ETV Bharat / entertainment

Ajay Kajol marriage Anniversary: বিয়াৰ পূৰ্বে কেইবাৰ ব্ৰেকআপ হৈছিল কাজল-অজয়ৰ মাজত ?

author img

By

Published : Feb 24, 2023, 1:43 PM IST

Today is 24th wedding anniversary of Ajay Devgan and Kajol
অজয় দেৱগণ আৰু কাজলৰ আজি বিবাহ বাৰ্ষিকী

বলীউডৰ আটাইতকৈ মৰম লগা আৰু প্ৰিয় দম্পতী অজয় দেৱগণ আৰু কাজলৰ আজি বিবাহ বাৰ্ষিকী ৷ প্ৰথম অৱস্থাত অজয়ে কাজলক বহু অহংকাৰী বুলি ভাবিছিল আৰু কাজলেও অজয়ক পছন্দ কৰা নাছিল ৷ কিন্তু পৰবৰ্তী সময়ত কেনেকৈ দুয়োৰে মাজত গঢ় লৈ উঠিল প্ৰেমৰ সম্পৰ্ক ? কেনেকৈ বিবাহপাশত আবদ্ধ হ’ল দুয়ো ? জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, 24 ফেব্ৰুৱাৰী: আজি অভিনেতা অজয় দেৱগণ আৰু কাজলৰ 24 সংখ্যক বিবাহ বাৰ্ষিকী (Ajay and Kajol 24rd marriage Anniversary) ৷ বলীউডৰ আটাইতকৈ মৰম লগা আৰু প্ৰিয় দম্পতী হৈছে অজয় দেৱগণ আৰু কাজল ৷ দুয়োৰে অন স্ক্ৰীণ আৰু অফ স্ক্ৰীণ কেমিষ্ট্ৰীয়ে হৃদয় জয় কৰিছিল দৰ্শকৰ লগতে তেওঁলোকৰ অনুৰাগীৰ । অজয় দেৱগণ আৰু কাজলে একেলগে প্ৰায় 9 খন ছবিত অভিনয় কৰিছে ।

উল্লেখ্য যে ৰূপালী পৰ্দাত ফ্লপ হোৱা অজয় আৰু কাজলৰ ছবি বাস্তৱ জীৱনত ইমানেই হিট যে মানুহে প্ৰেমৰ উদাহৰণ দিবলৈ তেওঁলোকৰ নাম লয় ৷ বি-টাউনৰ অন্যতম আদৰ্শ দম্পতী অজয় ​​আৰু কাজলে ১৯৯৯ চনৰ ২৪ ফেব্ৰুৱাৰীত অৰ্থাৎ আজিৰ দিনটোতে পৰিয়াল তথা অগ্নিক সাক্ষী কৰি বিবাহ পাশত আবদ্ধ হৈছিল । তেতিয়াৰে পৰা সকলোৰে বাবে দুয়োগৰাকী হৈ পৰে এক আদৰ্শ দম্পতী ৷ আজি অজয় আৰু কাজলৰ বিবাহ বাৰ্ষিকী উপলক্ষে জানো আহক তেওঁলোকৰ কিছুমান নজনা কথা . . .

দুয়োৰে স্বভাৱ চৰিত্ৰ সম্পূৰ্ণ পৃথক ৷ দুয়োৰে স্বভাৱ চৰিত্ৰত একো মিল নাই যদিও কিন্তু দুয়োৰে মাজত আছে এটা মিল - সেইটো হৈছে ইগৰাকীৰ সিগৰাকীৰ প্ৰতি থকা প্ৰেম ভালপোৱা ৷ বিপৰীত প্ৰকৃতিৰ দুগৰাকী মানুহৰ মাজত হোৱা "Kabhi Na tutne Wali" সম্পৰ্কই তেওঁলোকক সকলোৰে পৰা পৃথক কৰি তোলে ৷

কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে সকলো সম্পৰ্কই প্ৰথমে শক্তিশালী নহলেও লাহে লাহে সময়ৰ সুঁতত সম্পৰ্কবোৰ দৃঢ় আৰু গাঢ় হৈ গৈ থাকে ৷ তেনেকৈয়ে প্ৰাৰম্ভিক পৰ্যায়ত অজয় আৰু কাজলৰ সম্পৰ্কও ইমান শক্তিশালী কিম্বা গাঢ় নাছিল ৷ দুয়োৰে মাজত প্ৰথম অৱস্থাত কেৱল মাথো আছিল বিবাদ ।

