ETV Bharat / entertainment

Armaan Malik Engagement: আঁঠু লৈ প্ৰেমিকাক প্ৰস্তাৱ আৰমান মালিকৰ, কোন হয় কণ্ঠশিল্পীগৰাকীৰ হ’বলগীয়া জীৱন সংগী ?

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 3:45 PM IST

সোমবাৰে জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিকে ঘোষণা কৰিলে নিজৰ বাগদানৰ কথা । দীৰ্ঘদিনীয়া প্ৰেমিকা ফেশ্বন ইনফ্লুয়েন্সাৰ আশ্না শ্ৰফৰ সৈতে অতি সোনকালেই বিবাহপাশত আৱদ্ধ হ’ব ৷

Our forever has only just begun: Armaan Malik proposes to longtime girlfriend Aashna Shroff
আৰমান মালিকৰ এংগেজমেণ্ট

চিটাৰা ডেস্ক, 28 আগষ্ট: নিজৰ সুমধুৰ কণ্ঠৰে বলীউডত এক সুকীয়া স্থান বনাবলৈ সক্ষম হৈছে এইগৰাকী কণ্ঠশিল্পীয়ে ৷ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ ছবিৰ গীততো নিজৰ কণ্ঠ নিগৰাইছে কণ্ঠশিল্পীগৰাকীয়ে ৷ কিন্তু আটাইতকৈ জনপ্ৰিয়তা লাভ কৰিছে ‘ঘৰ ছে নিকাল তেহি’ গীতটিৰ জৰিয়তে ৷ হয়, আমি কৈছো বলীউডৰ হেণ্ডছাম হাংক কণ্ঠশিল্পী আৰমান মালিকৰ কথা ৷ অভিনেতাগৰাকীৰ শুৱলা কণ্ঠত পাগল বহু অনুৰাগী ৷ কেৱল দেশতেই নহয়, বিদেশতো আছে আৰ্মানৰ অনুৰাগী ৷ অৱশ্যে আজি আমি এই প্ৰতিবেদনত আৰ্মানৰ পেছাদাৰী জীৱনৰ বিষয়ে নকওঁ ৷ কাৰণ এই প্ৰতিবেদনত আমি কম কণ্ঠশিল্পীগৰাকীৰ প্ৰেম জীৱনৰ কথা ৷

আজি আৰমান মালিকে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা তথা ফেশ্বন ইনফ্লুয়েন্সাৰ আশ্না শ্ৰফৰ সৈতে আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰে ৷ আৰমানৰ এংগেজমেণ্টৰ কিছু ছবিও ইতিমধ্যেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

বিশেষ ধৰণেৰে প্ৰেমিকাক প্ৰপ’জ আৰমান মালিকৰ

শেহতীয়াকৈ আৰমান মালিকৰ এংগেজমেণ্টৰ ছবি পোহৰলৈ আহিছে । আৰমানে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত তিনিখন ফটো শ্বেয়াৰ কৰিছে ৷ য’ত কণ্ঠশিল্পীগৰাকীয়ে আঁঠু কাঢ়ি প্ৰেমিকাক এংগেজমেণ্টৰ বাবে প্ৰপ’জ কৰা দেখা যায় । আশ্নাকো এই প্ৰস্তাৱত খুব সুখী যেন লাগিছে ফটোসমূহত। এখন ছবিত আশ্না আৰু আৰমানক হাঁহি থকা দেখা গৈছে। ইয়াৰ লগতে আশ্নাইও নিজৰ এংগেজমেণ্ট ৰিং প্ৰদৰ্শন কৰিছে। আন এখন ছবিত আৰমানে আশ্নাৰ কপালত চুমা খোৱা দেখা গৈছে । এই সময়ছোৱাত অফ হোৱাইট ছুট পৰিধান কৰে আৰমানে , আনহাতে আশ্নাক মৰমলগা বগা ৱান পিছ ড্ৰেছত অতি ধুনীয়া দেখা গৈছে।

উল্লেখ্য যে, আৰমান আৰু আশ্নাই ২০১৯ চনৰ পৰাই ইগৰাকীয়ে সিগৰাকীক ডেট কৰি আছে । অৱশ্যে ২০১৭ চনত তেওঁলোকৰ মাজত সম্পৰ্ক আছিল কিন্তু দুয়োৰে মাজত বিচ্ছেদ ঘটিছিল । ইয়াৰ পিছত ২০১৯ চনত দুয়ো পুনৰ ডেট কৰা আৰম্ভ কৰে । এই খিনিতে ক’ব লাগিব যে বলীউডৰ তাৰকাৰ দৰে এই দুই প্ৰেমিক প্ৰেমিকাই আকৌ নিজৰ সম্পৰ্ক কেতিয়াও লুকুৱাবলৈ চেষ্টা কৰা নাই আৰু প্ৰায়ে ইনষ্টাগ্ৰাম ইগৰাকীয়ে সিগৰাকীৰ লগত ছবি শ্বেয়াৰ কৰিছে । এতিয়া বাগদানৰ পিচত অতি সোনকালেই বিবাহপাশত আবদ্ধ হ’ব দুয়ো ।

লগতে পঢ়ক: Malaika Arora And Arjun Kapoor: ব্ৰেকআপৰ খবৰৰ মাজতে মালাইকা-অৰ্জুনক দেখা গ’ল একেলগে; চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.