ETV Bharat / entertainment

অ'টিটিত মুক্তি টাইগাৰ ৩, কোনটো প্লেটফৰ্মত চাব পাৰিব জানি লওক

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 10:09 AM IST

Tiger 3 OTT release: Salman khans movie starts streaming in Amazon
টাইগাৰ ৩ অ’টিটি মুক্তি

Tiger 3 OTT Release: অ’টিটি প্লেটফৰ্মত মুক্তি লাভ কৰিছে ছলমান খানৰ টাইগাৰ ৩ । এতিয়া আপুনি ঘৰতে বহি উপভোগ কৰিব পাৰিব ছবিখন ৷ কোনটো প্লেটফৰ্মত মুক্তি লাভ কৰিছে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, ৭ জানুৱাৰী: শেহতীয়াকৈ মুক্তি লাভ কৰিছিল বলীউডৰ ভাইজান ছলমান খানৰ বহু প্ৰত্যাশিত ছবি টাইগাৰ ৩ ৷ ছবিখনে দৰ্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছিল ৷ বক্স অফিচতো ভাল ফলাফল দেখুৱাইছিল ছবিখনে ৷ কিন্তু আপুনি বাৰু এতিয়ালৈকে ছবিখন চোৱা নাই নেকি ? যদি চোৱা নাই তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ । হয়, এতিয়া ছবিগৃহত নহয়, ঘৰতে বহি আপুনি উপভোগ কৰিব পাৰিব ভাইজানৰ এই ছবিখন ৷ দৰাচলতে ডিজিটেল প্লেটফৰ্মত ষ্ট্ৰীম কৰা হৈছে ছলমান খান আৰু কেটৰিণা কাইফৰ স্পাই থ্ৰিলাৰ টাইগাৰ ৩ । ছবিখন আমাজন প্ৰাইমত ষ্ট্ৰীম কৰা হৈছে ।

ছলমান খানে এটা পোষ্টযোগে জনালে এই কথা

খোদ ছলমান খানে এই কথা ঘোষণা কৰিছে । ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে লিখিছে - সাজু হওক...টাইগাৰ আহি আছে । চাওক, কেৱল প্ৰাইম ভিডিঅ’ত ।

উল্লেখ্য যে, এই ছবিখন ২০২৩ চনৰ নৱেম্বৰ মাহত মুক্তি পাইছিল । ছবিখনে বক্স অফিচত ভাল সঁহাৰি লাভ কৰিছিল । মনীষ শৰ্মাৰ পৰিচালনা আৰু যশ ৰাজ ফিল্মছৰ প্ৰযোজনাত নিৰ্মিত এই চিনেমাখন টাইগাৰ ছিৰিজৰ ৩ য় কিস্তি । ইয়াৰ আগতে ‘এক থা টাইগাৰ’ আৰু ‘টাইগাৰ জিন্দা হে’ মুক্তি পাইছিল । দুয়োখন ছবিয়েই অনুৰাগীয়ে যথেষ্ট ভাল পাইছিল ।

টাইগাৰ ৩ ত ছলমান খানৰ উপৰিও কেটৰিণা কাইফ, ইমৰাণ হাছমী, ৰিদ্ধি ডোগ্ৰাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । বক্স অফিচ সংগ্ৰহৰ কথা ক’বলৈ গ’লে ছবিখনে ঘৰুৱা বজাৰত ২৮২.৭৯ কোটি টকাৰ ব্যৱসায় কৰিছিল । বিশ্বজুৰি ছবিখনে উপাৰ্জন কৰিছিল ৪৬৪ কোটি টকা ।

লগতে পঢ়ক: ৩০০ কোটিৰ সীমা অতিক্ৰম কৰাটো কঠিন হৈ পৰিছে টাইগাৰ ৩ৰ বাবে, ১৭ দিনৰ সংগ্ৰহ জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.