ETV Bharat / entertainment

প্ৰথমবাৰৰ বাবে কন্যাৰ সৈতে একেলগে পৰ্দাত দেখা যাব শ্বাহৰুখ খানক, জানুৱাৰীৰ পৰা আৰম্ভ হ’ব শ্বুটিং

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 4:01 PM IST

শ্বাহৰুখ খান আৰু সুহানা খানক প্ৰথমবাৰৰ বাবে এখন ছবিত দেখা যাব একেলগে । সুজয় ঘোষে পৰিচালনা কৰিব ছবিখন আৰু ২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব শ্বুটিং ।

http://10.10.50.90:6060///finaloutc/english-nle/finalout/21-November-2023/20075497_jj.jpg
শ্বাহৰুখ খান আৰু সুহানা খানক প্ৰথমবাৰৰ বাবে এখন ছবিত দেখা যাব একেলগে

চিটাৰা ডেস্ক, 21 নৱেম্বৰ: প্ৰথমবাৰৰ বাবে কন্যা সুহানা খানৰ সৈতে পৰ্দাত একেলগে দেখা যাব শ্বাহৰুখ খানক ৷ একচন ভৰ্তি থ্ৰিলাৰ ছবিখনত দেখা যাব পিতৃ-কন্যাৰ যুটি । সুজয় ঘোষৰ পৰিচালনাত ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ লগতে সিদ্ধাৰ্থ আনন্দৰ মাৰ্ফ্লিক্স এণ্টাৰটেইনমেণ্টৰ প্ৰযোজনাত নিৰ্মিত হ’ব ছবিখন । তথ্য অনুসৰি শ্বাহৰুখ খান আৰু সুহানা খানে জানুৱাৰী মাহত সুজয় ঘোষৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ শ্বুটিং আৰম্ভ কৰিব ।

শ্বাহৰুখ খান-সুহানাক একেলগে দেখা যাব কিং ছবিখনত

শ্বাহৰুখ খান আৰু সুহানা খানৰ পৰৱৰ্তী একচন থ্ৰিলাৰ ছবিখনৰ শিৰোনাম নাম হ’ল ‘কিং’ । শ্বাহৰুখ আৰু সুহানাৰ পিতৃ-কন্যাৰ আধাৰত নিৰ্মিত এই ছবিখনৰ কাম চলি আছে আৰু ২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা পূৰ্ণগতিত শ্বুটিং আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে ।

সুজয় ঘোষে কিঙক লৈ আৰম্ভ কৰিছে প্ৰস্তুতি

পাঠান ছবিখন শ্বুটিঙৰ জৰিয়তে সিদ্ধাৰ্থ আৰু শ্বাহৰুখ খানে এক ভাল বন্ধন গঢ়ি তুলিছিল আৰু কিঙৰ সৈতে ইয়াক আগুৱাই নিবলৈ সাজু হৈছে এই যুটিটো । সিদ্ধাৰ্থ আৰু তেওঁৰ দলটো একশ্যনৰ ডিজাইনত সক্ৰিয়ভাৱে জড়িত হ’ব । ইফালে কিঙৰ প্ৰি-প্ৰডাকচনত ব্যস্ত সুজয় আৰু এই একশ্যন থ্ৰিলাৰখনৰ চিত্ৰনাট্যও চূড়ান্ত কৰি আছে ।

২১ ডিচেম্বৰত মুক্তিৰ বাবে সাজু হৈছে কিং খানৰ ডাংকি

পাঠান আৰু জৱানত শ্বাহৰুখে কৰা একচনতকৈ কিঙৰ একচনৰ সোৱাদ বহুত বেলেগ হ’ব । ই অতি আকৰ্ষণীয় হ’ব । অৱশ্যে মূল কাহিনীটো যথেষ্ট আবেগিক হ’ব । ইফালে, ২১ ডিচেম্বৰত ৰাজকুমাৰ হিৰাণীৰ পৰিচালনাত নিৰ্মিত শ্বাহৰুখ খানৰ অভিনীত ‘ডাংকি’ ছবিখন মুক্তিৰ বাবে সাজু হৈছে । পাঠান আৰু জৱানৰ মেগা সফলতাৰ পিচত ২০২৩ চনত হেট্ৰিক কৰিবলৈ সাজু হৈছে শ্বাহৰুখ খানে । এতিয়া পাঠান আৰু জৱানৰ দৰে ডাংকি ছবিখনো বক্স অফিচত সফল হ’ব নে নাই সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: সিংহৰ দৰে গৰ্জন কৰিবলৈ আহি আছে বাজিৰাও সিংঘম, সিংঘম এগেইনৰ পৰা মুকলি অজয় দেৱগনৰ ফাৰ্ষ্ট লুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.