কাজলৰ স্বভাৱটোক অজয়ে ভাল পোৱা নাছিল, সিংঘাম অজয়ৰ স্বভাৱকো ভাল পোৱা নাছিল অভিনেত্ৰীগৰাকীয়ে । কাজলক এসময়ত অহংকাৰী বুলি ভাবিছিল অজয়ে ৷ কিন্তু কয় নহয়, ভাগ্যত বিধাতাই লিখি দিলে কোনেনো মচিব পাৰে ৷ তেনেকুৱাই হ’ল এওঁলোকৰ ক্ষেত্ৰতো ৷ অজয় দেৱগনেও ক’ত জানিছিল বা ভাবিছিল যিগৰাকীক তেওঁ আটাইতকৈ অহংকাৰী ছোৱালী বুলি ভাবিছিল তেওঁৱেই এদিন পত্নী হৈ সিংঘামৰ হৃদয়ত শাসন কৰিব । হয়, প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায় ৷ তাৰেই এক জলন্ত উদাহৰণ অজয় আৰু কাজল ৷

অজয় আৰু কাজলৰ প্ৰথম লগ হৈছিল ১৯৯৫ চনত ‘হলচল’ ছবিৰ চেটত । তেতিয়া তেওঁলোকৰ মাজত হোৱা প্ৰথম লগালগৰ পিচতে অজয়ে সিদ্ধান্ত লৈছিল যে তেওঁ আৰু কেতিয়াও কাজলক লগ নাপায় । কিন্তু আকৌ কৈছো যে ভাগ্যত যি লিখা থাকে, তাকেই হ’ব ৷ ছবিখনৰ শ্বুটিঙৰ সময়ত দুয়োৰে মাজত আৰম্ভ হয় কথা-বতৰা ৷

পৰৱৰ্তী সময়ত দুয়োৰে মাজত এক বন্ধুত্বৰ এই ভাল সম্পৰ্ক গঢ় লৈ উঠে ৷ দুয়োৰে মাজৰ এই বন্ধুত্ব ক্ৰমান্বয়ে গভীৰ হৈ আহে । দুয়োৰে বন্ধুত্ব ইমানেই গভীৰ হৈ পৰিল যে অভিনেত্ৰীগৰাকীয়ে নিজৰ জীৱনৰ প্ৰতিটো সৰু সৰু কথা অভিনেতাজনৰ সৈতে শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিলে । আনকি কাজলে অজয়ৰ পৰা ভাল পোৱাৰ সম্পৰ্কক লৈ পৰামৰ্শ বিচাৰিছিল, কাৰণ সেই সময়ত দুয়োজনে নিজৰ নিজৰ জীৱনত কাৰোবাৰ লগত ডেটিং কৰিছিল ।

পৰৱৰ্তী সময়ত দুয়োৰে মাজত গঢ় লৈ উঠে প্ৰেমৰ সম্পৰ্ক ৷ কিন্তু কাজল আৰু অজয়ৰ মাজৰ সম্পৰ্ক বেছি দিন নাথাকিল আৰু দুয়োৰে মাজত বিচ্ছেদ ঘটিল । ব্ৰেকআপৰ পিচত পৰৱৰ্তী ছবিত অভিনয়ৰ জৰিয়তে দুয়ো আকৌ লগ হয় আৰু একেলগে আৰম্ভ কৰে শ্বুটিং ৷ শ্বুটিং চলি থকাৰ মাজতে পূৰ্বৰ কথা পাহৰি পুনৰ এবাৰ সকলো ঠিক হৈ পৰে তেওঁলোকৰ মাজত ৷ দুয়োৰে মাজত পুনৰবাৰ জাগ্ৰত হৈ পৰে পূৰ্বৰ প্ৰেম ৷ কিন্তু তেওঁলোকৰ এই সম্পৰ্ক চাৰি বছৰে সকলোৰে পৰা লুকুৱাই ৰাখিছিল ।

চাৰি বছৰ ধৰি গোপনে প্ৰেম কৰাৰ পিচত অজয় ​​আৰু কাজলে বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লয় । আমোদজনক কথাটো হ’ল, দুয়োৰে প্ৰেম কাহিনীত ইগৰাকীয়ে আনগৰাকীক এপাহি গোলাপ ফুল দিয়াৰো প্ৰয়োজন নহ’ল, আনকি 'মই তোমাক ভাল পাওঁ' বুলি কোৱাৰো প্ৰয়োজন হোৱা নাছিল দুয়োৰে মাজত ৷ যিয়েই নহওক, দুখন হৃদয়ৰ মিলন হৈছিল আৰু সেইটোৱেই পৰ্যাপ্ত আছিল দুয়োৰে বাবে । অৱশেষত পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুৰ উপস্থিতিত কাজল আৰু অজয় বিবাহপাশত আবদ্ধ হয় । বৰ্তমান দুই সন্তানৰ পিতৃ-মাতৃ অজয় আৰু কাজল ৷ কন্যা ন্যাছা আৰু পুত্ৰ যুগক লৈ বহুতৰে আদৰ্শ হৈ পৰা এটি সুখৰ পৰিয়াল ।

লগতে পঢ়ক: Kiara wishes Mom Birthday: কিয়াৰাই এনেদৰে জনালে মাতৃক জন্মদিনৰ শুভেচ্ছা, শ্বেয়াৰ কৰিলে বিবাহৰ Unseen ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.