ETV Bharat / entertainment

৫৭ বছৰ বয়সতো নিজকে কেনেকৈ ফিট ৰাখিছে ভাইজানে ? নিজেই প্ৰকাশ কৰিলে ৰহস্য

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 5:00 PM IST

Salman Khan revealed secret behind his fitness at the age of 57
ছলমানৰ ফিটনেছৰ ৰহস্য ফাদিল

Salman Khan Fitness: গোৱাত অনুষ্ঠিত ভাৰতৰ ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাগিনীয়েক আলিজেহ অগ্নিহোত্ৰীৰ ছবি ফাৰেৰ প্ৰিমিয়াৰত অংশগ্ৰহণ কৰে ছলমান খানে ৷ ইয়াতেই নিজৰ ফিটনেছৰ আঁৰৰ ৰহস্যৰ কথা প্ৰকাশ কৰে ছলমানে।

চিটাৰা ডেস্ক, 22 নৱেম্বৰ: বলীউডৰ আইকন ছলমান খানৰ বয়স ৫৭ বছৰ ৷ কিন্তু আপুনি এটা কথা লক্ষ্য কৰিছে নে ? ৫৭ বছৰ বয়সতো নিজকে আচৰিত ধৰণে ফিট ৰাখিছে ছলমান খানে । কিন্তু কেনেকৈ নিজকে ইমান ফিট ৰাখিছে ছলমানে ? এই প্ৰশ্ন হয়তো সকলোৰে মনত নিশ্চিয় উদয় হয় ৷ নহয়নে ? দৰাচলতে সুস্থ জীৱনশৈলীৰ প্ৰতি দায়বদ্ধ ছলমান ৷ হয়, অভিনেতাগৰাকীয়ে এতিয়া নিজেই প্ৰকাশ কৰিছে নিজৰ ফিটনেছৰ আঁৰৰ ৰহস্য ৷ শেহতীয়াকৈ গোৱাত অনুষ্ঠিত ভাৰতৰ ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাগিনীয়েক আলিজেহ অগ্নিহোত্ৰীৰ আগন্তুক ছবি ফাৰেৰ প্ৰিমিয়াৰত এই কথা প্ৰকাশ কৰে ছুপাৰষ্টাৰগৰাকীয়ে ৷

ছলমানে প্ৰকাশ কৰিলে নিজৰ ফিটনেছৰ আঁৰৰ ৰহস্য

শেহতীয়াকৈ ফাৰে ছবিখনৰ প্ৰিমিয়াৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত যেতিয়া ছলমান খানক সোধা হৈছিল ডেকা আৰু ফিট হৈ থকাৰ আঁৰৰ ৰহস্য কি ? এই প্ৰশ্নৰ উত্তৰত ধেমেলীয়া সুৰত মন্তব্য কৰি ছুপাৰষ্টাৰগৰাকীয়ে কয়, "এয়া বৰ কঠিন । অতি কঠিন । প্ৰতি বছৰে মই দুটা বেয়া অভ্যাস এৰিব লাগে আৰু দুটা ভাল অভ্যাস গ্ৰহণ কৰিব লাগে । যিটো বৰ কঠিন ।"

ছলমান খানে ফাৰে ছবিখনৰ বিষয়েও সবিশেষ শ্বেয়াৰ কৰে ৷ ফাৰে ছবিখন পৰীক্ষাত পিতৃ-মাতৃৰ স্বীকৃতি লাভ কৰিবলৈ নকল কৰাৰ আশ্ৰয় লোৱা যুৱক-যুৱতীসকলৰ আধাৰত নিৰ্মিত কাহিনী বুলি কয় অভিনেতাগৰাকীয়ে । ছলমানে প্ৰকাশ কৰে যে পৰীক্ষাৰ সময়ত তেওঁ কেতিয়াও নকল কৰা নাই । তেওঁ লগতে কয়, "মই কেতিয়াও নকল কৰা নাছিলো, কিন্তু মোৰ চাৰিওফালে বহা শিক্ষাৰ্থীসকলে নকল ব্যৱহাৰ কৰিছিল ।"

ইয়াৰ উপৰিও ভাইজানে নিজৰ প্ৰজন্মক তুলনা কৰি ভাগিনীয়েক আলিজেহৰ বলীউডত আত্মপ্ৰকাশৰ কথা কয় । ছলমানে কয়, " কথাটো হ’ল আমি যেতিয়া আহিছিলো, কেতিয়া আহিছিলো, যেতিয়া শ্বাহৰুখ আহিছিল, যেতিয়া অজয়, আক্কি আহিছিল আৰু সেইবোৰ ছবি সকলো প্ৰজন্মৰ বাবে নিৰ্মাণ কৰা হৈছিল । এতিয়া আমি সকলো প্ৰজন্মৰ বাবে ছবি নিৰ্মাণ নকৰো ।"

লগতে পঢ়ক: গোৱাৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ ছলমান খানৰ, বিশেষ বৈঠকৰ ফটো শ্বেয়াৰ কৰিলে প্ৰমোদ সাৱন্তে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.