ETV Bharat / entertainment

ডেংগুৰ পৰা আৰোগ্য় হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ দৰ্শন দিলে ছলমান খানে

author img

By

Published : Oct 26, 2022, 11:21 AM IST

Salman Khan
ছলমান খান

ডেংগু ৰোগত আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে উপস্থিত হয় ছলমান খান । মঙলবাৰে নিশা আয়ুষ শৰ্মাৰ জন্মদিনত উপস্থিত থাকে চুপাৰষ্টাৰ গৰাকী (Salman Khan news) । শেহতীয়াকৈ ছলমান খানক এইদৰে দেখা পাই তেওঁৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে কিয়নো তেওঁলোকৰ প্ৰিয় তাৰকাগৰাকী সম্পূৰ্ণ ফিট আৰু ফাইন ৰূপত আছে ।

চিটাৰা ডেস্ক, 26 অক্টোবৰ : ডেংগু ৰোগত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে ছলমান খান । মঙলবাৰে ছলমানে আয়ুষ শৰ্মাৰ জন্মদিনৰ পাৰ্টীত গ্ৰেণ্ড এণ্ট্ৰি কৰে আৰু সচৰাচৰ দেখাৰ দৰেই তেওঁক পুনৰ ফৰ্মত দেখা পাই অনুৰাগীসকল আনন্দিত হৈছে ।

বিগত কেইটামান দিনত ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হোৱা খবৰ অনুসৰি যোৱা সপ্তাহত ছলমান ডেংগুত আক্ৰান্ত হৈছিল । এটা নিউজৱায়াৰৰ সূত্ৰই জনাইছিল যে ছলমানৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল সেয়েহে তেওঁ বিগ বছৰ পৰা কিছু সময়ৰ বিৰতি লৈছে । কিন্তু এই সূত্ৰটোৱে তেওঁৰ ডেংগু ধৰা পৰাৰ খবৰটো নিশ্চিত কৰা নাই (Salman Khan dengue)।

কিন্তু শেহতীয়াকৈ ছলমানৰ এইদৰে বাহিৰলৈ ওলাই অহাত তেওঁৰ অনুৰাগীসকল আনন্দিত হৈছে ৷ নিজৰ প্ৰিয় তাৰকাক সুস্থ সবল দেখি সকাহ পাইছে তেওঁলোকে । ছলমানৰ অনুপস্থিতিত বিগ বছৰ 16 সংখ্যক চিজনৰ ঘোষক হিচাপে কাম কৰিবলৈ আগবাঢ়িছে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ । বিগ বছৰ উপৰিও ছলমান তেওঁৰ ছবি Kisi Ka Bhai Kisi Ki Jaan ৰ শ্বুটিংতো ব্যস্ত আছিল ।

Salman Khan
ছলমান খান

ছবিখন 2023 চনৰ ঈদত মুক্তি পোৱাৰ কথা আছে । শ্বেহনাজ গীল আৰু পলক তিৱাৰীৱে এই ছবিখনেৰে বলীউডত আত্মপ্ৰকাশ কৰাৰ কথা ।

ছলমান খান ফিল্মছৰ দ্বাৰা নিৰ্মিত ছবিখনত ছলমান খানৰ ছবিৰ পৰা আশা কৰা সকলো উপাদান থাকিব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছে - এক্সন, কমেডী, নাটক, ৰোমাঞ্চ আৰু আৱেগ সকলো উপাদান ছবিখনত দৰ্শকে উপভোগ কৰিব পাৰিব । শেহতীয়াকৈ ছলমানেও ঘোষণা কৰিছে যে 2023 চনৰ দীপাৱলীত কেটৰিণাৰ সৈতে তেওঁৰ ছবি টাইগাৰ 3 মুক্তি পাব (Salman khan upcoming movies) ।

লগতে পঢ়ক : Amitabh Bachchan : ব্ৰিটেইনৰ প্ৰথম ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অমিতাভ বচ্চনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.