবিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান আজুৰি আনিবলৈ সক্ষম হয় ৷ কেৱল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সন্মান লাভ কৰিবলৈ সক্ষম হয় কেইবাখনো অসমীয়া বোলছবি ৷

ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা-

1) অনুৰ

এই বৰ্ষৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে অনুৰে । ছবিখনৰ প্ৰযোজনা ডাঃ গোপেন্দ্ৰ মোহন দাসৰ আৰু পৰিচালনা মঞ্জুল বৰুৱাৰ । অসমৰ অন্যতম জ্যেষ্ঠ অভিনেত্ৰী ডাঃ জাহানাৰা বেগমলৈ ‘অনুৰ’ ছবিৰ বাবে আগবঢ়োৱা হয় জুৰীৰ বিশেষ সন্মান ।

2) হাতীবন্ধু

শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হয় কুলদা কুমাৰ ভট্টাচাৰ্যলৈ । কৃপাল কলিতাৰ ‘হাতীবন্ধু’ৰ বাবে ভট্টাচাৰ্যলৈ এই বঁটা আগবঢ়োৱা হয় ।

3) ফায়াৰ অন এডজ (FIRE ON EDGE)

আনহাতে তিৱা ছবি FIRE ON EDGE লৈ শ্ৰেষ্ঠ এন্থ্ৰপলজিকেল ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হয় । ছবিখন পৰিচালনা কৰিছিল প্ৰণৱজ্যোতি ডেকাই ।

4) বুম্বা ৰাইড

সমান্তৰালভাৱে শ্ৰেষ্ঠ মিচিং ছবি হিচাপে পৰিগণিত হয় বিশ্বজিৎ বৰাৰ 'বুম্বা ৰাইড'।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান লাভ কৰা ছবি-

  • ২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰে চেলেঞ্জে ৷
  • নৱম ইলোৰা - অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ পাৰ্থজিৎ বৰুৱাৰ ছবি ‘নেলীৰ কথা’ প্ৰতিযোগিতা শাখা’লৈ নিৰ্বাচিত হয় ৷

লগতে পঢ়ক: Year Ender 2023: সতীশ কৌশিকৰ পৰা জুনিয়ৰ মেহমুদলৈকে, চলিত বৰ্ষত আমি কাক কাক হেৰুৱালো. .

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.