ETV Bharat / entertainment

ছলমান খানৰ ভাগিনীয়েক আলিজেহৰ Farrey এ ছবিখনে দুদিনত কিমান উপাৰ্জন কৰিছে ?

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 10:06 AM IST

Updated : Nov 26, 2023, 10:42 AM IST

Alizeh's Debut film Farrey Box Office Collection Day 2
ফাৰে বক্স অফিচ সংগ্ৰহ

Farrey Box Office Collection Day 2: ছলমান খানৰ ভাগিনীয়েক আলজেহৰ প্ৰথমখন ছবি ‘ফাৰে’ ছবিগৃহত মুক্তি লাভ কৰিছে ৷ কিন্তু ছবিখন ছবিগৃহত দৰ্শকক আকৰ্ষণ কৰাত ব্যৰ্থ হৈছে ৷ এতিয়ালৈকে বক্স অফিচত ছবিখনে কিমান উপাৰ্জন কৰিলে জানি লওক এই প্ৰতিবেদনত...

চিটাৰা ডেস্ক, ২৬ নৱেম্বৰ : ২৪ নৱেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে ছলমান খানৰ ভাগিনীয়েক আলিজেহ অগ্নিহোত্ৰীৰ ছবি ‘ফাৰে’ । বলীউডত আলিজেহৰ এইখন প্ৰথমখন ছবি ৷ কিন্তু ছবিখনৰ দুদিনৰ উপাৰ্জনৰ পৰা ক’ব পাৰি যে আলিজেহৰ প্ৰথমখন ছবিয়ে দৰ্শকক ছবিগৃহত আকৰ্ষণ কৰাত কিছু ব্যৰ্থ হৈছে । ছবিখনৰ আৰম্ভণি কম উপাৰ্জনৰে হয় আৰু দ্বিতীয় দিনাও বক্স অফিচত ভাল প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় । ‘ফাৰে’ ছবিখনে দুদিনত মাত্ৰ এক কোটি টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হয় ।

সেকনিল্কৰ প্ৰতিবেদন অনুসৰি ছবিখনে ৫০ লাখ টকাৰ সংগ্ৰহৰে বক্স অফিচত খাতা খুলিছিল । এতিয়া দ্বিতীয় দিনৰ উপাৰ্জন পোহৰলৈ আহিছে, সেই অনুসৰি দ্বিতীয় দিনা ছবিখনে মাত্ৰ ৬০ লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে । ইয়াৰ লগে লগে আলিজেহ অগ্নিহোত্ৰীৰ অভিনীত ছবি ‘ফাৰে’ দুদিনৰ মুঠ সংগ্ৰহ হয়গৈ ১.১০ কোটি টকা ।

মোমায়েকৰ 'টাইগাৰ ৩'ৰ বাবেই এনে অৱস্থা হ’ল নেকি 'ফাৰে'ৰ ?

উল্লেখ্য যে, ছলমান খানৰ অভিনীত ‘টাইগাৰ ৩’ ছবিখন ১২ নৱেম্বৰত মুক্তি পাইছিল আৰু এতিয়ালৈকে বক্স অফিচত অব্যাহত আছে ছবিখনৰ উপাৰ্জন । এই ছবিখন ছবিগৃহত চলি থকাৰ মাজতে মুক্তি পাইছে ছলমান খানৰ ভাগিনীয়েক আলিজেহৰ ‘ফাৰে’ ৷ কিন্তু ‘টাইগাৰ ৩’ৰ লগত যেন ফেৰ মাৰিবলৈ ব্যৰ্থ হ’ল ‘ফাৰে’ ।

‘ফাৰে’ৰ কাহিনীৰ কি ?

পৰীক্ষাত নকল কৰাৰ আধাৰত নিৰ্মিত থাই ছবি ‘বেড জিনিয়াছ’ৰ পুনঃনিৰ্মাণ ‘ফাৰে’ । ছবিখনৰ কাহিনীৰ কথা ক’বলৈ গ’লে বৃত্তিৰ সহায়ত অভিজাত বিদ্যালয়ত নামভৰ্তি লাভ কৰা এগৰাকী অনাথ প্ৰতিভাশালী ছাত্ৰীৰ ওপৰত আধাৰিত । কিন্তু সেই ছাত্ৰীগৰাকী নকলৰ ৰেকেটত সোমাই পৰে আৰু ছাত্ৰীগৰাকীৰ কিছুমান ধনী বন্ধুৱে তেওঁক প্ৰলোভন দিয়ে তেওঁলোকক সহায় কৰিবলৈ ৷

‘ফাৰে’ৰ জৰিয়তে তিনিগৰাকী তাৰকাই বলীউডত আত্মপ্ৰকাশ কৰে

ছলমান খানৰ ভাগিনীয়েক আলিজেহ অগ্নিহোত্ৰীয়ে ‘ফাৰে’ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰে । আলিজেহৰ লগতে প্ৰসন্ন বিষ্ট আৰু জেন শ্ব’ৰো এইখনো প্ৰথমখন ছবি । ‘ফাৰে’ ছবিখনত ৰনিত ৰয়, সাহিল মেহতা আৰু জুহি বাব্বৰেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে ।

লগতে পঢ়ক : হ্ৰাস পালে টাইগাৰ ৩ ৰ উপাৰ্জন, এতিয়ালৈকে কিমান উপাৰ্জন কৰিলে ছবিখনে ?

Last Updated :Nov 26, 2023, 10:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.