ETV Bharat / entertainment

৩০০ কোটিৰ সীমা অতিক্ৰম কৰাটো কঠিন হৈ পৰিছে টাইগাৰ ৩ৰ বাবে, ১৭ দিনৰ সংগ্ৰহ জানি লওক

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 12:20 PM IST

tiger-3-box-office-collection-day-17-salman-khan-katrina-kaifs-film-witnesses-free-fall-on-third-tuesday
টাইগাৰ ৩ ৰ বক্স অফিচ সংগ্ৰহ

Tiger 3 Box Office Collection Day 17: বক্স অফিচত একেবাৰে কমি আহিছে ছলমান খানৰ ‘টাইগাৰ ৩’ ৰ উপাৰ্জন । ছবিখনৰ বাবে শেহতীয়াকৈ কিছু কোটি টকাও উপাৰ্জন কৰাটো অতি কঠিন হৈ পৰিছে । তৃতীয় মঙলবাৰে ছবিখনে অতি কম উপাৰ্জন সংগ্ৰহ কৰিছে ।

চিটাৰা ডেস্ক, ২৯ নৱেম্বৰ: টাইগাৰ ফ্ৰেঞ্চাইজিৰ তৃতীয় পাৰ্ট ‘টাইগাৰ ৩’ এ দীপাৱলীৰ দিনা অৰ্থাৎ ১২ নৱেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে । ছবিখনে বাম্পাৰ ওপেনিঙেৰে বক্স অফিচত খাতা খুলিছিল । মুক্তিৰ প্ৰথম সপ্তাহত ছবিখনে বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰে ৷ যদিও দ্বিতীয় সপ্তাহত ছবিখনৰ উপাৰ্জন হ্ৰাস পাবলৈ ধৰে । এতিয়া মুক্তিৰ তৃতীয় সপ্তাহত উপনীত হৈছে ‘টাইগাৰ ৩’ । মুক্তিৰ ১৭ দিনত অৰ্থাৎ তৃতীয় মঙলবাৰে ছলমান খানৰ ছবিখনে কিমান সংগ্ৰহ কৰিছে জানি লওক এই প্ৰতিবেদনত ।

মুক্তিৰ ১৭ দিনত কিমান উপাৰ্জন কৰিলে ‘টাইগাৰ ৩’ য়ে ?

ছলমান খানৰ অভিনীত ‘টাইগাৰ ৩’ ২০২৩ চনৰ আটাইতকৈ প্ৰত্যাশিত ছবি হিচাপে পৰিগণিত হৈছিল আৰু মুক্তি পোৱাৰ লগে লগে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছিল । ‘টাইগাৰ ৩’ মুক্তিৰ প্ৰথম দিনাই ৪৪ কোটিৰো অধিক টকা সংগ্ৰহ কৰে আৰু এই ছবিখন ছলমানৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ অ’পেনাৰ হোৱাৰ উপৰিও হিন্দী চিনেমাৰ ইতিহাসৰ সৰ্ববৃহৎ দীপাৱলী অ’পেনাৰ হিচাপেও পৰিগণিত হয় ।

সকলো ভাষাতে ছবিখনৰ প্ৰথম সপ্তাহৰ সংগ্ৰহ আছিল ১৮৭.৬৫ কোটি টকা । উপাৰ্জন হ্ৰাস পোৱাৰ পিচত দ্বিতীয় সপ্তাহত ছবিখনে ৬৭.২২ কোটি টকাৰ ব্যৱসায় কৰিছিল । এতিয়া ‘টাইগাৰ ৩’ এ মুক্তিৰ তৃতীয় সপ্তাহত ভৰি দিছে। তৃতীয় সপ্তাহৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে তৃতীয় দেওবাৰে ‘টাইগাৰ ৩’ য়ে ৬.৭৫ কোটি টকা উপাৰ্জন কৰিছিল । সোমবাৰে ‘টাইগাৰ ৩’ৰ সংগ্ৰহ ৫৮.৫২ শতাংশ হ্ৰাস পাই আৰু ছবিখনে মাত্ৰ ২.৮ কোটি টকা সংগ্ৰহ কৰে । এতিয়া তৃতীয় মঙলবাৰ অৰ্থাৎ ছবিখন মুক্তিৰ ১৭ দিনৰ উপাৰ্জনৰ প্ৰাৰম্ভিক পৰিসংখ্যাও পোহৰলৈ আহিছে ।

  • Celebrate #Tiger3 with a Blockbuster Weekday Offer of ₹ 150/- across all shows in participating cinemas from Today to Thursday 30 Nov, 2023 in Hindi, Tamil & Telugu.

    T&C apply. Check local cinema listings for details. pic.twitter.com/5WuLK4AufE

    — Yash Raj Films (@yrf) November 27, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

Sacknilk ৰ আৰম্ভণিৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি ‘টাইগাৰ ৩’ মুক্তিৰ ১৭ দিনত অৰ্থাৎ তৃতীয় মঙলবাৰে মাত্ৰ ২.২৫ কোটি টকা উপাৰ্জন কৰিছে । ইয়াৰ লগে লগে ১৭ দিনত ‘টাইগাৰ ৩’ৰ মুঠ উপাৰ্জন হৈছেগৈ ২৭৬.২৫ কোটি টকা ।

৩০০ কোটিৰ সীমা অতিক্ৰম কৰাটো ‘টাইগাৰ ৩’ৰ বাবে কঠিন হৈ পৰিছে

বক্স অফিচত বেয়া অৱস্থা হৈছে ‘টাইগাৰ ৩’ ৰ । ছবিখনৰ এনে অৱস্থাত ক’ব পাৰি যে ইয়াৰ বাবে ৩০০ কোটি টকাৰ পৰিসংখ্যা স্পৰ্শ কৰাটোও অতি কঠিন হ’ব টাইগাৰ ৩ ৰ বাবে । এতিয়া এই শুকুৰবাৰে ছবিগৃহত মুক্তি পাব ৰণবীৰ কাপুৰৰ এনিমেল আৰু বিকি কৌশলৰ ছেম বাহাদুৰ । দুয়োখন ছবিৰ বিপুল অগ্ৰিম বুকিং হৈছে । এনে পৰিস্থিতিত এই ছবিবোৰৰ ধুমুহাৰ আগত ‘টাইগাৰ ৩’ যে উৰি যাব সেয়া এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: জৱানৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে টাইগাৰ ৩ য়ে, দেওবাৰে কিমান উপাৰ্জন কৰিলে ছবিখনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.