ETV Bharat / entertainment

গোৱাৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ ছলমান খানৰ, বিশেষ বৈঠকৰ ফটো শ্বেয়াৰ কৰিলে প্ৰমোদ সাৱন্তে

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 10:49 AM IST

Salman Khan met goa Chief Minister Dr Pramod Sawant
গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তক সাক্ষাৎ ছলমান খানৰ

গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তক সাক্ষাৎ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ । ছুপাৰষ্টাৰগৰাকীৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

চিটাৰা ডেস্ক, 22 নৱেম্বৰ: ভাগিনীয়েক আলিজেহ অগ্নিহোত্ৰীৰ প্ৰথম ছবি ‘ফাৰে’ৰ প্ৰচাৰৰ বাবে গোৱাত অনুষ্ঠিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মঙলবাৰে অংশগ্ৰহণ কৰিছিল ছলমান খানে । অহা ২৪ নৱেম্বৰত মুক্তি পাব আলিজেহ অগ্নিহোত্ৰীৰ অভিনীত ‘ফাৰে’ ছবিখন । এই ছবিখন পৰিচালনা কৰিছে সৌমেন্দ্ৰ পাধিয়ে । ইফালে, গোৱাৰ মুখ্যমন্ত্ৰী ড৹ প্ৰমোদ সাৱন্তকো সাক্ষাৎ কৰে ভাইজানে, এই সাক্ষাতকাৰৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে মু্খ্যমন্ত্ৰীয়ে ৷

গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে মঙলবাৰে সন্ধিয়া তেওঁৰ অফিচিয়েল এক্স একাউন্টত ছলমান খানৰ সৈতে তেওঁৰ ফটো শ্বেয়াৰ কৰিছে ৷ ফটো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেপচনত লিখিছে, "৫৪ তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ভাৰত উপলক্ষে পানাজীৰ মহালক্ষ্মীৰ, আলটিনহোত মেগাষ্টাৰ ছলমান খানক আতিথ্য দি আনন্দিত হৈছো ।"

প্ৰথমখন ছবিত মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে ছলমান খানৰ ডিঙিত চাদৰ পিন্ধোৱা পৰিলক্ষিত হৈছে, দ্বিতীয়খন ছবিত মুখ্যমন্ত্ৰীয়ে ছুপাৰষ্টাৰগৰাকীক ফুলৰ থোপা দি আদৰণি জনোৱা দেখা গৈছে । দুয়োকে কেমেৰাৰ সন্মুখত পোজ দিয়া দেখা গৈছে। ইফালে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)ৰ পৰা ছলমান খানৰ বহু ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । কিছুমান ভিডিঅ’ত, ভাইজানক ফাৰে ছবিখনৰ কাষ্টৰ সৈতে বহি থকা দেখা গৈছে ৷

উল্লেখ্য যে, বৰ্তমান ছলমানে শেহতীয়াকৈ মুক্তি পোৱা তেওঁৰ ছবি টাইগাৰ ৩ ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । বিশ্বজুৰি বক্স অফিচত ৪০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে ছবিখনে । ছবিখনত কেটৰিণা কাইফ, ইমৰাণ হাছমী, ৰিদ্ধি ডোগ্ৰা, বিশাল জেথৱাকে ধৰি বহু অভিনেতাই অভিনয় কৰিছে ।

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে কন্যাৰ সৈতে একেলগে পৰ্দাত দেখা যাব শ্বাহৰুখ খানক, জানুৱাৰীৰ পৰা আৰম্ভ হ’ব শ্বুটিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.