ETV Bharat / entertainment

Shehnaaz Gill discharged: হাস্পতালৰ পৰা মুখত মাস্ক পৰিধান কৰি ওলাই আহিল শ্বেহনাজ

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 11:09 AM IST

মঙলবাৰে হঠাৎ অসুস্থ হৈ পৰিছিল শ্বেহনাজ গিল, যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল অভিনেত্ৰীগৰাকীক । এই খবৰ লাভ কৰাৰ পিচতে চিন্তিত হৈ পৰিছিল অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকল ৷ এতিয়া শ্বেহনাজৰ স্বাস্থ্য অৱস্থা কেনেকুৱা জানো আহক এই প্ৰতিবেদনত ৷

Thank You For Coming actor Shehnaaz Gill discharged from Mumbai hospital
চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হ’ল শ্বেহনাজ গিলক

চিটাৰা ডেস্ক, 11 অক্টোবৰ: বিগ বছ ছিজন 13 ৰ পৰা খ্যাতি অৰ্জন কৰা শ্বেহনাজ গিলক আজি কোনে চিনি নাপায় ৷ বিগ বছ 13 ৰ বিজয়ৰ খিতাপ দখল কৰিব পৰা নাই যদিও এই শ্ব’টোৰ পৰা অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে শ্বেহনাজে ৷ এই শ্ব’টো এক প্ৰকাৰে শ্বেহনাজৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্ট হিচাপে পৰিগণিত হয় ৷ সেয়েহে, শ্বেহনাজৰ প্ৰত্যেকটো খবৰ জানিবলৈ অতি আগ্ৰহেৰে অপেক্ষা কৰি থাকে অনুৰাগীয়ে । শেহতীয়াকৈ শ্বেহনাজে নিজৰ ছবি ‘থেংক ইউ ফৰ কমিং’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । ছবিখনত শ্বেহনাজৰ অভিনয়ক যথেষ্ট প্ৰশংসা কৰিছে অনুৰাগীয়ে । কিন্তু ছবিখনৰ সফলতা উপভোগ কৰাৰ পূৰ্বেই অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয় অভিনেত্ৰীগৰাকী। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত লাইভ আহি নিজৰ অসুস্থতাৰ বিষয়ে অনুৰাগীক জনাইছিল ৷ ইয়াৰ পিচতে চিন্তিত হৈ পৰিছিল অনুৰাগী ৷ অৱশ্যে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই ৷ কাৰণ হাস্পতালৰ পৰা ডিচচাৰ্জ দিয়া হ’ল অভিনেত্ৰীগৰাকীক ৷

চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হ’ল শ্বেহনাজ গিলক

শেহতীয়াকৈ শ্বেহনাজ গিলে চিকিৎসালয়ৰ বিচনাৰ পৰাই ইনষ্টাগ্ৰামত লাইভ আহিছিল আৰু অনুৰাগীক জনাইছিল নিজৰ অসুস্থতাৰ বিষয়ে । অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ বাহিৰৰ খাদ্য খাইছিল আৰু ইয়াৰ পিচতে খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে ৷ যাৰ বাবে মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল শ্বেহনাজক ।

এতিয়া কেনে আছে শ্বেহনাজ গিল ?

অৱশ্যে শ্বেহনাজ এতিয়া ভালেই আছে আৰু তেওঁক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে । চিকিৎসালয়ৰ পৰা ওলাই অহা অভিনেত্ৰীগৰাকীৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত অভিনেত্ৰীগৰাকীয়ে মুখত মাস্ক পৰিধান কৰি বাহনৰ ফালে খোজ কাঢ়ি যোৱা দেখা গৈছে । ইফালে শ্বেহনাজক সুস্থ দেখি সকাহৰ হুমুনিয়াহ এটা কাঢ়িছে অভিনেত্ৰীগৰাকীৰ অনুৰাগীয়ে ।

শ্বেহনাজ গিলৰ ৱৰ্ক ফ্ৰণ্ট

শ্বেহনাজ গিলে পাঞ্জাবী ছবি আৰু সংগীত এলবামৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । অৱশ্যে ছলমান খানৰ ৰিয়েলিটি শ্ব’ বিগ বছ ছিজন 13 ৰ পৰা শ্বেহনাজে প্ৰকৃত স্বীকৃতি লাভ কৰে । এই অনুষ্ঠানটোৰ আটাইতকৈ মনোৰঞ্জনদায়ক প্ৰতিযোগী আছিল শ্বেহনাজ ৷ অৱশ্যে শ্ব’টোৰ বিজয়ী হ’ব নোৱাৰিলেও শ্ব’টোৰ তৃতীয় ৰানাৰ্ছ আপ হয় অভিনেত্ৰীগৰাকী ৷ ইয়াৰ পিচত ছলমান খানৰ সৈতে ‘কিছি কা ভাই কিছি কি জান’ ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে শ্বেহনাজে । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক ‘থেংক ইউ ফৰ কমিং’ ছবিখনত অভিনেত্ৰী ভূমি পেডনেকাৰ, চিৰসেউজ অভিনেতা অনিল কাপুৰ আৰু কৰণ কুন্দ্ৰাৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা গৈছিল ।

লগতে পঢ়ক: Shehnaaz Gill hospitalized: হঠাৎ অসুস্থ শ্বেহনাজ গিল; লাইভযোগে অনুৰাগীক দিলে বতৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.