ETV Bharat / entertainment

Kiara wishes Mom Birthday: কিয়াৰাই এনেদৰে জনালে মাতৃক জন্মদিনৰ শুভেচ্ছা, শ্বেয়াৰ কৰিলে বিবাহৰ Unseen ফটো

author img

By

Published : Feb 23, 2023, 11:33 AM IST

ন কইনা কিয়াৰা আদৱানীয়ে সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে বিয়াৰ কিছু বিশেষ ছবি শ্বেয়াৰ কৰি মাতৃ জেনেভিভ আদৱানীক জন্মদিনৰ শুভেচ্ছা জনায় । এই ছবিসমূহৰ লগতে অভিনেত্ৰীগৰাকীয়ে এটা মৰমলগা বাৰ্তাও পোষ্ট কৰিছে ।

Kiara Advani wishes mom Genevieve Advani on birthday with unseen Photos from her wedding
কিয়াৰাই এনেদৰে জনালে মাতৃক জন্মদিনৰ শুভেচ্ছা, শ্বেয়াৰ কৰিলে বিবাহৰ Unseen ফটো

চিটাৰা ডেস্ক, 23 ফেব্ৰুৱাৰী: বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী হৈছে কিয়াৰা আদৱানী । বৰ্তমান সামাজিক মাধ্যমত খুবেই চৰ্চিত হৈ আছে Sid-Kiaraৰ বিবাহ ৷ সকলোৰে মুখত মাথো Sid-Kiaraৰে কথা ৷ ইতিমধ্যে সকলোৱে জ্ঞাত যে, ৭ ফেব্ৰুৱাৰীত কিয়াৰাই তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় । জয়ছালমেৰৰ সূৰ্যগড় প্ৰাসাদত পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত বিবাহপাশত আৱদ্ধ হয় শ্বেৰশ্বাহ যুটি Sid-Kiara ।

দিল্লী আৰু মুম্বাইত জনপ্ৰিয় দম্পতীহালে গ্ৰেণ্ড ৰিচেপচন আয়োজন কৰে । সকলো অনুষ্ঠানৰ অন্তত দম্পতীহালে নিজৰ বিবাহৰ সুন্দৰ ছবি ছচিয়েল মিডিয়াত অবিৰতভাৱে শ্বেয়াৰ কৰি আছে(Kiara Advani wishes Mom)।

ইয়াৰ মাজতে কিয়াৰাই আজি ছ'চিয়েল মিডিয়াযোগে তেওঁৰ বিবাহৰ সময়ৰ কিছু ছবি শ্বেয়াৰ কৰে ৷ য'ত তেওঁ আৰু তেওঁৰ মাতৃক একেলগে দেখিবলৈ পোৱা গৈছে ৷ দৰাচলতে আজি কিয়াৰা আদৱানীৰ মাতৃ জেনেভিভ আদৱানীৰ জন্মদিন ৷ সেয়ে ইনষ্টাগ্ৰামযোগে মাতৃক জন্মদিনৰ শুভেচ্ছা জনালে কিয়াৰাই । এই ছবিবোৰত দেখা গৈছে মাতৃ আৰু কন্যাৰ বিশেষ বন্ধন(Kiara wishes Mom Birthday)।

শেহতীয়াকৈ কিয়াৰাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত নিজৰ বিয়াৰ কিছুমান নতুন ছবি শ্বেয়াৰ কৰিছে যিসমূহ এতিয়ালৈকে ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা নাছিল(Kiara Mom birthday)। কিয়াৰাই তেওঁ ধুনীয়া মাতৃ জেনেভিভ আদৱানীৰ সৈতে সুন্দৰ ছবি শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনাই অভিনেত্ৰীগৰাকীয়ে কেপচনত হাৰ্ট ইমোজিৰে লিখি যে, Happy Birthday to Mumma, my lovely, careing, praying mother, তোমাৰ ছোৱালী বুলি মই নিজকে ধন্য বুলি গণ্য কৰোঁ(Kiara wishes Mom Genevieve Advani birthday)।

এই ছবিবোৰত মাতৃ-কন্যাৰ মৰমৰ বান্ধোন স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে । ছবিবোৰৰ কথা ক’বলৈ গ’লে প্ৰথম ছবিখন কিয়াৰাৰ বিবাহৰ সময়ৰ, য’ত তেওঁক তেওঁৰ মাতৃৰ সৈতে দেখা গৈছে(Kiara wishes Mom Genevieve Advani)।

দ্বিতীয়খন ছবিত কিয়াৰাক দেখা গৈছে মাতৃ, ভাতৃ মিছেল আদৱানীৰ সৈতে(Kiara wishes Mom Genevieve Advani)। কিয়াৰাৰ তৃতীয় ছবিবোৰ বৰ মৰমলগা । এই ছবিখনত দেখা গৈছে কিয়াৰাক সমগ্ৰ পৰিয়ালৰ সৈতে(Genevieve Advani birthday)। একে সময়তে শেষৰ ছবিখনত দেখা গৈছে মাতৃ আৰু কন্যাৰ মৰম । এই ছবিখনত জেনেভিভ আদৱানীয়ে কিয়াৰাক চুমা খাই থকা দেখা গৈছে(Kiara Advani Latest Photo)।

Sid-Kiaraৰ Work front

সিদ্ধাৰ্থ মালহোত্ৰাৰ আহিবলগীয়া ছবি, War Drama "Yodha"ত অভিনয় কৰা দেখিবলৈ পোৱা যাব, য’ত তেওঁক সেনা বিষয়াৰ চৰিত্ৰত দেখা যাব । আনহাতে, শেহতীয়াকৈ কিয়াৰা আদৱানীয়ে তেওঁৰ আগন্তুক প্ৰেম কাহিনী ‘সত্যপ্ৰেম কি কথা’ৰ শ্বুটিং ইতিমধ্যে সমাপ্ত কৰিছে, য’ত তেওঁ আৰু কাৰ্তিক আৰিয়ানে মুখ্য চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব ।

লগতে পঢ়ক: Heeramandi Teaser Release: ৱেব শ্ব' হীৰামণ্ডীৰ টিজাৰ মুকলি, থাকিব এই বিষয়বস্তু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.