ETV Bharat / entertainment

ছবি গৃহত কেজিএফ2 যাত্ৰা অব্যাহত; মুক্তিৰ তৃতীয় সপ্তাহতো হাউচ ফুল

author img

By

Published : May 2, 2022, 7:44 PM IST

ছবিগৃহত এতিয়াও পূৰ্ণ গতিত চলি আছে কেজিএফ চেপ্তাৰ 2 (KGF Chapter 2 rules box office) ৷ দক্ষিণৰ তাৰকা যশে অভিনয় কৰিছে ছবিখনত ৷ টাইগাৰ শ্ৰফৰ হিৰোপন্তি2 আৰু অজয় দেৱগণৰ ৰানৱে 34ৰ মুক্তিৰ পিছতো হতাশ হ’ব লগীয়া হোৱা নাই কেজিএফ চেপ্তাৰ 2 নিৰ্মাতা ৷

KGF: Chapter 2
মুক্তিৰ তৃতীয় সপ্তাহতো জোৰদাৰ গতিত চলি আছে কেজিএফ:চেপ্তাৰ2

চিটাৰা ডেস্ক, 2 মে’: সৰ্বভাৰতীয় পৰ্যায়ৰ চলচ্চিত্ৰ কেজিএফ: চেপ্তাৰ 2 য়ে ভাৰতত ক’ভিড-19ৰ তৃতীয় ঢৌৰ পিছত নিঃসন্দেহে ছবিজগতক পুনৰুজ্জীৱিত কৰিছে । ৰানৱে 34 আৰু হিৰোপান্তি2 ৰ দৰে নতুন ছবিয়ে মুক্তি লাভ কৰা স্বত্বেও মুক্তিৰ তৃতীয় সপ্তাহতো বক্স অফিচত কেজিএফ 2 বিনা প্ৰতিদ্বন্দিতাৰে চলি আছে (KGF: Chapter 2 rules box office)।

কেজিএফ:২ৰ বক্স অফিচ সংগ্ৰহৰ ওপৰত এটা আপডেট শ্বেয়াৰ কৰি চলচ্চিত্ৰ সমালোচক আৰু বাণিজ্য বিশ্লেষক তৰণ আদৰ্শে প্ৰকাশ কৰিছে যে ছবিখনে এতিয়ালৈকে হিন্দী বজাৰত ৩৬৯.৫৮ কোটি টকা উপাৰ্জন কৰিছে (KGF: Chapter 2 rules box office)৷ ছবিখনৰ গতি মন্থৰ হোৱাৰ কোনো কাৰণ তেওঁ দেখা নাপালে বুলিও উল্লেখ কৰিলে ৷

কেজিএফৰ জনপ্ৰিয়তাই টাইগাৰ শ্ৰফ অভিনীত হিৰোপান্তি ২ আৰু ৰানৱে ৩৪ ৰ ব্যৱসায়ত প্ৰভাৱ পেলাইছে । শ্ৰফৰ ছবিখনে মুক্তিৰ দিনা 6.25 কোটি টকা উপাৰ্জন কৰিছে আৰু দ্বিতীয় দিনা ইয়াৰ উপাৰ্জন 4.75 কোটিলৈ হ্ৰাস হয় ।

বাতৰি অনুসৰি দেওবাৰে 3.50 কোটি টকালৈ উপাৰ্জন কৰে ছবিখনে ৷ ইফালে অজয় দেৱগণৰ ৰানৱে ৩৪ য়েও কেজিএফ ঢৌৰ বিৰুদ্ধে যুঁজ দিব লগা হৈছে । ছবিখনে আৰম্ভণিৰ দিনা 3 কোটি টকা উপাৰ্জন কৰে । ৰানৱে 34 ৰ দ্বিতীয় দিনা আৰু তৃতীয় দিনাৰ উপাৰ্জন ক্ৰমান্বয়ে 4.40 আৰু 5.80 কোটি টকা ৷

  • #KGF2 remains the first choice of moviegoers, despite two new titles taking away a chunk of screens, shows and footfalls... Should cross #Dangal during #Eid holidays... [Week 3] Fri 4.25 cr, Sat 7.25 cr, Sun 9.27 cr. Total: ₹ 369.58 cr. #India biz. #Hindi pic.twitter.com/UkOLMVexSU

    — taran adarsh (@taran_adarsh) May 2, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰশান্ত নীলৰ দ্বাৰা পৰিচালিত আৰু হোমবালে ফিল্মছৰ দ্বাৰা প্ৰযোজিত, কেজিএফ ছবিখনে কানাড়া, তামিল, তেলেগু, মালায়ালম আৰু হিন্দী ভাষাত মুক্তি লাভ কৰিছে । কেজিএফ: চেপ্তাৰ 2 হৈছে ৰকি (যশ) নামৰ এজন অনাথ ব্যক্তিৰ কাহিনী যি দৰিদ্ৰতাৰ পৰা উঠি আহি ৰজা হিচাপে নিজকে গঢ় দিয়ে । ইয়াৰ প্ৰথম খণ্ড ২০১৮ চনত মুক্তি হৈছিল । যশৰ উপৰিও, চিকুৱেলখনত বলীউড অভিনেত্ৰী ৰবীনা টণ্ডন আছে ৷ বলীউড অভিনেতা সঞ্জয় দত্তই এই ছবিখনেৰে কানাড়া চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছে ( kgf 2 latest updates) ।

লগতে পঢ়ক: জেকলিন ফাৰ্ণাণ্ডেজৰ 7.27 কোটি টকাৰ সম্পত্তি জব্দ কৰিলে ইডিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.