ETV Bharat / entertainment

The Kashmir Files review : ৱিকিপেডিয়াত কাশ্মীৰ ফাইলছৰ বিৱৰণ দেখি অগ্নিশৰ্মা বিবেক অগ্নিহোত্ৰী

author img

By

Published : May 3, 2022, 11:05 AM IST

vivek agnihotri
খং উঠিল বিবেক অগ্নিহোত্ৰীৰ

'দ্য কাশ্মীৰ ফাইলছ' ছবিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰী অগ্নিশৰ্মা হৈ পৰিছে । দৰাচলতে, ৱিকিপেডিয়াই তেওঁৰ বহুচৰ্চিত এই চলচ্চিত্ৰখনক 'কাল্পনিক', 'ভুল' আৰু 'ষড়যন্ত্ৰ ৰচনাকাৰী' এখন ছবি হিচাপে উপস্থাপন কৰিছে (The Kashmir Files review) ৷

চিটাৰা ডেস্ক, 3 মে’: 'দ্য কাশ্মীৰ ফাইলছ' মুক্তিৰ প্ৰায় ডেৰ মাহ পিছতো চৰ্চাত আছে । কম বাজেটত নিৰ্মাণ কৰা ছবিখনে বাৰুকৈয়ে আকৰ্ষণ কৰিলে দৰ্শকৰ দৃষ্টি ৷ ১১ মাৰ্চত মুক্তি দিয়া ছবিখনে ২৫০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় । এতিয়া ছবিখন পুনৰ আলোচনালৈ অহাৰ কাৰণ হৈছে ৱিকিপেডিয়া ৷ ৱিকিপেডিয়াত চলচ্চিত্ৰখনৰ বিৱৰণ দেখি নিৰ্মাতাৰ উঠিল খং (The Kashmir Files review) ।

দৰাচলতে, ৱিকিপেডিয়াই ছবিখনক 'কাল্পনিক', 'ভুল' আৰু 'ষড়যন্ত্ৰকাৰী' সম্পৰ্কীয় এখন চলচ্চিত্ৰ হিচাপে বৰ্ণনা কৰিছে । এতিয়া ছবিখনক লৈ ৱিকিপেডিয়াৰ এই বৰ্ণনা দেখি ছবিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই সন্দৰ্ভত তেওঁ এটা টুইটৰ জৰিয়তে তেওঁৰ মন্তব্য প্ৰকাশ কৰিছে ।

বিবেকে 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনৰ এনে বিৱৰণ দিয়াৰ বাবে ৱিকিপেডিয়াক সমালোচনা কৰিছে । ৱিকিপেডিয়াই 'দ্য কাশ্মীৰ ফাইলছ' সম্পৰ্কে দিয়া বৰ্ণনাৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি টুইটাৰত বিবেকে লিখিছে, "মৰমৰ ৱিকিপেডিয়া, আপুনি ইয়াত ইছলাম’ফ’বিয়া, প্ৰচাৰ, সংঘী আৰু কঠোৰ শব্দ যোগ কৰিবলৈ পাহৰি গৈছে (Vivek Agnihotri twitter) । আপুনি আপোনাৰ ধৰ্মনিৰপেক্ষ পৰিচয় হেৰুৱাব । শীঘ্ৰেই ইয়াক সলনি কৰক"- বিবেকৰ টুইটটো বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

  • Dear @Wikipedia,

    You forgot to add ‘Islamophobia… propaganda… sanghi… bigot… etc’.

    You are failing your Secular credentials. Hurry, edit more. pic.twitter.com/c0KyfCc1Co

    — Vivek Ranjan Agnihotri (@vivekagnihotri) May 1, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ছবিখনৰ কাহিনী ১৯৮৯-৯০ চনত কাশ্মীৰী পণ্ডিতসকলক পাকিস্তানৰ মদতপুষ্ট ইছলামিক উগ্ৰপন্থী সংগঠনসমূহে অত্যাচাৰ চলাই কাশ্মীৰৰ পৰা খেদি পঠোৱাৰ ওপৰত আধাৰিত (Kashmir Files story)। ছবিখনে বক্স অফিচত সফলতা লাভ কৰাৰ সমান্তৰালকৈ সমালোচনাৰ মুখো দেখিছিল ৷ আনহাতে ছবিখনৰ বাবে দেশখন দুটা গোটত বিভক্তও হৈছিল ।

ছবিখনৰ বিষয়ে দৰ্শকৰ নেতিবাচক ইতিবাচক দুয়োধৰণৰ চিন্তাই পৰিলক্ষিত হৈছিল ৷ চলচ্চিত্ৰখনত অনুপম খেৰ, মিথুন চক্ৰৱৰ্তী আৰু পল্লৱী যোশীয়ে অভিনয় কৰিছে ।

লগতে পঢ়ক: ছবি গৃহত কেজিএফ2 যাত্ৰা অব্যাহত; মুক্তিৰ তৃতীয় সপ্তাহতো হাউচ ফুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.