ETV Bharat / entertainment

হ্ৰাস পালে টাইগাৰ ৩ ৰ উপাৰ্জন, এতিয়ালৈকে কিমান উপাৰ্জন কৰিলে ছবিখনে ?

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 12:23 PM IST

Tiger 3 Box Office Collection Day 12: টাইগাৰ ৩ মুক্তিৰ আজি ১২ দিন হ’ল ৷ এতিয়ালৈকে বক্স অফিচত কিমান উপাৰ্জন কৰিলে ছবিখনে জানি লওক এই প্ৰতিবেদনত ৷

Tiger 3 box office collection day 12: Salman Khan's actioner breaches Rs 250cr mark, actor says 'grateful and happy' about it
টাইগাৰ ৩ ৰ উপাৰ্জন

চিটাৰা ডেস্ক, 24 নৱেম্বৰ: মুক্তিৰ দিনা এক সুন্দৰ উপাৰ্জনৰে বক্স অফিচত খাতা খুলিছিল টাইগাৰ ৩ ছবিখনে ৷ কিন্তু এতিয়া লাহে লাহে কমি আহিছে ছবিখনৰ উপাৰ্জন। মুক্তিৰ মাত্ৰ দুসপ্তাহৰ ভিতৰতে এনে অৱস্থা হৈছে ছলমান খানৰ ছবিখনৰ।

টাইগাৰ ৩ এখন ছুপাৰহিট ফ্ৰেঞ্চাইজিৰ ছবি। এনে পৰিস্থিতিত নতুন ছবিখনৰ পৰা দৰ্শকৰ বহু আশা আছিল । ছবিখনৰ ট্ৰেইলাৰেও ভাল সঁহাৰি পাইছিল, যাৰ ফলত টাইগাৰ ৩ ক আগতীয়াকৈ বুকিঙেও যথেষ্ট সহায় কৰিছিল ।

ছবিখনৰ আৰম্ভণি কেনেকুৱা আছিল ?

দীপাৱলী উপলক্ষে মুক্তি পোৱা টাইগাৰ ৩ ছবিয়ে মুকলিৰ দিনটোত ৪৪.৫০ কোটি টকা উপাৰ্জন কৰিছিল । ইয়াৰ পিচতো ছবিখনে ভাল ব্যৱসায় কৰিছিল । ছবিখনে দ্বিতীয় দিনা প্ৰায় ৫৯ কোটি টকা আৰু তৃতীয় দিনা ৪৪ কোটি টকা উপাৰ্জন কৰে ।

প্ৰথম তিনিদিনৰ পাচতে টাইগাৰ ৩ৰ উপাৰ্জন হ্ৰাস পাবলৈ ধৰে ৷ ছবিখনে দ্বিতীয় সোমবাৰৰ পৰা অৰ্থাৎ ২০ নৱেম্বৰৰ পৰা একক সংখ্যাৰ ব্যৱসায় কৰি আছে । এতিয়া টাইগাৰৰ উপাৰ্জন ৫ কোটি টকাৰ তললৈ নামি আহিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

টাইগাৰ ৩ৰ শেহতীয়া উপাৰ্জনৰ কথা ক’বলৈ গ’লে সোমবাৰে ছবিখনে ৭.৩৫ কোটি টকাৰ ব্যৱসায় কৰিছিল । একে সময়তে মঙলবাৰৰ আয় ৬.৭০ কোটি আৰু বুধবাৰে ৫.৮১ কোটি টকা হয়গৈ । Sacnilk ৰ ৰিপৰ্ট অনুসৰি বৃহস্পতিবাৰে ছবিখনৰ উপাৰ্জন অধিক হ্ৰাস পায় ।

বৃহস্পতিবাৰে কিমান কোটি টকা উপাৰ্জন কৰিলে ছবিখনে ?

প্ৰাৰম্ভিক পৰিসংখ্যা অনুসৰি টাইগাৰ ৩ য়ে মুক্তিৰ ১২ দিনত প্ৰায় ৪.৭০ কোটি টকা নেট সংগ্ৰহ কৰে । ইয়াৰ লগে লগে এতিয়ালৈকে ছবিখনে ঘৰুৱা বক্স অফিচত ২৫৪.৪৬ কোটি টকাৰ ব্যৱসায় কৰিছে ।

প্ৰথম দিন- ৪৪.৫০ কোটি টকা

দ্বিতীয় দিন- ৫৯.২৫ কোটি টকা

তৃতীয় দিন- ৪৪.৭৪ কোটি টকা

চতুৰ্থ দিন- ২১.২৫ কোটি টকা

পঞ্চম দিন- ১৮.৫০ কোটি টকা

ষষ্ট দিন- ১৩.২৫ কোটি টকা

সপ্তম দিন- ১৮.৭৫ কোটি টকা

অষ্টম দিন- ১০.৫০ কোটি টকা

নৱম দিন- ৭.৩৫ কোটি টকা

দশম দিন- ৬.৭০ কোটি টকা

একাদশ দিন- ৫.৮১ কোটি টকা

দ্বাদশ দিন- ৪.৭০ কোটি টকা

লগতে পঢ়ক: জনপ্ৰিয় তাৰকাৰ তালিকাত শীৰ্ষত কিং খান, আলিয়াৰ পৰা দীপিকা পাডুকনলৈকে, কোনে পালে কোনটো স্থান জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.