ETV Bharat / entertainment

জৱানৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে টাইগাৰ ৩ য়ে, দেওবাৰে কিমান উপাৰ্জন কৰিলে ছবিখনে ?

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 5:08 PM IST

Tiger 3 Box Office Collection Day 15: ‘জৱান’ৰ অভিলেখ ভংগ কৰিবলৈ ব্যৰ্থ হৈছে ‘টাইগাৰ ৩’ য়ে । দুসপ্তাহত ‘জৱান’য়ে ৬০০ কোটিৰো অধিক ধন উপাৰ্জন কৰিছিল । আনহাতে ‘টাইগাৰ ৩’ এতিয়ালৈকে ৩০০ কোটি টকাও উপাৰ্জন কৰিব পৰা নাই। জানি লওক এই পৰ্যন্ত কিমান উপাৰ্জন কৰিছে ছবিখনে ৷

Tiger 3 box office collection day 15: Salman Khan - Katrina Kaif starrer film sunday collection
টাইগাৰ ৩ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, 26 নৱেম্বৰ: অনুৰাগীয়ে দীৰ্ঘদিনৰে পৰা ছলমান খান আৰু কেটৰিণা কাইফৰ স্পাই থ্ৰিলাৰ ছবি ‘টাইগাৰ ৩’ৰ বাবে অপেক্ষা কৰি আছিল । অৱশেষত ১২ নৱেম্বৰত অন্ত পৰে অনুৰাগীৰ অপেক্ষাৰ আৰু ছবিগৃহত মুক্তি লাভ কৰে ছবিখন ৷ ছবিখন মুক্তিৰ পিচত দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰে আৰু ছবিখনে বক্স অফিচত প্ৰথম দিনা গ্ৰেণ্ড অ’পেনিং লাভ কৰে । ছবিখন মুক্তিৰ এতিয়া ১৫ দিন হ’ল ৷ কিন্তু এতিয়া ছবিখনৰ উপাৰ্জন লাহে লাহে কমি আহিছে ।

সেকনিল্কৰ প্ৰতিবেদন অনুসৰি মুক্তিৰ ১৪ দিনত অৰ্থাৎ শনিবাৰে ‘টাইগাৰ ৩’য়ে ৬.৬ কোটি টকা উপাৰ্জন কৰিছিল । এতিয়া দেওবাৰৰ উপাৰ্জনো পোহৰলৈ আহিছে । সেকনিল্কৰ প্ৰতিবেদন অনুসৰি ছবিখনে ১৫ দিনত (দেওবাৰে) ২.৫৮ কোটি টকা উপাৰ্জন কৰিছে । ইয়াৰ লগে লগে ঘৰুৱা বক্স অফিচত ছবিখনৰ মুঠ সংগ্ৰহ হয়গৈ ২৬৭.৮৫ কোটি টকা ।

‘জৱান’ৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে ‘টাইগাৰ ৩’ য়ে ?

উল্লেখ্য যে, ‘টাইগাৰ ৩’য়ে মুক্তিৰ ১৫ দিনত ‘জৱান’ৰ অভিলেখ ভংগ কৰাত ব্যৰ্থ হৈছে । মুক্তিৰ ১৫ দিনত ‘জৱান’য়ে ৯.৪ কোটি টকাৰ ব্যৱসায় কৰিছিল । ইয়াৰ উপৰিও ‘জৱানে’ দুসপ্তাহত ৬০০ কোটিতকৈও অধিক টকাৰ ব্যৱসায় কৰিছিল । আনহাতে ‘টাইগাৰ ৩’ এতিয়াও ৩০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰিব পৰা নাই ।

বিশ্বব্যাপী 'টাইগাৰ ৩'ৰ উপাৰ্জন

‘টাইগাৰ ৩’ৰ বিশ্বব্যাপী সংগ্ৰহৰ কথা ক’বলৈ গ’লে যশ ৰাজ ফিল্মছৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলৰ মতে, ছবিখনে এতিয়ালৈকে বিশ্বজুৰি মুঠ ৪২৭ কোটি টকা উপাৰ্জন কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

‘এক থা টাইগাৰ’ আৰু ‘টাইগাৰ জিন্দা হায়’ৰ ছিকুৱেল ছলমান খানৰ অভিনীত ‘টাইগাৰ ৩’ । ছবিখনত ছলমান খানৰ সৈতে পুনৰবাৰ মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত দেখা গৈছে কেটৰিণা কাইফক । আনহাতে ইমৰাণ হাছমীয়ে খলনায়কৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

লগতে পঢ়ক: ছলমান খানৰ ভাগিনীয়েক আলিজেহৰ Farrey ছবিখনে দুদিনত কিমান উপাৰ্জন কৰিছে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.