ETV Bharat / entertainment

বাগদান হ’ব নেকি ৰশ্মিকা-বিজয়ৰ ?

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 9:54 AM IST

Rashmika-Vijay Engagement: ব্যক্তিগত জীৱনৰ বাবে সম্প্ৰতি বাতৰিৰ শিৰোনাম দখল কৰিছে ৰশ্মিকা মন্দন্নাই । খবৰ অনুসৰি ৰশ্মিকাই অতি সোনকালে তেওঁৰ কথিত প্ৰেমিক বিজয় দেৱেৰাকোণ্ডাৰ সৈতে এংগেজমেণ্ট কৰিব । সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Vijay Deverakonda and Rashmika Mandanna getting engaged? Here's the truth
ৰশ্মিকাই অতি সোনকালে তেওঁৰ কথিত প্ৰেমিক বিজয় দেৱেৰাকোণ্ডাৰ সৈতে এংগেজমেণ্ট কৰিব !

চিটাৰা ডেস্ক, ৯ জানুৱাৰী: দক্ষিণৰ পৰা বলীউডলৈ নিজৰ উৎকৃষ্ট অভিনয়ৰে জনপ্ৰিয়তা লাভ কৰা ৰশ্মিকা মন্দন্নাই শেহতীয়াকৈ মুক্তি পোৱা ছবি এনিমেলৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । ছবিখনত অভিনেত্ৰীগৰাকীৰ অভিনয়ক যথেষ্ট প্ৰশংসা কৰা হৈছে । ইফালে ৰশ্মিকাক নেশ্যনেল ক্ৰাছ বুলি কোৱা হয় ৷ লাখ লাখ অনুৰাগীৰ হৃদয়ত বাস কৰে অভিনেত্ৰীগৰাকী। অতি কম বয়সতে দক্ষিণৰ পৰা বলীউডলৈ নাম অৰ্জন কৰিছে ৰশ্মিকাই । অৱশ্যে অভিনেত্ৰীগৰাকী প্ৰায়ে কিবা নহয়, কিবা কাৰণত বাতৰিৰ শিৰোনামত থাকে । একে সময়তে এইবাৰ ব্যক্তিগত জীৱনৰ বাবে চৰ্চালৈ আহিছে ৰশ্মিকা ।

আচলতে ৰশ্মিকাৰ নাম দক্ষিণৰ তাৰকা বিজয় দেৱেৰাকোণ্ডাৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ আহিছে । দুয়োকে বহুবাৰ একেলগে দেখা গৈছে । সেয়েহে, কোৱা হয় যে দুয়ো সম্পৰ্কত আছে ৷ এতিয়া দুয়োকে লৈ এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে । সংবাদ মাধ্যমৰ বহু প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ৰশ্মিকা মন্দন্না আৰু বিজয় দেৱেৰাকোণ্ডাই তেওঁলোকৰ সম্পৰ্কক আনুষ্ঠানিক নাম দিবলৈ সাজু হৈছে ।

হয়, ৰশ্মিকা আৰু বিজয়ে পৰৱৰ্তী মাহত অৰ্থাৎ ফেব্ৰুৱাৰী মাহত এংগেজমেণ্ট কৰিব পাৰে । অৱশ্যে এতিয়ালৈকে দুয়োগৰাকী তাৰকাই এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই । যদিও ৰশ্মিকা আৰু বিজয়ৰ বাগদানৰ খবৰ শুনাৰ পিচতে তেওঁলোকৰ অনুৰাগীয়ে আনন্দত আগতিয়াকৈ ছ’চিয়েল মিডিয়াত দুয়োকে শুভেচ্ছা জনাবলৈ আৰম্ভ কৰে ।

উল্লেখ্য যে, ৰশ্মিকা মন্দন্নাই ইয়াৰ পূৰ্বে দক্ষিণৰ জনপ্ৰিয় তাৰকা ৰক্ষিত শ্বেট্টীৰ সৈতে সম্পৰ্ক আছিল । আনকি অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সৈতে বাগদানো কৰিছিল । কিন্তু কিবা কাৰণত তেওঁলোকৰ সম্পৰ্ক বিয়ালৈ উপনীত নহ’ল আৰু দুয়োৰে মাজত বিচ্ছেদ ঘটিল ।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ শেহতীয়াকৈ ৰশ্মিকাক ৰণবীৰ কাপুৰৰ সৈতে এনিমেল ছবিখনত দেখা গৈছিল । এই ছবিখনে বক্স অফিচত বিপুল ধন উপাৰ্জন কৰিছিল । শেহতীয়াকৈ ছবিখনৰ সফলতা পাৰ্টিও আয়োজন কৰা হৈছিল । য’ত উপস্থিত আছিল ৰশ্মিকা ৷

লগতে পঢ়ক: Armaan Malik Engagement: আঁঠু লৈ প্ৰেমিকাক প্ৰস্তাৱ আৰমান মালিকৰ, কোন হয় কণ্ঠশিল্পীগৰাকীৰ হ’বলগীয়া জীৱন সংগী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.